আপুনি নিশ্চয় বয়োজ্যেষ্ঠসকলে কোৱা শুনিছে যে গীতাত জীৱনৰ এটা সাৰাংশ আছে। শ্ৰীকৃষ্ণই মহাভাৰতৰ যুদ্ধত অৰ্জুনক কিছু উপদেশ দিছিল, যাৰ ফলত অৰ্জুনৰ বাবে সেই যুদ্ধ জয় কৰাটো সহজ হৈ পৰিছিল। গীতাৰ কিছুমান শিক্ষা আপোনাৰ জীৱনত অন্তৰ্ভুক্ত কৰিলে, আপুনিও নিজৰ লক্ষ্যত উপনীত হ’ব পাৰিব।
১. খং নিয়ন্ত্ৰণ কৰক – ‘খঙে বিভ্ৰান্তি সৃষ্টি কৰে। বিভ্ৰান্তিয়ে বুদ্ধিক বিচলিত কৰে। যেতিয়া বুদ্ধি বিঘ্নিত হয়, তেতিয়াই যুক্তি ধ্বংস হয়। আৰু যুক্তি ধ্বংস হোৱা মানেই লোকজনৰ পতন অনিবাৰ্য হৈ পৰে।
২. দৃষ্টিভংগী – ‘যি জ্ঞানী ব্যক্তিয়ে জ্ঞান আৰু কৰ্মক এক বুলি ভাবে, তেওঁৰ দৃষ্টিভংগী শুদ্ধ।
৩. মনৰ নিয়ন্ত্ৰণ – “যিসকলে নিজৰ মনটোক নিয়ন্ত্ৰণ নকৰে, তেওঁলোকৰ বাবে মনটোৱে শত্ৰুৰ দৰে কাম কৰে।
৪. নিজকে মূল্যাংকন কৰক – ‘অজ্ঞানতাৰ সন্দেহবোৰ আত্মজ্ঞানৰ তৰোৱালেৰে কাটি হৃদয়ৰ পৰা আঁতৰাই পেলাওক। শৃংখলাবদ্ধ হওক !
৫. নিজকে নিৰ্মাণ কৰক –“মানুহ নিজৰ বিশ্বাসৰ দ্বাৰা সৃষ্টি হৈছে। তেওঁ যি বিশ্বাস কৰে সেয়াই তেওঁ হৈ পৰে।
৬. অনুশীলন প্ৰয়োজনীয় –“মনটো অস্থিৰ আৰু নিয়ন্ত্ৰণ কৰাটো কঠিন, কিন্তু ইয়াক অনুশীলনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি।
৭. বিশ্বাসেৰে চিন্তা- ‘এজন ব্যক্তিয়ে যি বিচাৰে সেয়া হ’ব পাৰে, যদি তেওঁ নিৰন্তৰ আত্মবিশ্বাসেৰে আকাংক্ষিত বস্তুটোৰ বিষয়ে চিন্তা কৰে।