কোনোবাই আপোনাক অপমান কৰিলে আপুনি কি কৰিব ?

আমাৰ জীৱনত কেতিয়াবা এনেকুৱা ঘটনাৰ সন্মুখিন হওঁ যি আমাক বহুত কষ্ট দিয়ে, আমাৰ আত্মবিশ্বাসক ভাঙি দিয়ে। বিশেষকৈ তেতিয়া যেতিয়া মানুহে আমাক অপমান কৰে। তেতিয়া আমি অকল এইটো ভাৱো যে ইয়াৰ প্রতিশোধ কেনেকৈ ল’ব পাৰি। কিন্তু গৌতম বুদ্ধ এই বিষয়ে কি কয় জানো আহক –

গৌতম বুদ্ধৰ এই গল্পটোৰ পৰা আপুনি জানিব পাৰিব যে, যদি আপোনাক কোনোবাই অপমান কৰে তেনেহলে আপুনি সেই সময়ত কি কৰিব। এই গল্পটোৰ পৰা আপুনি শিকিব পাৰিব যদি আপোনাক গালি দিয়ে বা বেয়া ব্যৱহাৰ কৰে, তাৰ পাছতো আপোনাৰ কোনো প্রভাৱ নপৰে।

এবাৰ গৌতম বুদ্ধ এটা গাঁৱৰ মাজেৰে গৈ আছিল, সেই গাঁৱৰ মানুহবোৰে গৌতম বুদ্ধক বেয়া পাইছিল, তেওঁক পছন্দ কৰা নাছিল। তাৰ পাছত গাঁৱৰ মানুহবোৰে গৌতম বুদ্ধক আবৰি ধৰে আৰু গালি দিবলৈ আৰাম্ভ কৰে। সেই গাঁৱৰ যিজন মুখীয়া জনেও গৌতম বুদ্ধক গালি দিবলৈ আৰাম্ভ কৰিলে। কিন্তু গৌতম বুদ্ধ এই সকলোবোৰ কথা শুনিও নুশুনাৰ বাও ধৰিলে। গৌতম বুদ্ধ অকল হাঁহিবলৈ ধৰে, সেই মুখীয়া গৌতম বুদ্ধক বহু সময় ধৰি গালি দি আছিল, কিন্তু সেই গালিয়ে গৌতম বুদ্ধৰ কোনো প্রভাৱ পৰা নাছিল। সেই বাবে সেই মুখীয়া জনে গালি দিয়া বন্দ কৰে।

তাৰ পাছত গৌতম বুদ্ধে কয় যদি তোমালোকৰ গালি দিয়া শেষ হৈ থাকে তেনেহলে মই ইয়াৰ পৰা যাব পাৰিম নে ? কাৰণ মোক সন্মুখৰ গাঁৱৰ আমন্ত্রণ আছে, সেই গাঁৱৰ মানুহবোৰে মোৰ বাবে অপেক্ষা কৰিছে। এই কথা শুনাৰ পাছত সেই মুখীয়া জনে কয়- আমি আপোনাক ইমান গানি দিলো, অপমান কৰিলোঁ, বেয়া ব্যৱহাৰ কৰিলোঁ কিন্তু আপুনি ইয়াৰ উত্তৰ নিদি হাঁহি আছে যে ? আমাৰ কথাত আপোনাৰ বেয়া লগা নাই নে ?

তাৰ পাছত গৌতম বুদ্ধ কয়- তোমালোকৰ আহিবলৈ অলপ দেৰি হৈছে। যদি আজিৰ পৰা ১০ বছৰ আগত তোমালোকে মোৰ সন্মুখত আহিলে তেনহলে হয়তো তোমালোকক কথা শুনি মোৰ বহুত বেছি বেয়া লাগিল হয়। কাৰণ ১০ বছৰ আগত মইও তোমালোকৰ দৰে আছিলো। সেই সময়ত যদি মোৰ লগত বেয়া ব্যৱহাৰ কৰিলে বা গালি দিলে মই বহুত খং কৰিছিলো। কিন্তু মই বহুত আগত আহিছো, এতিয়া মোৰ ভিতৰত খং, হিংসা, এইবোৰ নাই। এতিয়া মই সেই জাঘাত আহিছো, য’ত তোমালোকৰ গালি পৌছাব নোৱাৰে, তাৰ পাছত মুখীয়া জনে কয় – কিন্তু এইটো কেনেকৈ সম্ভৱ মই আপোনাক গালি দিছো, সমগ্র গাওঁৰ মানুহৰ সন্মুখত তাৰ পাছতো কিয় আপোনাৰ বেয়া লগা নাই ?

