মা লক্ষ্মীৰ কৃপা আহিবলৈ মানিবেগত ৰাখক এই বস্তু | Assamese Vastu Tips

WhatsApp Follow

(Assamese Vastu Tips) পৃথিৱীত হয়তো এনেকুৱা এজনো নাপাব যিজনে ধন-সম্পত্তি নিবিচাৰে, প্রায় মানুহে এইটোয়ে বিচাৰে যে তাৰ ওচৰত বহুত টকা-পইচা ধন-সম্পত্তি থাকক ! যাতে তেওঁ গোটেই জীৱন সুখ-সান্তিৰে অতিবাহিত কৰিব পাৰে । বহু মানুহ আছে যিয়ে জীৱনত বহুত কষ্ট কৰে তাৰ পাছতো আর্থিক বাবে সুখী নহয়, আৰু কিছুমান মানুহ আছে বেয়া পথেৰে অতি সোনকালে ধন ঘটিব পাৰে । আৰু কিছুমান মানুহ আছে টকা হাতত আহে কিন্তু বেছি সয়ম নাথাকে । বস্তুশাস্ত্ৰৰ মতে যদি তলৰ এই বস্তুবোৰ আপোনাৰ মানিবেগত ৰাখে তেনেহলে আপোনাৰ ধনৰ কেতিয়াও অভাৱ নহয়, আপোনাৰ মানিবেগ কেতিয়াও খালি নাথাকে ! বস্তু সমূহ কি জানিবলৈ সম্পূর্ণ পঢ়ক –

মা লক্ষ্মীৰ ফটো, মা লক্ষ্মীয়ে ধন সম্পৰ্কীয় সকলো সমস্যাৰ সমাধান কৰি দিয়ে । লক্ষ্মী মাৰ ফটো যদি আপোনাৰ মনিবেগত থাকে তেন্তে আপোনাৰ ধনৰ অভাৱ ক্ৰমান্নয়ে নোহোৱা হৈ পৰিব । কিন্তু মা লক্ষ্মীৰ বহি থকা মুদ্ৰাৰ ফটোহে আপোনাৰ মনিবেগত ৰাখিব ।

মা-দেউতা অথবা বয়োজ্যেষ্ঠ জনৰ পৰা আশীৰ্বাদ ৰূপে পোৱা টকা এই টকাত হালধিৰে ফুট দি মনিবেগত থব লাগে । ইয়াৰ দ্বাৰা আপোনাৰ ধনৰ বৃদ্ধি হ’ব ।

ৰূপৰ পইচা, যদি আপোনাৰ হাতত ৰূপৰ পইচা আছে তেন্তে ইয়াক মনিবেগত থব পাৰে । এই উপায়তো কৰিলেও ধন লাভ হয় । সোন অথবা ৰূপৰ পইচা মনিবেগত ৰাখিলে মা লক্ষ্মী প্ৰসন্ন হয় আৰু ধন বৰ্ষাই । কিন্তু মনত ৰাখিব সোন অথবা ৰূপৰ পইচা মনিবেগত থোৱাৰ আগত প্ৰথমে ঘৰৰ মন্দিৰত থকা ভগৱানৰ চৰণত যাতে থৈ লয় ।

আইনাৰ টুকুৰা অথবা সৰু চুৰি, জ্যোতিষ শাস্ত্ৰৰ মতে মনিবেগত সৰু এটুকুৰা আইনা অথবা চুৰি এখন থৈ দিব লাগে । এনে কৰিলেও ধন প্ৰাপ্তি হয় । ইয়াৰ উপৰিও আপুনি গৌৰী অথবা গুমতি চক্ৰও ৰাখিব পাৰে ।

আৰু পঢ়ক-

চাউল, শাস্ত্ৰত ধন আৰু ধানক একে সমান বুলি কোৱা হৈছে । সেইবাবে মনিবেগত চাউল থোৱা মহত্বপূৰ্ণ । যদি আপুনি মনিবেগত অলপ চাউল থৈ দিয়ে তেন্তে আপোনাৰ অলাগতিয়াল খৰছ কম হ’ব পাৰে

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। JibonorShongram.in এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে, ধন্যবাদ।

2 thoughts on “মা লক্ষ্মীৰ কৃপা আহিবলৈ মানিবেগত ৰাখক এই বস্তু | Assamese Vastu Tips”

Leave a Comment