আজিৰ দিনটোৰ ৰাশিফল

WhatsApp Follow

মেষঃ মেষ ৰাশিৰ বাবে দিনটো শাৰীৰিক শুভ কাৰক হ’ব যদিও মনৰ কিছু অশান্তি থাকিব। প্রেম-প্রীতি, সাংসাৰিকত শুভ। শিক্ষার্থী। মনত প্রতিযোগিতাৰ মনোভাৱ বৃদ্ধি পাব। সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িতসকলৰ কিছু কর্মস্পৃহা বাঢ়িব। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত সাধাৰণ উন্নতি কাৰক।

বৃষঃ বৃষ ৰাশিৰ বাবে দিনটো শৰীৰৰ অসুস্থতাৰ যোগ। মানসিক অস্থিৰতা বাঢ়িব পাৰে। প্রেম-প্রীতি আৰু ঘৰুৱা দিশত কিছু সুখ-শান্তি থাকিব। শিক্ষার্থীৰ শুভ কাৰক যদিও চিন্তাৰ যােগ। ক্রীড়া, সাহিত্য-সংস্কৃতিৰে যুক্ত লোকৰ উন্নতিৰ ক্ষেত্ৰত কিছু বাধা হ’ব।ৰাজনীতিক আৰু সমাজকৰ্মীৰ মধ্যমীয়া কাৰক। আর্থিক নাটনিৰ মাজতো কর্ম আৰু বাণিজ্যত শুভ কাৰক।

মিথুনঃ মিথুন ৰাশিৰ বাবে দিনটো শৰীৰৰ শুভ কাৰক যদিও মনৰ অস্থিৰতা বৃদ্ধি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষার্থী অধ্যয়নস্পৃহা বৃদ্ধিৰ যোগ। সাহিত্য, সংস্কৃতি, সংবাদকর্মৰে যুক্তসকলৰ শুভ কাৰক, যদিও মানসিক অশান্তি হ’ব পাৰে।ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভৰ যোগ। আর্থিকত অভাৱ হ’ব যদিও বাণিজ্য আৰু কৰ্মত কিছু শুভ কাৰক।

কর্কটঃ কর্কট ৰাশিৰ বাবে দিনটো শৰীৰৰ কষ্ট হব পাৰে। মানসিক ক্ষেত্রতো দুশ্চিন্তাৰ যোগ। প্রেম-প্রীতি আৰু পৰিবাৰিক বুজাবুজিৰ অভাৱ থাকিব। শিক্ষার্থীৰ উৎসাহ বৃদ্ধিৰ যোগ। সাহিত্য-সংস্কৃতি, ক্রীড়াৰ সতে জড়িতসকলৰ কিছু লাভজনক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ বিফলতাৰ কাৰক। বাণিজ্য আৰু কর্মক্ষেত্ৰত লাভৱান হব।

সিংহঃ সিংহ ৰাশিৰ বাবে দিনটো শৰীৰৰ অশান্তি নাইবা আঘাত পাব পাৰে। মানসিক চিন্তাও বৃদ্ধি হ’ব পাৰে।প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষার্থীৰ উচ্চ শিক্ষা মনঃসংযোগ বিচ্ছিন্ন হ’ব পাৰে। ক্রীড়া-সংস্কৃতিৰে, যুক্তসকলৰ দিনটো কিছু শুভকাৰক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সুনাম লাভৰ যোগ।

কন্যাঃ কন্যা ৰাশিৰ বাবে দিনটো শাৰীৰিক শুভকাৰক হ’ব। মানসিক ক্ষেত্ৰত মধ্যমীয়া। প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ কাৰক।শিক্ষার্থীৰ মনৰ অসন্তুষ্টি বাঢ়িব। সাহিত্য, ক্রীড়া, সংস্কৃতিৰে যুক্তসকলৰ উন্নতিমূলক কর্মত বাধা হ’ব। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত সামান্য লাভৰ যোগ।

