ডাকঘৰৰ জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি, ভাৰতৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এক জনপ্ৰিয় আৰু নিৰাপদ বিনিয়োগৰ বিকল্প। ই অৱসৰৰ পিছত আয়ৰ নিয়মীয়া উৎস প্ৰদান কৰে। এই আঁচনিখন কেনেকৈ কাম কৰে আৰু ইয়াত আপুনি কেনেকৈ বিনিয়োগ কৰিব পাৰে সেই বিষয়ে বুজিবলৈ এইটো ভিডিওত সহজ বাবে বুজোৱা হৈছে !
জ্যেষ্ঠ নাগৰিক আঁচনি কি ?
জ্যেষ্ঠ নাগৰিকৰ আঁচনি হৈছে চৰকাৰী সমৰ্থিত সঞ্চয় আঁচনি, বিশেষভাৱে জ্যেষ্ঠ নাগৰিকৰ বাবে ডিজাইন কৰা হৈছে । ইয়াৰ দ্বাৰা ৬০ বছৰ আৰু তাতকৈ অধিক বয়সৰ ব্যক্তিক নিৰ্দিষ্ট আয়ৰ ব্যৱস্থা কৰা হয়।
এই আঁচনিখনে বছৰি ৮.২% সুতৰ হাৰ প্ৰদান কৰে, যিটো সাধাৰণতে ফিক্সড ডিপ’জিটৰ দৰে অন্যান্য গতানুগতিক সঞ্চয় বিকল্পতকৈ অধিক। প্ৰতি তিনিমাহৰ মূৰে মূৰে সুত দিয়া হয়, যাৰ বাবে নিয়মীয়া আয়ৰ প্ৰয়োজন হোৱাসকলৰ বাবে ই এক উত্তম বিকল্প।
জ্যেষ্ঠ নাগৰিক আঁচনিত বিনিয়োগ কৰিবলৈ আপোনাৰ যোগ্যতা !
- বয়সঃ এই আঁচনিখনত বিনিয়োগ কৰিবলৈ হ’লে ৬০ বছৰ বা তাতকৈ অধিক হ’ব লাগিব।
- অৱসৰপ্ৰাপ্ত (৫৫-৬০ বছৰ): যদি আপুনি অৱসৰপ্ৰাপ্ত বা স্বেচ্ছাই অৱসৰপ্ৰাপ্ত হয় তেন্তে ৫৫ৰ পৰা ৬০ বছৰৰ ভিতৰতে আবেদন কৰিব পাৰে।
- প্ৰতিৰক্ষা কৰ্মী: প্ৰতিৰক্ষা কৰ্মীয়ে ৫০ বছৰ বয়সৰ পৰাই জ্যেষ্ঠ নাগৰিক আঁচনিত বিনিয়োগ কৰিব পাৰে।
- যৌথ একাউণ্ট: আপুনিও আপোনাৰ পত্নীৰ সৈতে যৌথ একাউণ্ট খুলিব পাৰে, যাতে দুয়োজনে আঁচনিৰ দ্বাৰা উপকৃত হ’ব পাৰে।
জ্যেষ্ঠ নাগৰিক আঁচনিৰ সুবিধাসমূহ
- সুতৰ হাৰঃ এই আঁচনিখনে বছৰি ৮.২% সুতৰ হাৰ প্ৰদান কৰে, যিটো ত্ৰিমাসিকভাৱে প্ৰদান কৰিব লাগে।
- নিৰাপদ বিনিয়োগ: জ্যেষ্ঠ নাগৰিক আঁচনি হৈছে চৰকাৰী সমৰ্থিত আঁচনি, যিয়ে আপোনাৰ ধনৰ সুৰক্ষা নিশ্চিত কৰে।
- কৰ সুবিধাঃ ১.৫ লাখ টকা পৰ্যন্ত বিনিয়োগৰ বাবে আয়কৰ আইনৰ ধাৰা ৮০চিৰ অধীনত কৰ ৰেহাই দাবী কৰিব পাৰিব।
- TDS: এবছৰত উপাৰ্জন (জ্যেষ্ঠ নাগৰিকৰ বাবে সুত) ৫০,০০০ টকা (অন্যৰ বাবে ৪০,০০০ টকা) অতিক্ৰম কৰিলেহে TDS কৰ্তন কৰা হ’ব।
- কাৰ্যকালঃ আঁচনিখনৰ কাৰ্যকাল ৫ বছৰ, কিন্তু প্ৰাৰম্ভিক সময়সীমাৰ পিছত আৰু ৩ বছৰলৈ বৃদ্ধি কৰিব পাৰে।
কিমান উপাৰ্জন কৰিব পাৰিব ?
- ৩০ লাখ টকাৰ বিনিয়োগঃ প্ৰতিমাহে প্ৰায় ২০,৫০০ টকা (বছৰত ২.৪৬ লাখ টকা) উপাৰ্জন কৰিব পাৰিব।
- ১০ লাখ টকাৰ বিনিয়োগঃ আপুনি প্ৰতিমাহে প্ৰায় ৬,৮০০ টকা (বছৰত ৮১,৬০০ টকা) পাব।
- ৫ লাখ টকাৰ বিনিয়োগঃ আপুনি প্ৰতিমাহে প্ৰায় ৩৪০০ টকা (বছৰ ৪০,৮০০ টকা) পাব।
জ্যেষ্ঠ নাগৰিক আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব ?
জ্যেষ্ঠ নাগৰিক আঁচনিৰ বাবে আবেদন কৰিবলৈ আপোনাৰ ওচৰৰ ডাকঘৰলৈ গৈ আবেদন পত্ৰ পূৰণ কৰিব পাৰিব। প্ৰক্ৰিয়াটো সহজ। আবেদন কৰিবলৈ আপুনি পৰিচয়ৰ প্ৰমাণ, বয়সৰ প্ৰমাণ আৰু ঠিকনাৰ প্ৰমাণ দিব লাগিব।