নাৰীৰ প্রতি দুর্বলতা, বা কাম বাসনা কিদৰে নিয়ন্ত্রণ কৰি ৰাখিব !

এবাৰ জন শিষ্য গৌতম বুদ্ধৰ ওচৰলৈ আহি কৈছিল, হে প্রভু মোৰ মনত ইমান বেয়া চিন্তা কিয় আহে, মোৰ মনত সকলো সময়তে কাম বাসনা আহি থাকে আৰু সেই কথা ভাবি ভাবি মোৰ মূল্যৱান সময় আৰু শক্তি নষ্ট হৈ যায়। এই ভাৱনাৰ বাবে মই কেতিয়াও শান্ত থাকিব নোৱাৰো। প্রতি সময়ত মই বিপৰীত লিংগৰ প্রতি আকর্ষিত হৈ থাকো, দয়া কৰি মোক ইয়াৰ পৰা মুক্তিৰ উপায় দিয়ক ? কথাটো শুনি গৌতম বুদ্ধই হাঁহি মাৰি সুধিলে, তুমি জানা কাম বাসনা কি ? শিষ্যজনে উত্তৰ দিলে, মই নাজানো কাম বাসনা কি মাত্র বুজি পাইছো যে ই এটি বৰ বেয়া বস্তু।

গৌতম বুদ্ধই কৈছিল, হেৰা, তুমি প্রথমে এইটো বুজিবলৈ চেষ্টা কৰা যে প্রাকৃতিক ভাবে আমাৰ সৈতে যি আছে সেয়া কেতিয়াও বেয়া হ’ব নোৱাৰে, কাৰণ সেইটোৰো আমাৰ জীৱনত কিবা নহয় কিবা প্রয়োজন আছে, কাম বাসনা এনে এক চিন্তা যিয়ে আমাৰ কিবা নহয় কিবা অভাৱ অনুভৱ কৰাই আৰু সেই অভাৱ পূৰ্ণ কৰাৰ বাবে তাৰ প্ৰতি আকৰ্ষিত হৈ পৰো, যেনেদৰে এজন মানুহ যাৰ টকা নাথাকে তেওঁৰ টকাৰ প্ৰতি আকর্ষণ থাকে আৰু সেইটোৱেই টকাৰ প্ৰতি বাসনা আৰু বাসনা অন্য একো নহয়, বৰং বাসনাও অন্য একো নহয় আমাৰ মাজত লুকাই থকা এটি প্রয়োজন, আৰু যেতিয়া এই প্রয়োজন শাৰীৰিক হয় তাকেই আমি কাম বাসনা বুলি কওঁ। শিষ্যজনে কৈছিল, মই বুজি পালো প্রভু, আচলতে কাম বাসনা কি, আৰু এইটো ভিতৰৰ কৰ পৰা আহে, ই কেনেদৰে জাগ্ৰত হয় ? বুদ্ধই কৈছিল, কাম বাসনা অইন বস্তুৰ পৰা নাহে ই প্ৰাকৃতিক ভাৱে আমাৰ মাজতে থাকে, এইটো থকাটো আমাৰ বাবে প্ৰয়োজনীয় হয়, কাৰণ এইটোৱে হৈছে মানৱ জাতিৰ পৰৱৰ্তী প্রজন্ম সৃষ্টি হোৱাৰ মাধ্যম।

