নৱগ্ৰহৰ মাজত শনিয়ে সকলোতকৈ ধীৰ গতিত বিচৰণ কৰে৷ এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ যাওঁতে শনিক সময় লাগে প্ৰায় আঢ়ৈ বছৰ৷ জ্যোতিষ শাস্ত্ৰমতে শনিৰ গতিপথত সামান্য পৰিবৰ্তন আহিলেই একাধিক শুভ যোগ তৈয়াৰ হয়৷ পঞ্চমহাপুৰুষৰ ৰাজযোগৰ মাজত অন্যতম শ শ মহাপুৰুষ ৰাজযোগ নিৰ্মাণ কৰিছে শনিয়ে৷
বৰ্তমান কুম্ভ ৰাশিত শনিয়ে বক্ৰী অৱস্থাত বিচৰণ কৰিছে৷ এই সময়ত ত্ৰিকোণ ৰাজযোগ তৈয়াৰ হ’ব৷ ৪ নৱেম্বৰত মাৰ্গী অৰ্থাৎ নিজৰ পথত উভতি আহিব শনি৷ অৰ্থাৎ শনিৰ দুটা অতি শুভ যোগৰ প্ৰভাৱ পৰিব৷ কেন্দ্ৰত ত্ৰিকোণ আৰু শ শ ৰাজযোগৰ প্ৰভাৱত কোন কোন ৰাশিৰ জাতকৰ সময় ভাল চলিব?
সিংহ ৰাশি
শনিৰ আশীৰ্বাদত সিংহ ৰাশিৰ জাতকৰো দিন ভাললৈ আহিব৷ আপোনাৰ সুখ সুবিধা বৃদ্ধি হ’ব৷ এই সময়ত গাড়ী কিনাৰ শুভ সংযোগ৷ আইনী মামলাতো জয়ী হ’ব৷ চাকৰিত পদোন্নতিৰ যোগ৷ ফচি থকা ধন উভতাই পাব৷ দাম্পত্য জীৱনত সুখৰ হ’ব৷
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকৰ বাবে ত্ৰিকোণ আৰু ৰাজযোগে ইতিবাচক পৰিবৰ্তন আনিব৷ এই সময়ত লাভ অৰ্জনৰ বাবে একাধিক দুৱাৰ মুকলি হ’ব৷ চাকৰি আৰু ব্যৱসায়ত আৰ্থিক উন্নতি হ’ব৷ নতুন চাকৰি লাভৰ আশা৷ শনিয়ে এই ৰাশিৰ জাতকৰ সমস্ত মনোকামনা পূৰ্ণ কৰিব৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকৰ বাবেও এই সময় শুভ৷ এই সময়ত শনিৰ আশীৰ্বাদ পাব কুম্ভ ৰাশিৰ জাতকে৷ চাকৰি আৰু ব্যৱসায়ত উন্নতি হ’ব৷ কৰোবাত পাবলগীয়া ধন লাভ কৰিব৷ ভ্ৰমণৰ সম্ভাৱনা আছে৷ ভ্ৰমণৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আছে৷
আৰু পঢ়ক
>> ধন-সম্পত্তি আকর্ষিত কৰিবলৈ ঘৰৰ মূল দুৱাৰত এই বস্তুটো বান্ধক…
>> টোপনি যোৱাৰ সময়ত এই ৫ টা বস্তু মূৰৰ ওচৰত নাৰাখিব !
তুলা ৰাশি
শনিৰ ত্ৰিকোণ প্ৰভাৱ এই ৰাশিৰ বাবেও শুভ হ’ব৷ এই সময়ত আৰ্থিক উন্নতিৰ সুযোগ পাব তুলা ৰাশিৰ জাতকে৷ আপোনাৰ আৰ্থিক পৰিস্থিতিক মজবুত কৰাৰ যোগ৷ আনহাতে চাকৰিত পদোন্নতিৰো যোগ আছে৷ আপোনালোকে আকস্মিক ধন লাভ কৰিব পাৰে৷ ইয়াৰ ফলত আত্মবিশ্বাস বাঢ়িব৷
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।
1 thought on “দুটাকৈ ৰাজযোগ, বছৰযোৰা উন্নতি এই ৰাশিৰ, হাতলৈ আহিব অনাকাংশিত ধন”