পুৰুষে পৰকীয়া প্ৰেম কিয় কৰে ? পৰকীয়া প্ৰেমক কেনেকৈ বাধা দিব !

প্ৰেমক অন্ধ বুলি কোৱা হয় ৷ যৌৱন প্ৰাপ্তিৰ লগে লগে সাধাৰণতে সকলো মানুহৰ জীৱনত প্ৰেমৰ অনুভূতি জাগ্ৰত হয় ৷ সেই অনুভূতি জাগ্ৰত হোৱাৰ লগে লগে সকলো মানুহে নিজৰ পচন্দৰ মতে সংগী সন্ধান কৰিবলৈ আৰম্ভ কৰে ৷ আৰু এনেকৈয়ে মানুহৰ জীৱনলৈ প্ৰেম আহে ৷ এয়া মানুহৰ জীৱনৰ নিতান্তই স্বাভাৱিক এক প্ৰক্ৰিয়া ৷

মানুহৰ জীৱনৰ স্বাভাৱিক প্ৰক্ৰিয়াৰ মাজতে কিছুমান মানুহ পৰকীয়া প্ৰেমতো পৰা দেখা যায় ৷ মধ্যবয়সত অৰ্থাৎ বিবাহিত জীৱনৰ পিছত বা বিশেষকৈ পত্নী থকাৰ পিছতো কোনো লোকে তৃতীয় ব্যক্তিৰ সৈতেও প্ৰেমত পৰা দেখা যায় ৷ কিয় পৰকীয়া প্ৰেম হয় জানেনে ? আজি সেই সকলো কথাৰ উত্তৰ এই লিখনীৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম, সেই বাবে সম্পূর্ণ পঢ়িব…

আগৰ অভ্যাস, বিয়াৰ আগতেও যিসকল পুৰুষে প্রেম কৰে বা বহু ছোৱালীৰ লগত বন্ধুত্ব থাকে তেনে পুৰুষ পৰকীয়া প্ৰেম কৰাটো স্বাভাৱিক ।

মানুসিক সমস্যা, মানুসিক সমস্যাৰ বাবেও মানুহে পুৰুষে পৰকীয়া প্ৰেম কৰা দেখা যায়, যাৰ মাজত বাইপোলাৰ মুড ডিজঅর্ডাৰ আছে, তেওঁলোকক পৰকীয়া প্ৰেমত পৰা দেখা । তেওঁলোকে কোনো কিছুৰ পৰা সান্তি অনুভৱ নকৰে ।

পত্নী দূৰত গ’লে, পত্নী দূৰত থাকিলেওঁ এই সমস্যা দেখা দিব পাৰে, এজন পুৰুষ যেতিয়া অকলশৰীয়া হয় তেনে ক্ষেত্রত পৰকীয়া প্ৰেম কৰা দেখা যায় । সেই বাবে আপোনাৰ সংগীক কেতিয়াওঁ অকলশৰী নকৰিব ।

আৰু পঢ়ক-

ইচ্ছা পূৰণ, কিছুমান পুৰুষে ইচ্ছা পূৰণ কৰে পৰকীয়া প্ৰেম কৰি, তেওঁলোকক হয়তো বিয়াৰ আগতে সংসাৰৰ দায়িক্তৰ বাবে প্রেম কৰাৰ সময় পোৱা নাই । তেওঁলোকৰ হয়তো ইচ্ছা আছিল প্রেম কৰাৰ তেনে ক্ষেত্রতেও পৰকীয়া প্ৰেম কৰা দেখা যায় ।

Leave a Comment