ফেচা ঘৰত সোমালে কি হয় ? শুভ নে অশুভ | Assamese Facts

ৰাশিফল পাবলৈ Follow কৰক Follow

(Assamese Facts) ফেচা হৈছে মা লক্ষ্মীৰ বাহন,  ফেচাক বহুতেই শুভ আৰু বহুতেই অশুভ বুলি কয়।  কিন্তু আজি আমি আলোচনা কৰিম ফেচা ঘৰত সোমালে কি হয় ফেচা ঘৰত সোমোৱাটো শুভ নে অশুভ জানিবলৈ সম্পূর্ণ পঢ়িব।

What happens when an owl enters the house ফেচা হৈছে নিশাচৰ প্রাণী গোটেই ৰাতিটো জাগি দিনটোত শুই থাকে।  সাধাৰণতে ফেচাৰ মাতটো এনেকুৱা হয় যে ৰাতিৰ সময়ত ফেচা দেখিলে সকলোৱে ভয় কৰে।  সেই বাবে মানুহে ফেচাক দেখিলে অশুভ বুলি গণ্য কৰে।  ফেচাৰ মুখেৰে ওলোৱা শব্দয় ৰাতিৰ শান্ত বাতাৱৰনক ভয়ানক কৰি তোলে,  আহক তেনেহলে আলোচনা কৰোঁ ফেচা ঘৰত সোমালে কি হয়…

১. যদি কোনো গর্ভৱতী মহিলাই ফেচা দেখে তেনেহলে এইটো শুভ সংকেত হয়,  আৰু যদি সেই মহিলা গৰাকীক ফেচাই চুই যায় তেনেহলে তেওঁৰ হবলগা সন্তান বহুত ভাগ্যশালী হয়।

২. যদি কোনোবা ৰোগীক ফেচাই চুই যায়,   তেনেহলে তেওঁৰ গম্ভীৰ ৰোগও ঠিক হৈ যায়।

৩. পৰিক্ষা দিবলৈ যাওতে যদি ফেচা দেখা পায় তেনেহলে এইটো বহুত শুভ হয়।

৪. ৰাতিপুৱা যদি ফেচা দেখা পায় বা ফেচাৰ মাত শুনা যায় তেনেহলে এইটো ধন সম্পতি আগমনৰ সংকেত হয়।

৫. ফেচাৰ চকুত চকু থব পাৰিলে অত্যন্ত শুভ মানা হয়, ফেচাই যদি বাওফালে চাই চিঞৰে তেনেহলে অশুভ মানা হয়।  আৰু যদি সোফালে চাই চিঞৰে তেনেহলে শুভ মানা হয়।

৬. যদি কোনো ঘৰত প্রায়ে ফেচা সোমাই থাকে আৰু কান্দি থাকে তেনেহলে এইটোক অশুভ মানা হয়। সেইখন ঘৰত ধনহানি হ’ব পাৰে।

৭. ফেচাক ৰাতিপুৱা গছৰ ওপৰত পূব দিষত বহি থকা দেখিলে এইটোক শুভ মানা হয়।

৮. ৰাতিপুৱা বিছনাৰ ওপৰত ফেচা বহি থকা দেখিলে বিবাহৰ সংকেত বুলি মানা হয়।

আৰু পঢ়ক-

৯. সপোনত যদি ফেচা নিজৰ ওচৰত অহা দেখে তেনেহলে এইটোক শুভ বুলি মানা হয়।

১০. ফেচাক যদি আপুনি আপোনাৰ সন্মুখত খানা খোৱা  দেখে তেনেহলে এইটোক শুভ বুলি মানা হয়।

5 thoughts on “ফেচা ঘৰত সোমালে কি হয় ? শুভ নে অশুভ | Assamese Facts”

  1. বহুত সুন্দৰ — ফেচাৰ বিষয়ে ইমান বহলাই লিখাৰ বাবে ….

    Reply

Leave a Comment