ঔটেঙাৰ আচাৰ কেনেকৈ বনাব লাগে !

অসমীয়া সমাজত ঔটেঙাৰ ভূমিকা কেনেকুৱা আমি সকলোৱে জানো। ঔটেঙাৰ আচাৰ খাবলৈ বহুত ভাল, সেই বাবেই ঔটেঙাৰ আচাৰ খায়। ঔটেঙাৰ আচাৰ বনোৱাটো একদম সহজ, এদিনতে এই আচাৰ বনাব পাৰি ! আহক তেনেহলে ঔটেঙাৰ আচাৰ কেনেকৈ বনাব লাগে সেই বিষয়ে আলোচনা কৰোঁ –

পকা ঔটেঙা, দুই-তিনি আঙুল দীঘল আৰু বহল কৰি কুটি, পানীত সিজাই ল’ব। সিজা ঔটেঙাখিনি পানীৰ পৰা টুকি, এখন ডলাত মেলি ৰ’দত দিব। ৩। ৪ নিয় ৰ’দত শুকুৱাব। ভালকৈ শুকালে এটা বটলত বা ‘বৈয়ামত’ ভৰাব। ঔটেঙাৰ লগতে কেইটামান কেঁচা বা পকা জলকীয়া দিব, আৰু আন্দাজ কৰি লোণ, হালধি আৰু মছলা দিব।

ঔটেঙাৰ আন্দাজ কৰি তেল গৰম কৰিব। তেল গৰম কৰোঁতে জুই কমবৈ দিব। বেছিকে জুই দিলে তেলত জুই লাগিব। তেল পকিলে অলপ মেথি গুটি, আৰ কেইখিলামান তেজপাত দিব। তাৰ পাছত তেলখিনি নমাই চেঁচা কৰিব। তেল চেঁচ হ’লে ঔটেঙাৰ ওপৰত ঢালি দিব। ঔটেঙাৰে সৈতে তেল ভালকৈ মিহলি হ’বৈ বটলটো ভালকৈ জোকৰি দিব। মাজে মাজে আচাৰখিনি ৰ’দাই থাকিব। এইদে অলপ যত্ন কৰি ৰাখিলে, ঔটেঙাৰ আচাৰ দুই-তিনি বছৰলৈকে খাব পাৰি।

CopyAMP code

Leave a Comment