সৰস্বতী পূজালৈ মাজত কেইটামানহে দিন, সৰস্বতীৰ দেৱীৰ জন্ম ক’ত হৈছিল জানেনে ?

WhatsApp Follow

সৰস্বতী পূজা সমাগত৷ সৰস্বতী পুজাৰ আয়োজন আৰম্ভ হৈছে দেশৰ প্ৰায় প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়কে ধৰি শিক্ষা প্ৰতিষ্ঠানসমূহত৷ কিন্তু সৰস্বতীৰ জন্ম ক’ত হৈছিল ? যোশীমঠৰ পৰা প্ৰায় ৫০ কিঃমিঃ দূৰত্বত আছে এখন বিশেষ গাওঁ৷ মানা গাওঁ৷ এইখন ভাৰতবৰ্ষৰ শেষ গাওঁ৷ মহাভাৰত অনুসৰি এই গাঁৱৰ মাজেৰেই মহাপ্ৰস্থানৰ দিশেৰে আহবাঢ়িছিল দ্ৰৌপদীসহ পঞ্চপাণ্ডৱে৷ মানা গাওঁৰ মাজেৰেই বৈ গৈছে সৰস্বতী নদীও৷ এই সৰস্বতী নদীৰ ওপৰতেই ভীমে দ্ৰৌপদীৰ বাবে এটি সেঁতুও নিৰ্মাণ কৰিছিল ভীমে৷

এই মানা গাঁৱতেই ব্ৰহ্মাৰ মুখগহ্বৰৰ পৰা সৰস্বতীৰ জন্ম বুলি এক লোকবিশ্বাস যুগে যুগে চলি আহিছে৷ মানা গাওঁতেই সৰস্বতী নদীত স্নান কৰি ব্যাসদেৱে পুৰাণ ৰচনা কৰিছিল৷ মহাভাৰতৰ নিদৰ্শন আজিও মানা গাঁৱলৈ গ’লে দেখা যায়৷ সমুদ্ৰতলৰ পৰা ৩১১৫মিটাৰ উচ্চতাত অৱস্থিত এই গাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্যও লেখত ল’বলগীয়া৷ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈকে বছৰি বহু পৰ্যটক মানা গাঁৱলৈ আহে৷

মানা গাঁৱত সৰস্বতীৰ জন্ম বুলি বহুকেইখন শাস্ত্ৰতেই উল্লেখ আছে৷ বদ্ৰীনাথ ধামৰ পৰা মাত্ৰ ৩ কিঃমিঃ দূৰত্বত অৱস্থিত এই গাঁৱৰ আৰম্ভণিতেই লিখা আছে বিশেষ ফলক, ‘The Last Indian Village’ প্ৰচলিত বিশ্বাস অনুসৰি স্বৰ্গযাত্ৰাৰ সময়ত ভীমে দ্ৰৌপদীৰ বাবে এটা সেঁতুও নিৰ্মাণ কৰিছিল৷ দ্ৰৌপদীৰ নদী পাৰ হওঁতে অসুবিধা নহ’বৰ বাবেই ভীমে এই সেঁতু নিৰ্মাণ কৰিছিল৷ ভীম সেঁতু আজিও এই স্থানলৈ গ’লে দেখা যায়৷ নদীৰ পাৰতেই ২০ ফুট দীঘল ভৰিৰ চাপ দেখা যায়৷ মানা গাঁৱতেই আছে গণেশ গুহাও৷ এই গুহাতেই বহি ব্যাসদেৱে মহাভাৰত ৰচনা কৰিছিল৷

Leave a Comment