সম্পৰ্ক ধৰি ৰাখিবলৈ কেতিয়াও নিজৰ আত্মসন্মান নষ্ট নকৰিব, সম্পূর্ণ পঢ়িব –

সম্পৰ্ক ধৰি ৰাখিবলৈ কেতিয়াও নিজৰ আত্মসন্মান নষ্ট নকৰিব,,,যিকোনো সম্পৰ্ক নহওঁক কিয় সেয়া বন্ধুত্বই হওঁক বা ভালপোৱাৰে হওঁক, কিন্তু সেই সম্পৰ্কক জোৰ কৰি ধৰি ৰাখিবলৈ কেতিয়াও নিজৰ আত্মসন্মান নষ্ট নকৰিব। কাৰণ যেতিয়া নিজৰ আত্মসন্মান বস্তুটো হেৰাই যায় তেতিয়া জীৱনৰ সৰ্বোচ্চ হেৰাই যায়।

আচলতে যিজন মানুহে আপোনাৰ লগত বন্ধুত্ব বা সম্পৰ্ক ধৰি ৰখাৰ ইচ্ছা আছে তেওঁ আপোনাক সন্মান কৰিব, গুৰুত্ব দিব, ভালপাব, বিশ্বাস কৰিব, সময় দিব আৰু সেইজনে কেতিয়াও আপোনাৰ পৰা দূৰত আঁতৰি নাযায়। সেইজনে সদায় আপোনাৰ লগতে থাকিব। কিন্তু যিজনে আপোনাৰ লগত সম্পৰ্ক ধৰি ৰখাৰ ইচ্ছা নাই বা আপোনাৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰিছে, তেওঁক হাজৰ চেষ্টা কৰিও কেতিয়াও ধৰি ৰাখিব নোৱাৰিব।

কাৰণ মানুহক ধৰি বান্ধি ৰাখিব পৰা যায়, কিন্তু মানুহৰ মনটো কেতিয়াও ধৰি বান্ধি ৰাখিব পৰা নাযায়। গতিকে কোনোবাই যদি আপোনাক প্ৰয়োজন বুলি নাভাবি আপোনাৰ পৰা আতঁৰি যাব বিচাৰিছে বা আপোনাৰ পৰা দূৰত থাকি ভাল পাইছে তেতিয়া হ’লে তেওঁক কেতিয়াও আমনি কৰিবলৈ নাযাব। তেওঁক বাধা নিদি স-সন্মানৰে যাবলৈ দিয়ক।

Aminul Hoque
Facebook Page : আমি অসমীয়া

CopyAMP code

Leave a Comment