মই বেশ্যা হলোঁ…! চহৰ খনৰ আটাইতকৈ দুৰ্গন্ধ গলিত মোৰ সপোন গলি থাকে……!
ঐ ৰেন্দি কিমান টকা লাগিব……?
এটা অশ্লীল চাৱনিৰে সেইসকলে চিঞঁৰি মাতে,যি সকল দিনত ভদ্ৰ অথচ ৰাতি অভদ্ৰ..! আমাৰ দেহৰ মাপ জুখি-জুখি তেওঁলোক তৃপ্ত..কোনোদিনেই জুখি নাচালে মনৰ ভূগোল…নুসুধিলে এবাৰো আপোনাৰ মা এতিয়াওঁ জীয়াই আছেনে……?
আমিওঁ বুকুত কঢ়িয়াই ফুৰো জানা একোখন স্বপ্নাতোৰ ৰঙীন আইনা..চাব খোজো নিজক ধুনীয়াকৈ..কিন্তু আমাৰ বুকুত প্ৰতিদিনেই যে জ্বলি থাকে একোখন শ্মশান..……!
আমাক সমাজৰ আটাইতকৈ ঘৃণনীয় বুলি ভৱা মানুহবোৰেই বিচাৰে দিবাৰাত্ৰিৰ শয়নকক্ষত আমাৰ কোমল স্পৰ্শ…!অথচ তেওঁলোক ভাল মানুহৰ সন্তান আৰু আমি….?
কোনো নাৰীয়েই নিজৰ যৌৱনক জ্বলাই এন্ধাৰ গলিত বেশ্যাৰ জীৱন যাপন নকৰে জানা..!
আকাশ চুব খোজা ছোৱালীজনীয়ে কাৰ কু-চক্ৰৰ ছলনাত আজি সপোনবোৰ বন্ধকত থলে…?
ডাক্তৰহৈ দুখীয়া ৰোগীক চাম বুলি জীৱনৰ লক্ষ্য লিখা ছোৱালীজনীক কোনে ঠগি আজি জীৱন নৰকত দিলে…?
বেশ্যা হোৱাৰো কাহিনী থাকে…!থাকে আধা লিখা গল্পৰ দৰে প্লট !
বিদ্র=এটা সঁচা কথা কওঁ-দুৰ্নীতি ঠগ প্ৰৱঞ্চনা কৰি খোৱা জীৱনতকৈ আমাৰ বেশ্যা জীৱনেই ভাল………!
লিখনিটো ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰিব..
✍️ জোন জোনাক