শিষ্যই পুনৰ সুধিছিল, আৰু যদি এই কাম বাসনা প্রাকৃতিক ভাবে থাকে তেন্তে মানুহে ইয়াক বেয়া বুলি কিয় কয় ? বুধৱদেৱে উত্তৰ দিছিল, এইটো এটি ডাঙৰ সমস্যা যে মানুহে কাম বাসনাক বেয়া বুলি কোৱা আৰম্ভণি কৰিছে, ইয়াক লুকাই ৰখাৰ চেষ্টা কৰিছে, এজন মানুহৰ মাজত কাম বাসনা থকা বেয়া একো নহয়, বৰং এই কাম বাসনাৰ প্ৰতি নিজৰ নিয়ন্ত্ৰণ নথকাটোহে বেয়া। সকলো সময়ত ইয়াকে ভাবি থাকা, ইয়াৰ বাবেই জীয়াই থাকা আৰু ইয়াক নিজৰ জীৱনৰ লক্ষ্য আৰু সর্বোচ্চ সুখ বুলি ভাবি লোৱাটোহে মূৰ্খামি আৰু ভুল। বুদ্ধই পুনৰ সুধিছিল, তোমাৰ কি ধাৰণা হয় অইন জীৱ সমূহৰ মাজত এই কাম বাসনা আছেনে নাই ? শিষ্যজনে উত্তৰ দিছিল, নিশ্চয় আছে কাৰণ প্ৰত্যেক জীৱই নিজৰ প্ৰজন্ম বঢ়াবলৈ হাবিয়াস কৰ । বুদ্ধই প্ৰশ্ন কৰিছিল, তেনেহলে আমি অইন প্ৰাণীৰ কাম বাসনাক কিয় বেয়া বুলি নকওঁ ? শিষ্যজনে উত্তৰ দিছিল, সেইটো মই নাজানোঁ প্ৰভু । বুদ্ধই উত্তৰ দিছিল, কাৰণ অইন জীৱই এই কাম বাসনাক কেৱল মাত্ৰ পৰৱৰ্তী প্ৰজন্মক সৃষ্টি কৰিবলৈকে ব্যৱহাৰ কৰে, ইয়াৰ পৰা সুখ লভিবৰ বাবে নহয়, কাৰণ অইন জীৱক এই প্ৰকৃতিয়ে ইমান চিন্তা শক্তি দিয়া নাই যে তওঁলোকে তেওঁলোকৰ কাম বাসনাক নিজৰ দহিক সুখৰ বাবে ব্যৱহাৰ কৰিব আনহাতে আমি মানুহ, আমি চিন্তা শক্তিক ব্যৱহাৰ কৰি প্ৰকৃতিৰ প্ৰত্যেক বৰদান সমূহৰ পৰা সুখ আৰু আনন্দ লবলৈ চেষ্টা কৰোঁ, আৰু মানুহে কাম বাসনাৰ সৈতেও এইটোৱে কৰিছে, আজি কাম বাসনাক মানুহে আনন্দৰ এটি মাধ্যম সাজি লৈছে, যি ভাৱনাক প্ৰকৃতিয়ে মানুহক মানৱ জাতিৰ কল্যাণৰ বাবে দিছে সেইটোকে বহু মানুহে জীৱনৰ লক্ষ্য বুলি লৈছে, ফলতে সেই মানুহে কাম বাসনাৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ হেৰাই পেলাইছে আৰু সেইটোৱেই কাম বাসনাক বেয়া বুলি অভিহিত কৰাৰ ঘাই কাৰণ।

