ৰাভা দিৱস কিয় পালন কৰা হয় ? ৰাভা দিৱসৰ ইতিহাস জানক

WhatsApp Follow

আজি ২০ জুন ৷ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুবাৰ্ষিকী ৷ প্ৰতি বছৰে আজি দিনটোতে বিষ্ণু ৰাভাৰ প্ৰতি সন্মান জনাই পালন কৰা হয় “বিষ্ণু ৰাভা দিৱস” ৷ অসমীয়া সাহিত্য সংস্কৃতিলৈ বিশেষ অৱদান আগবঢ়োৱা তথা অসমীয়া জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰোৱা বিষ্ণু প্ৰসাদ ৰাভা ব্যক্তি আছিল যদিও তেওঁ যেন নিজেই অনুষ্ঠান হিছাপে সমাজত বৰ্তি আছিল ৷ ১৯০৯ চনৰ ৩১ জানুৱাৰীত জন্ম গ্ৰহণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাই কেৱল সাহিত্য সংস্কৃতিতেই নহয় সমাজৰ প্ৰত্যেকটো স্তৰতেই প্ৰভাৱ বিস্তাৰ কৰি থৈ গৈছে । সেয়েহে তেওঁৰ জীৱনটো এটি মহান অনুষ্ঠানৰ লগত তুলনা কৰা হয় ৷ কাশীৰ হিন্দুৰ বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা নটৰাজ নৃত্যত বিমুগ্ধ হৈ আৰু বিষ্ণুৰাভাৰ সাংস্কৃতিক বৰঙনিলৈ সন্মান জনাই সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে “কলাগুৰু” উপাধি প্ৰদান কৰিছিল ৷

বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ সংস্কৃতি বিষয়ক পুথি ৰচনা কৰি অসমীয়া সংস্কৃতিৰ ভৰাঁল চহকী কৰি থৈ গৈছে ৷ তেওঁৰ উপন্যাসসমূহ হৈছে সোনপাহি, মিচিং কনেং, জীৱন লালসা ৷ মামীৰ হাৰ, কুৰি বছৰ জেইল, জাল কেছ, হিয়াৰ পুং আদি গল্প ৷ আনহাতে বিষ্ণু ৰাভাৰ প্ৰতি সম্মান জনাই প্ৰতি বছৰে ২০ জুন তাৰিখটো “বিষ্ণু ৰাভা দিৱস” ৰূপে পালন কৰা হয় ৷ লগতে তেওঁৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ২০০৯ ৰ ৩১ জানুৱাৰীত ভাৰত চৰকাৰে এটি বিশেষ ডাক টিকট উন্মোচন কৰে । বিষ্ণু ৰাভাৰ স্মৃতিত সাংবাদিক তিলক দাসে” বিষ্ণুৰাভা এতিয়া কিমান ৰাতি (গ্ৰন্থ), “বিষ্ণু ৰাভা পুনৰ আহিব উভতি” শীৰ্ষক দুখল জীৱনীও লিখি উলিয়াইছিল । ইফালে বিষ্ণু প্ৰসাদ ৰাভাৰ সোঁৱৰণত অসম চৰকাৰে কলাগুৰ বিষ্ণু প্ৰসাদ ৰাভা বটাঁ স্থাপন কৰে । অসমীয়া সাহিত্য সংস্কৃতিলৈ অৱদান আগবঢ়োৱা লোকসকলক এই বটাঁৰে সন্মানিত কৰা হয় ।

1 thought on “ৰাভা দিৱস কিয় পালন কৰা হয় ? ৰাভা দিৱসৰ ইতিহাস জানক”

Leave a Comment