ঠিক এমাহ পাছতেই আৰম্ভ হ’ব দূৰ্গা পুজা ৷ শাৰদীয় নৱৰাত্ৰি হিচাপে এই দিনকেইটাক অসম, পশ্চিমবংগকে ধৰি কেইবাখনো ৰাজ্যত পালন কৰা হয় ৷ নৱৰাত্ৰীৰ ৯ দিনত দেৱীৰ ৯টা ৰূপক ভিন্নৰূপত আৰাধনা কৰা হয়৷ অশুভ শক্তিৰ বিনাশকাৰী দেৱীৰ প্ৰভাৱ কেইটামান ৰাশিৰ ওপৰত বিশেষভাৱে থাকে ৷ দুৰ্গাপূজা আৰম্ভ হোৱাৰ আগতেই জানি লওক দুৰ্গাৰ প্ৰিয় ৰাশিৰ বিষয়ে –
১/ সিংহ ৰাশি
দুৰ্গাৰ আশীৰ্বাদ সকলো সময়তে থাকে সিংহ ৰাশিৰ জাতকসকলৰ ওপৰত৷ বিশেষকৈ শাৰদীয় দু্ৰ্গাপূজাৰ সময়ত দেৱীৰ বিশেষ কৃপা এই ৰাশিৰ জাতকে লাভ কৰে৷ দুৰ্গাৰ কৃপাত প্ৰচুৰ অৰ্থ লাভ কৰে এই ৰাশিৰ জাতকে৷ দুৰ্গাৰ কৃপাতেই পৰিয়ালত সুখ আৰু শান্তিও আহে সিংহ ৰাশিৰ জাতকৰ৷ প্ৰেমৰ সম্পৰ্কও মধুৰ হয়৷ কৰ্মক্ষেত্ৰত দেৱীৰ আশীৰ্বাদতে প্ৰচুৰ উন্নতি কৰাৰ সুযোগ পায় সিংহ ৰাশিৰ জাতকে৷
২/ মেষ ৰাশি
মেষ ৰাশিৰ জাতকসকল জন্মৰ পৰাই সৌভাগ্যশালী হয়৷ সাধাৰণতে তেওঁলোকে যি কামেই হাতত নলওক কিয় সফলতা লাভ কৰে৷ কাৰণ মা দুৰ্গাৰ আশীৰ্বাদ এইসকলৰ ওপৰত সকলো সময়তে থাকে৷ দুৰ্গাৰ আশীৰ্বাদতেই সকলো সময়তে বিলাসবহুল জীৱন কটাই মেষ ৰাশিৰ জাতকে৷ সন্তানৰ পৰাও সুখবৰ লাভ কৰে এই ৰাশিৰ জাতকে৷
৩/ বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকৰ ওপৰত সকলো সময়তে দুৰ্গাৰ আশীৰ্বাদ থাকে৷ দেৱীৰ কৃপাত জীৱনত প্ৰচুৰ উন্নতি কৰাৰ সুযোগ পাব৷ আৰ্থিক ভাৱে নানান দিশৰ পৰা লাভৱান হ’ব৷ সমাজত মান সন্মান আৰু প্ৰতিপত্তি লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷
আৰু পঢ়ক
>> ধন-সম্পত্তি আকর্ষিত কৰিবলৈ ঘৰৰ মূল দুৱাৰত এই বস্তুটো বান্ধক…
>> বুধবাৰে কৰক এই বিশেষ পাঠ, মা লক্ষ্মী কেতিয়াও ঘৰৰ পৰা ওলাই নাযাব
৪/ তুলা ৰাশি
দুৰ্গাৰ আশীৰ্বাদত সুখ আৰু সৌভাগ্য বৃদ্ধি পায় তুলা ৰাশিৰ জাতকৰ৷ কোনো আৰ্থিক কষ্টই কাবু কৰিব নোৱাৰে এই ৰাশিৰ জাতকক৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰাৰ যোগ আছে৷ দেৱীৰ দয়াত তুলা ৰাশিৰ জাতকৰ দাম্পত্য জীৱন সুখৰ হয়৷ কৰ্মক্ষেত্ৰত সহজে উন্নতি কৰে৷
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।
1 thought on “দুর্গা পূজাৰ পৰাই ভাগ্য খুলিব এই ৪ৰাশিৰ !”