১ এপ্ৰিলত বন্ধ হ’ব UPI কাৰ্যকৰী কৰা হৈছে নতুন নিয়ম !

উপি নতুন নিয়মঃ ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্পৰেশ্যনে প্ৰৱৰ্তন কৰিছে UPI,ৰ নতুন নিয়ম।

এই নিয়মে বেংকৰ গ্ৰাহকৰ লগতে UPI ব্যৱহাৰকাৰীৰ ওপৰতো হেঁচা হ্ৰাস কৰাত সহায় কৰিব। এই নিয়ম ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব।

ইয়াৰ বাবে বেংকে আপোনাৰ মোবাইল নম্বৰটোও ডিলিট কৰিব পাৰে। কিন্তু এই নিয়মটো ঠিক কি পৰিস্থিতিত ফলপ্ৰসূ হ’ব? এই নিয়মে কি কয়? ইয়াৰ ফলত কি পৰিৱৰ্তন হ’ব?

নতুন নিয়ম –

এই নিয়ম অনুসৰি একাধিক পেমেণ্ট সেৱা প্ৰদানকাৰীয়ে বেংক আৰু ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমক বাতিল কৰা মোবাইল নম্বৰৰ তালিকা প্ৰদান কৰিব লাগিব।

গুগল পে, ফোন পে, পেটিএমৰ দৰে পেমেণ্ট সেৱা প্ৰদানকাৰীক ১ এপ্ৰিলৰ পৰা প্ৰতি সপ্তাহত নিজৰ নিষ্ক্ৰিয় মোবাইল নম্বৰৰ তালিকা জমা দিবলৈ নতুন নিৰ্দেশনা দিয়া হৈছে।

ফলত নিষ্ক্ৰিয় কৰা সকলো মোবাইল নম্বৰ বা জমা দিয়া বাতিল কৰা মোবাইল নম্বৰৰ তালিকা বেংকৰ পৰা আঁতৰাই দিয়া হ’ব।

কোনবোৰ ক্ষেত্ৰত নিৰ্দেশনাসমূহ মানি চলিব লাগিব:

বাতিল কৰা মোবাইল নম্বৰে সেই সকলো নম্বৰকে বুজায় যিবোৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত হৈ আছে কিন্তু এতিয়া ব্যৱহাৰ কৰা হোৱা নাই।

ইয়াৰ উপৰিও প্ৰায়ে দেখা যায় যে একাংশ গ্ৰাহকে দুটা বেংক একাউণ্টত এটা মোবাইল নম্বৰ পঞ্জীয়ন কৰিছে যদিও সেই নম্বৰটো মাত্ৰ এটাত সক্ৰিয় কৰি ৰাখিছে এই নিয়ম সেই ক্ষেত্ৰতো প্ৰযোজ্য হ’ব।

নতুন নিয়ম পালন কৰিলে কি কি সুবিধা পাব ?

এই নতুন নিয়মৰ জৰিয়তে বেংক একাউণ্ট বা UPI App,ত মোবাইল নম্বৰ ব্যৱহাৰ কৰাৰ ফলত আগতে যিবোৰ সমস্যাৰ সৃষ্টি হৈছিল, সেইবোৰ এৰাই চলিব পাৰিব।

ইয়াৰ উপৰিও নিষ্ক্ৰিয় কৰা মোবাইল নম্বৰসমূহ আঁতৰাই দিলে বেংকসমূহে সকলো সেৱা আগবঢ়োৱাতো সহজ হ’ব।

ই নতুন নিয়মৰ ফলত বেংকিং সেৱা আৰু UPI App,ৰ কাৰ্য্যক্ষমতা আপডেট কৰাটো কেৱল মোবাইল নম্বৰৰ জৰিয়তেহে সম্ভৱ হ’ব।

ইয়াৰ ভিতৰত মোবাইল নম্বৰ ব্যৱহাৰ কৰি কৰা লেনদেনও অন্তৰ্ভুক্ত। ইয়াৰ বাবেই এজন ব্যৱহাৰকাৰীয়ে নিজৰ মোবাইল নম্বৰৰ প্ৰতি সতৰ্ক হ’ব।

এই ক্ষেত্ৰত মোবাইল ফোন ব্যৱহাৰকাৰীৰ কৰ্তব্য কি ?

যদি আপুনি ব্যৱহাৰ নকৰা মোবাইল নম্বৰ আপডেট কৰিবলৈ আপোনাৰ বেংকৰ পৰা অনুৰোধ লাভ কৰে তেন্তে তাক আওকাণ নকৰিব আৰু লগে লগে আপোনাৰ মোবাইল নম্বৰ আপডেট কৰক। অন্যথা নম্বৰটো আঁতৰোৱা হ’ব পাৰে।

কিয় কাৰ্যকৰী হৈছে এই নতুন নিয়ম ?

অব্যৱহৃত বা বাতিল কৰা মোবাইল নম্বৰ আঁতৰোৱাৰ আঁৰৰ মূল কাৰণ হ’ল বেংক আৰু নিষ্ক্ৰিয় নম্বৰৰ সৈতে জড়িত ইউপিআই এপলৈ ধন প্ৰেৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ।

একে সময়তে বেংক আৰু ইউপিআই এপৰ সৈতে সক্ৰিয়ভাৱে সংযুক্ত নম্বৰ ব্যৱহাৰ কৰিহে লেনদেন কৰিব পাৰিব। এইদৰে লেনদেন কৰিলে আপুনি বুজিব পাৰিব যে প্ৰাসংগিক নম্বৰটো আচলতে সক্ৰিয় নেকি।

এই নিয়মৰ ফলস্বৰূপে বেংকৰ পৰা ইউ পি আই ৱালেটলৈ পঠোৱা ধনো বেংকলৈ উলিয়াব পাৰিব। ইয়াৰ দ্বাৰা আপুনি প্ৰয়োজন সাপেক্ষে আপোনাৰ ইউ পি আই ৱালেটৰ পৰা আপোনাৰ বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰি ধন ৰাহি কৰিব পাৰিব।

মন কৰিব যে ইয়াৰ ফলত অনিচ্ছাকৃত বা ভুল লেনদেনৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়। এতিয়াৰ পৰা গ্ৰাহকে বেংকত মোবাইল নম্বৰ যোগ কৰাৰ সময়ত বা নম্বৰ পৰ্ট কৰাৰ সময়ত নতুন নীতি-নিৰ্দেশনা মানি চলিব লাগিব।

ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমৰ ইউপিআই লেনদেনৰ নিয়ম ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব।

Leave a Comment