কথা শুনি শিষ্যজনে ক’লে, কিন্তু কাম বাসনা ইমান বেছিকৈ মনৰ মাজত কিয় আহে ? বুদ্ধই কৈছিল, আমাৰ মাজত কাম বাসনা নিয়ন্ত্রণ নথকাৰ চাৰিটা ডাঙৰ কাৰণ আছে, সেইসমূহৰ প্ৰথমটি হৈছে জীৱনৰ কোনো স্পষ্ট লক্ষ্য নথকা, যেতিয়াই কোনো মানুহ কোনো কামত ব্যস্ত থাকে তেতিয়া মানুহৰ মগজুত কোনো বেয়া চিন্তা নাহে কিয়নো মগজুৱে এবাৰত মাত্ৰ এটা চিন্তা কৰিব পাৰে সেইকাৰণে যেতিয়া মানুহে জীৱনত কিবা এটা লক্ষ্য লৈ আগবাঢ়ে তেতিয়া মনত কোনো কুচিন্তাই বাঁহ ল’ব নোৱাৰে । তাৰ পিছত বুদ্ধই কৈছিল যে সমাজে এই কাম বাসনাক লুকাই ৰখাটোৱে হৈছে কাম বাসনা নিয়ন্ত্ৰণ নথকাৰ দ্বিতীয়টো কাৰণ কিয়নো লুকাই ৰখা বস্তু আৰু বিষয়ৰ প্রতি মানুহৰ এটি ভিন্ন কৌতুহল থাকে যাৰ ফলতে মানুহে জানি হওঁক বা নাজানিয়ে কাম বাসনাৰ প্ৰতি আকৰ্ষিত হৈ থাকে । তাৰ পিছত গৌতম বুদ্ধই সুধিছিল, যদি মই তোমাক আমৰ বিষয়ে চিন্তা কৰিবলৈ বাধা দিওঁ তেতিয়া তোমাৰ মনত কিহৰ ছবি আহিব ? শিষ্যজনে কৈছিল, প্রথমে মোৰ মনত আমৰ ছবিয়ে আহিছে। তেতিয়াই বুদ্ধই কৈছিল যে সমাজে যিমানে কাম বাসনাক চেপি ৰখাৰ চেষ্টা কৰিব সিমানে বেছি বেছিকৈ কাম বাসনাই মনলৈ আহি থাকিব। তাৰ পাছত বুদ্ধই কাম বাসনাৰ প্ৰতি নিয়ন্ত্ৰণ নথকাৰ তৃতীয় কাৰণতো কৈছিল যে মানুহে নিজৰ চিন্তা ধাৰাক বিশ্লেষণ নকৰাটি বুলি। মানুহৰ মনত কি চিন্তা আহি আছে সেয়া বহু মানুহে ভালদৰে মনোযোগ নিদিয়ে যাৰ ফলত তেওঁলোকৰ মনত এটাৰ পিছত এটা বেয়া চিন্তা আহি থাকে ।

আৰু পঢ়ক…

তাৰ পিছত বুদ্ধই কৈছিল যে এই কাম বাসনা য়ন্ত্ৰণত নথকাৰ তৃতীয় কাৰণ, যে যি লোকে সকলো সময়তে কাম বাসনাত লিপ্ত থকা লোকৰ সৈতে বন্ধুত্ব ৰাখে তেনে লোকে কাম বাসনাক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। শিষ্য জনে উত্তৰ দিছিল, হে প্রভু এইটো মই নিজে অনুভৱ কৰিছো আৰু বুজি পাইছোঁ, মাত্ৰ আপুনি মোক এইটো নিয়ন্ত্ৰণ কৰি ৰখাৰ কিছু পৰামৰ্শ দিয়ক । বুদ্ধই কৈছিল, এই কাম বাসনাৰ শক্তিক বান্ধি ৰাখিব নোৱাৰি মাত্র এই শক্তিক দুটা উপায়েৰে ৰূপান্তৰ কৰিব পাৰি, প্রথমে হৈছে প্ৰেম আৰু দ্বিতীয়তে ধ্যানৰ দ্বাৰা, যেতিয়া আমাৰ কাৰোবাৰ সৈতে সঁচা ভালপোৱা থাকে তেতিয়া এই কাম বাসনা আনন্দ আৰু সুখলৈ ৰূপান্তৰ হৈ যাব কিন্ত বেছিভাগ লোকে আজি শাৰীৰিক আকৰ্ষণকে প্ৰেম বুলি ভুলকৈ ধাৰণা কৰে, আৰু যদি তুমি ধ্যান কৰা তেন্তে তোমাৰ ভিতৰত থকা এই কাম বাসনাৰ শক্তিক তুমি নিয়ন্ত্ৰণত ৰাখিব পাৰিবা।

তাৰ পিছত শিষ্য জনে কৈছিল, মই ধ্যান কেনেদৰে কৰিম। বুদ্ধই কৈছিল, প্রথমে তুমি নিজৰ লগতে অকলে থকাৰ অভ্যাস গঢ়ি লোৱা তেতিয়াই তুমি তোমাৰ জীৱনতোক বুজি পাবা, তোমাৰ এই পৃথিৱীৰ উদ্দেশ্য আৰু বিধেয় কি বুজি উঠিবা আৰু তেতিয়াই কাম বাসনাৰ দৰে সৰু কথাই তোমাক ঢুকিয়ে নাপাব। কথাবোৰ ভাল লাগিলে আনে জানিবৰ বাবে বিলাই দিব।

Leave a Comment