তাৰ পাছত গৌতম বুদ্ধে কয় – যোৱা কালি মই এটা গাওঁত গৈছিলো, আৰু সেই গাঁৱৰ সমগ্র মানুহবোৰে মোৰ কথা শুনে আৰু আনন্দিত হয়। আৰু সেই গাঁৱৰ মুখীয়া মোৰ বাবে মিঠাই লৈ আহে, আৰু সেই মিঠাই খোৱাৰ বাবে মোক অনুৰোধ কৰে, কিন্তু মই কওঁ মোৰ পেট ভর্তি আছে মই এই মিঠাই খাব নোৱাৰিম। এই কথা শুনাৰ পাছত মুখীয়া জনে সেই মিঠাই ঘূৰাই লৈ যায়, লগতে গৌতম বুদ্ধে কয়- যেতিয়ালৈকে মই কোনো বস্তু গ্রহণ নকৰিম তেতিয়ালৈকে মোক কেনেকৈ দিব। মোক যেতিয়া কোনোবাই কিবা এটা দিব, মই সেইটো লম নে নাই সেইটো মোৰ ওপৰত নির্ভৰ কৰিব।

তাৰ পাছত গৌতম বুদ্ধ মুখীয়া জনক শুধে – মই যেতিয়া মিঠাই লোৱা নাছিলো, সেই ব্যক্তি জনে মিঠাই কি কৰিছিল ? তাৰ পাছত মুখীয়াজনে কয় – মিঠাই খিনি ঘৰত লৈ গৈ ঘৰৰ মানুহবোৰক ভাগ বতৰা কৰি দিছে চাগে। তাৰ পাছত গৌতম বুদ্ধে কয় – তুমি ঠিকেই কৈছা, লগতে গৌতম বুদ্ধে কয় – সেই মিঠাই দৰে তুমি মোৰ বাবে গালি লৈ আহিছা, আৰু তুমি বিচৰা যে এইটো মই গ্রহণ কৰোঁ। কিন্তু মইতো এইতোঁ গ্রহণ নকৰো তেনেহলে এতিয়া তুমি কোৱা তুমি এইটো দি কি কৰিবা ? এই প্রশ্নৰ উত্তৰ সেই মুখীয়াজনৰ ওচৰত নাছিল।

তাৰ পাছত গৌতম বুদ্ধে কয় – খংতো মই তেতিয়াই কৰিম যেতিয়া মই এই কথা গালিবোৰ গ্রহণ কৰিম। গৌতম বুদ্ধৰ কথা শুনি মুখীয়াজনৰ লাজত পৰি যায়, তাৰ পাছত গৌতম বুদ্ধে কয় – মই দেখিবলৈ পাইছো গালি হৈছে এটা কাইটৰ দৰে, যিজনে গালি দিয়ে আৰু যিজনে গালি গ্রহণ কৰে তেওঁলোক দুয়ো সেই কাইটৰ দ্বাৰা ক্ষতিগ্রস্ত হয়। এতিয়া তুমি কোৱা ? মোৰ চকু থকালৈকে মই কাইটবোৰ কেনেকৈ গ্রহণ কৰিম ? সেই বাবে মোক ক্ষমা কৰি দিয়া মই তোমালোকৰ উপহাৰ গ্রহণ কৰিব নোৱাৰো। গৌতম বুদ্ধৰ কথা শুনি সেই মুখীয়াজনে লজ্জাত পৰি যায় আৰু চকুত পানী আহিবলৈ ধৰে, তাৰ পাছত গৌতম বুদ্ধৰ বঢ়িত ধৰে, আৰু ক্ষমা বিচাৰে।

আৰু পঢ়ক-

বন্ধু-বান্ধুৱী সকল বহুতেই ভাৱে যে আমাৰ দুখৰ কাৰণ বেলেগ মানুহ, কিন্তু বাস্তৱত এইটো অকল আমাৰ ওপৰত নির্ভৰ কৰিব বেলেগে বেয়া ব্যৱহাৰ বা গালি দিয়া আমি গ্রহণ কৰিম নে নকৰো, বেলেগৰ বেয়া কথা বা গালিবোৰ যদি গ্রহণ কৰো তেতিয়া নিজে নিজৰ ক্ষতি কৰা হ’ব। আৰু যদি আমি সেইবোৰ গ্রহণ নকৰো তেনেহলে আমাৰ জীৱনত কোনো ধৰণৰ প্রভাৱ পেলাব নোৱাৰে।

Leave a Comment