এয়া কোনো নাটকত ভাগ লোৱা অভিনেতাৰ শ্বুটিঙৰ আলোকচিত্ৰ নহয়। এয়া এজন কৃষকৰ বেদনাদায়ক ক্ৰন্দন।তেখেত আমাৰ গাঁৱৰ এজন খেতিয়ক হয়। বিশ হাজাৰ টকা প্ৰতিবিঘাত খৰছ কৰি যেতিয়া দহ খাচী বিলাহী বজাৰত বিক্ৰী কৰি পাচঁশ টকা ঘৰত আনিব নোৱাৰে তেতিয়া এজন কৃষকৰ মৰ্ম বেদনা কোনেও উপলব্ধি কৰিব নোৱাৰে, সেই মনোকষ্ট কিমান বিষাদৰ।
মৰিগাঁও জিলাৰ মৈৰাবাৰী মৌজাৰ অন্তৰ্গত তাতিকতা, বৰচাপৰি, বৰথল দলৈগাঁও, বৰথল কছাৰী গাওঁ, উলুবাৰী,চিতলমাৰী, ৰংৰাই চৰ, গৰিমাৰী চৰ, আদি গৰাখনহনীয়া ঠাই সমূহত নব্বৈ শতাংশ মানুহে কৃষিৰ ওপৰত নিৰ্ভৰশীল। বছৰটোত ছয় মাহেই বৰ্ষাকালত হোৱা বৰষুণৰ পানী আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে তাণ্ডৱ চলাই যাৰ ফলত এই অঞ্চলৰ মানুহৰ জীৱন নিৰ্বাহ বহু কষ্টকৰ হৈ পৰে। কোনোবাই ছাগলী পুহি, কোনোবাই গৰু পুহি গাখীৰ বিক্ৰী কৰি ছয়টা মাহ পাৰ কৰিব লগা হয়।
শৰৎ কালৰ আগমনৰ লগে লগে সকলোৱে দুঃখ কষ্ট পাহৰি বুকুত নানান সপোন লৈ কোনোবাই নিজৰ মাটিত কোনোবাই মাটি চুক্তিত লৈ নানা ধৰণৰ শাক-পাচলিৰ খেতি কৰে। বিলাহী, বন্ধাকবি,ফুলকবি, উলকবি, গাজৰ, কেপচিকাম, মটৰ, বেঙেনা, আলু ইত্যাদি খেতি কৰিলে প্ৰতিবিঘাত কিমান খৰছ হয়, কিমানখিনি কষ্ট, আৰু সাধনাৰ ফলত খেতিত পাচলি হয় সেয়া একমাত্ৰ এজন খেতিয়কেহে উপলব্ধি কৰিব পাৰে।
ইমান কষ্ট আৰু সাধনাৰ পিছত যেতিয়া বজাৰত শাক পাচলিৰ উচিত মূল্য পোৱা নাযায় , মধ্যভোগীৰ হাতত ২ টকা, ৩ টকা কেজিত বিক্ৰী কৰিব লগা হয়, সেই মুহূৰ্তত ভুক্তভোগী কৃষকজনেই বুজিব পাৰে উচিত মূল্য নোপোৱাৰ , হতাশা, বেদনা ।
ৰাজ্যিক কৃষি বিভাগ আৰু জিলা কৃষি বিভাগৰ ব্যৰ্থতা আৰু গাফিলতিৰ বাবেই অসাধু সাৰ দোকানীবোৰে মুকলিকৈ কাৰবেট জাতিয় বৰ বিষ বিক্ৰী কৰিব পাৰিছে আৰু কেইজনমান অসাধু খেতিয়কে এই বৰ বিষ ব্যৱহাৰ কৰি বিলাহীৰ বজাৰ-মূল্য কমাইছে।
আজি দৰিদ্ৰ কৃষকৰ এনে অৱস্থাৰ একমাত্ৰ কাৰণ হৈছে অসম চৰকাৰৰ কৃষি বিভাগ আৰু জিলা কৃষি বিভাগ।
লেখক: হাবিবুৰ ৰহমান
বৰথল দলৈগাওঁ
ফোন নং- ৯১০১০৩২৯১৫