আপুনিও ৰাতি মোবাইলটো মূৰৰ ওচৰত ৰাখি শুই যায় নেকি ? হ’ব পাৰে বিপদজনক

WhatsApp Follow

বেছিভাগ মানুহেই ৰাতি শুই থকাৰ সময়ত মোবাইলটো নিজৰ ওচৰতে ৰাখি ভাল পায়। হয়টো মোবাইলটো গাৰুৰ তলত ৰখা হয় নহলে মুৰৰ শিতানত ৰাখে। ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে, ৰাতি ফোনটো ব্যৱহাৰ কৰে আৰু তাৰ পিছত ওচৰত ৰাখি টোপনি যায়, কিছুমানে এলাৰ্মৰ বাবে ফোনটো ওচৰত ৰাখে, কিন্তু আপুনি জানেনে যে মোবাইলৰ প্ৰভাৱ স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে।

বহু লোকৰ ৰাতিপুৱা মূৰৰ বিষ হয়, খিংখিঙীয়া হৈ থাকে, চকুত বিষ হয় কিন্তু তেওঁলোকে গম নাপায় যে মোবাইলৰ বাবেই হৈছে। আজি আমি আপোনালোকক কওঁ যে যদি আপুনি ফোনটো কাষত ৰাখি শুই থাকে, তেন্তে কি ক্ষতি হব পাৰে, শুই থকাৰ সময়ত মোবাইল ফোনটো কিমান দূৰত থব লাগে, ৰাতি ফোন ব্যৱহাৰ কৰাৰ নিচা কেনেকৈ এৰিব পাৰে আৰু এই বিষয়ে WHO এ কি কয় জানো আহক।

কিমান বিপদজনক মোবাইল ফোন ?
মোবাইল ফোনত ক্ষতিকাৰক বিকিৰণ থাকে যিবোৰ অবিৰতভাৱে ওলাই থাকে। ইয়াৰ প্ৰভাৱ মানুহৰ মনৰ বাবে ক্ষতিকাৰক যেনে মূৰৰ বিষ, পেশীৰ বিষ আৰু স্বাস্থ্যজনিত আন বহুতো ৰোগ। ফোন ৰেডিয়চনে কি কি ক্ষতি কৰিবপাৰে জানো আহক। মোবাইল ফোন ৰেডিয়চন ইৰেক্টিল ডিছফংচনৰ সৈতে জড়িত। মোবাইলৰ পৰা ওলোৱা নীলা পোহৰে টোপনিৰ কাৰণ হোৱা হৰম’নৰ ক্ষতি কৰে। ইয়াক মেলাটনিক বোলা হয়। ই শৰীৰত ব্যাঘাত জন্মায়, যাৰ ফলত টোপনিৰ সমস্যাৰ সৃষ্টি হয়।

শুই থকাৰ সময়ত মোবাইলটো কিমান দূৰত ৰাখিব লাগে ?
বিচনাৰ পৰা কমেও তিনিফুট দূৰত মোবাইল ফোনটো ৰাখিলে বিপদজনক বিকিৰণৰ পৰা হাত সাৰিব পাৰি। মোবাইল ফোনৰ লগত জড়িত ৰেডিঅ’ ফ্ৰিকুৱেন্সি ইলেক্ট্ৰ’-মেগনেটিক ফিল্ডৰ শক্তি। বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে ফোনটোৰ পৰা নিৰ্গত হোৱা আৰ এফ ৰেডিয়চনৰ ফলত মগজুৰ কৰ্কট ৰোগ হ’ব পাৰে।

যদি আপুনি মোবাইল ফোন আসক্তিৰ পৰা মুক্তি পাব বিচাৰে তেন্তে ৰাতি ফোনটো নিস্তব্ধ কৰি ৰাখক। এলাৰ্মৰ বাবে ঘড়ী ব্যৱহাৰ কৰক। লগতে ফোন ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে কিতাপ পঢ়িবলৈ আৰম্ভ কৰক। কিতাপ পঢ়াৰ অভ্যাস ভাল আৰু ই আপোনাক সময়মতে শুবলৈ সহায় কৰে।

Leave a Comment