ডিঙিত লাগি ধৰা মাছৰ কাইট উলিওৱাৰ ঘৰুৱা উপায়!

WhatsApp Follow

মাছ প্ৰায় মানুহৰ পচন্দৰ খাদ্য। বিশেষকৈ বেংগলী .সমাজত মাছ বিহীন ভাত খোৱাটো অসম্ভব কথা । কিন্তু কেতিয়াবা আমাৰ মাছ খাওঁতে ডিঙিত কাইট লাগি ধৰে । এনে অস্বস্তিকৰ পৰিস্থিতিৰ পৰা মুক্তি পাবলৈ আমি চিকৎসকৰ ওচৰলৈও যাব লগা হয় ।

আকৌ কেতিয়াবা ই ভয়ানক হৈ পৰিবও পাৰে । কিন্তু ঘৰুৱা পদ্ধতিৰেও আমি ডিঙিৰ পৰা মাছৰ কাইট উলিয়াব পাৰো । গতিকে আজি আমি আপোনালোকক সহজে ডিঙিৰ পৰা কেনেকৈ মাছৰ কাইট উলিয়াব পাৰি , সেইবিষয়ে অৱগত কৰিম ।

১. কাঁইটে ডিঙিত বিন্ধিলে ভাত সৰু সৰু গুটি কৰি গিলি পেলাওক। তাৰ পিছত পানী খাব। এই পদ্ধতি এবাৰে নহ’লে কেইবাবাৰো ব্যৱহাৰ কৰক। এইদৰে ভাত পানী খালে বেছিভাগ সময়তে কাঁইটবোৰ সৰি পৰে।

২. মাছৰ হাড় দ্ৰৱীভূত কৰাৰ ক্ষেত্ৰতো নিমখ আৰু নেমুৰ মিশ্ৰণ অতি ফলপ্ৰসূ। নেমু এটুকুৰা অলপ নিমখ মিহলাই নেমুটো চুহি খাব। নেমুৰ এচিডিটি আৰু নিমখৰ নিমখীয়াতা মিলি পাতল হৈ কাঁইটটো গলি যায়। ফলত ডিঙিৰ পৰা কাঁইটটো সহজে সৰি পৰিব।


আৰু পঢ়ক
>> ৫ বিধ খাদ্যক কোৱা হয় লিভাৰৰ বন্ধু, এই খাদ্য খালে লিভাৰ কেতিয়াও নহয় নষ্ট
>> কুন্দুলীৰ সেৱন কৰিলে এইসমূহ ৰোগ ভাল হয় !


৩. অলপ ভিনেগাৰ পানীৰ লগত মিহলাই দিলে ডিঙিৰ পৰা আবদ্ধ কাঁইটটো অতি সহজে নামি আহে। ভিনেগাৰে নেমু পাতৰ দৰেই কাম কৰে।

৪. কুহুমীয়া পানী অলপ নিমখ দি খালে ভাল। ই কাঁইটটো কোমল কৰি ডিঙিৰ পৰা সোনকালে সৰি পৰিব।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

Leave a Comment