জ্যেষ্ঠ নাগৰিকৰ বাবে SBI লৈ আহিছে ভাল খবৰ

আপুনি হয়তো টকা উপাৰ্জন কৰি আছে কিন্তু কিমান টকা অপ্ৰয়োজনীয়ভাৱে খৰচ হৈছে। আমাৰ উপাৰ্জনৰ সামান্য অংশ যদি সঞ্চয় কৰিব পৰা যায়, তেন্তে কিছু সময়ৰ পিছত ডাঙৰ কাম এটা কৰাৰ সুযোগ আহি পৰে। নিয়মীয়াকৈ বেংকলৈ যোৱা বা বেংকৰ বিষয়ে কিছু জ্ঞান থকাসকলে ফিক্সড ডিপ’জিটৰ বিষয়ে জানিব লাগিব। বহুতে চেভিংছ একাউণ্টত ধন সঞ্চয় কৰাৰ পৰিৱৰ্তে ফিক্সড ডিপ’জিট কৰে।

যদিও সেই সময়ত ফিক্সড ডিপ’জিট উলিয়াব নোৱাৰি, তথাপিও ইয়াত বহুত সুত পোৱা যায়। আজিৰ প্ৰতিবেদনত ফিক্সড ডিপজিটৰ শেহতীয়া খবৰ, এছ বি আই অমৃত কালাশৰ বিষয়ে বিতং তথ্য সন্নিবিষ্ট কৰা হৈছে।

ভাৰতীয় ষ্টেট বেংকে খুচুৰা গ্ৰাহকৰ বাবে ‘অমৃত কলাছ’ বিশেষ ফিক্সড ডিপ’জিট আঁচনি সম্প্ৰসাৰণ কৰিছে। এছ বি আইৰ ৱেবছাইট অনুসৰি এই ৪০০ দিনৰ টাৰ্ম ডিপ’জিটে নিয়মীয়া গ্ৰাহকৰ বাবে ৭.১% আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে ৭.৬% সুতৰ হাৰ প্ৰদান কৰিব।

ফিক্সড ডিপ’জিট পলিচিত বিনিয়োগৰ অন্তিম তাৰিখ ২০২৩ চনৰ ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে এছ বি আইয়ে। প্ৰথম অৱস্থাত এই আঁচনিখন ৩০ জুনলৈকে বৈধ আছিল পিছত ১৫ আগষ্টলৈকে বৃদ্ধি কৰা হয়। বৰ্তমান এই আঁচনিখন ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে। বেংকটোৰ মতে, এছ বি আইয়ে ভিকেয়াৰ চিনিয়ৰ চিটিজেন এফ ডিত বিনিয়োগৰ সময়সীমা ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে।

লগতে বেংকৰ সূত্ৰ অনুসৰি এই আঁচনিৰ নূন্যতম বিনিয়োগৰ সময়সীমা ৫ বছৰ আৰু সৰ্বাধিক ১০ বছৰ। সেয়েহে এই আঁচনিসমূহত যোগদান কৰাৰ সোণালী সুযোগ আপোনাৰ হাতত আছে। প্ৰসংগক্ৰমে এই আঁচনিখনত যোগদান কৰিবলৈ আপুনি ওচৰৰ SBI শাখালৈ যাব পাৰে বা ইণ্টাৰনেট বেংকিং বা SBI YONO এপৰ জৰিয়তে আঁচনিখন সক্ৰিয় কৰিব পাৰে।

কিন্তু এইটো জনাটো ভাল যে SBI FD সুতৰ হাৰ হ’ল – বেংকে সাধাৰণ নাগৰিকৰ বাবে ৩%ৰ পৰা ৭%ৰ ভিতৰত সুতৰ হাৰ প্ৰদান কৰে, যদিহে ধনৰাশি ২ কোটিৰ তলত হয়। জ্যেষ্ঠ নাগৰিকে ৩.৫০%ৰ পৰা ৭.৫০% হাৰত সুত লাভ কৰিব।

Leave a Comment