তুলাঃ তুলা ৰাশিৰ বাৰে দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক হ’ব। মনৰ হতাশা, দুশ্চিন্তা সামান্য আঁতৰিব। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষার্থী অধ্যয়নৰ ক্ষেত্ৰত খেলিমেলি হ’ব পাৰে।শিল্পী, ক্রীড়াবিদ আৰু সংবাদকর্মীৰ কিছু পৰিমাণে উন্নতিমূলক হ’ব। ৰাজনৈতিক ব্যক্তিৰ অশান্তি হ’ব পাৰে। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত কিছু লাভৱান হ’ব পাৰিব।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ বাবে দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক। মানসিক অশান্তিৰ প্রেম আৰু পাৰিবাৰিকত অশান্তি হ’ব পাৰে। শিক্ষার্থীৰ শুভ কাৰক। শিল্পী, সাহিত্যিকৰ নতুন সৃষ্টিৰ প্ৰেৰণা বৃদ্ধি পাব। ৰাজনৈতিক ব্যক্তিৰ শুভ। আর্থিক ক্ষতিকাৰক। বাণিজ্য আৰু কর্মক্ষেত্ৰত মধ্যমীয়া।

ধনুঃ ধনু ৰাশিৰ ব্যক্তিৰ বাবে দিনটো শৰীৰৰ কিছু অশান্তি বৃদ্ধি হ’ব পাৰে। মনৰ অৱস্থা একেই থাকিব। প্ৰেম আৰ সাংসাৰিকত শুভ। উচ্চ শিক্ষাত অশান্তি হ’ব পাৰে। শিল্পী, খেলুৱৈ আৰু সমাজকৰ্মীৰ সফলতা লাভৰ যোগ যদিও অশান্তিও হ’ব। ৰাজনৈতিক ব্যক্তিৰ কর্মোদ্যম বৃদ্ধিৰ পাব। আর্থিকত নাটনি হব যদিও বাণিজ্যিক আৰু কর্মক্ষেত্ৰত কিছু লাভৰ যোগ।

মকৰঃ মকৰ ৰাশিৰ বাবে দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক হ’ব। মনৰ অশান্তি হ’ব পাৰে। পাৰিবাৰিক আৰু প্রেম-প্রীতিত শুভকাৰক শিক্ষার্থীৰ মধ্যমীয়া। সাহিত্য, সংস্কৃতিৰ স’তে যুক্তসকলে সফলতা কিছু পাব যদিও মনৰ অসন্তুষ্টি থাকিব। সমাজকর্মী আৰু ৰাজনীতিকৰ কৰ্মত কিছু খেলিমেলি। কর্মক্ষেত্র, বাণিজ্য আৰু আর্থিক দিশত উন্নতিত বাধাৰ মাজতো লাভৱান হ’ব।

কুম্ভঃ ৰাশিৰ বাবে দিনটো শাৰীৰিক শুভ কাৰক। মনৰ অশান্তি হব পাৰে। প্রেম প্রীতি আৰু পাৰিবাৰিকত শুভ। শিক্ষার্থীৰ মনৰ অসন্তুষ্টি থাকিব। সাহিত্য, সংস্কৃতি, ক্রীড়াৰ লগত জড়িতসকলৰ নতুন চিন্তা- চর্চা অব্যাহত থাকিব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ শুভ। কর্মক্ষেত্র, আর্থিক আৰু বাণিজ্যিক দিশত কিছু লাভৱান হ’ব।

মীনঃ মীন ৰাশিৰ দিনটো শাৰীৰিক অশান্তি হ’ব পাৰে। মানসিক অশান্তিৰ কাৰক। প্রেম-প্রীতি আৰু সাংসাৰিক দিশত শুভ৷ শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্ৰত কিছু অশান্তি কাৰক। সাহিত্য, সংস্কৃতি, ক্রীড়াৰে যুক্ত লোকে মানসিক অস্থিৰতা বৃদ্ধিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীয়ে অশান্তি পাব পাৰে। বাণিজ্য, কর্ম আৰু আৰ্থিকত কষ্টৰ মাজতো লাভৰ যোগ।

Leave a Comment