এগৰাকী বেশ্যাৰ হৃদয়স্পৰ্শী প্ৰেম কাহিনী

WhatsApp Follow

চহৰখনৰ সেইটো পথ নিশা হলেই ৰংঙীন হৈ পৰে। দিনত সেই পথটো এখন নিজান গাওঁৰ দৰে লাগে, আৰু নিশা হলেই ন-কইনাৰ দৰে উজ্বলি উঠে।

পথটোৰ দুই কাষে ওখ ওখ দুটা অট্টালিকা আছিল। যি ৰংঙীন বিজুলী বাটিৰ পোহৰত জিলিকি আছিল। আৰু অট্টালিকাৰ তলত এফালে, ম’ম’, বিৰিয়ানি ইত্যাদিৰ হোটেল। প্ৰতিজন অহা যোৱা কৰা লোকে অন্তত এক প্লেটটো খাইছিলেই। আনফালে মাদক দ্ৰব্য বিক্রী কৰি আছিল।

সেইটো চহৰখনৰ আটাইতকৈ বদনাম পথটো আছিল, যত নিকি ভদ্র লোক ৰাতিৰ আন্ধাৰত আহিছিল।

মালাই, ওপৰত ৰৈ অহা যোৱা কৰা লোকক চাই ৰৈছিল।

এনে লাগিছে, আজিও গ্ৰাহক নাপাম। এনে কৈয়ে তাই চিগাৰেট এটা হুপিলে।

মালা, ২৩ বছৰ বয়সৰ এজনী ধুনীয়া ছোৱালী।

যাক তাইৰ খুড়াকে, পইচাৰ বাবদ তাত বিক্ৰি কৰি থৈ গল। মালাই বহুত চেষ্টা কৰিছিল, সেই বেয়া ঠাইৰ পৰা পলাই যাবলৈ, কিন্তু প্ৰতিবাৰে তাই বিফল হৈছিল। আৰু লগতে বহু মাৰ-পিটো সহ্য কৰিব লগা হৈছিল।মাৰ পিটো এনেদৰে কৰিছিল যে,দুদিন পৰ্য্যন্ত তাই মুৰ্চা গুচি গৈছিল।এবাৰ যিয়ে এই ঠাইলৈ আহে, পুনৰ এই ঠাইৰপৰা ওলাই যোৱাটো সম্ভৱ নহয়।

মালাৰ বাহিৰেও আৰু বহু ছোৱালী ইয়াত আছিল যি এই অপকৰ্মত লিপ্ত হৈ আছিল। কিছুমান বিপদত পৰি আছিল আৰু কিছুমানে নিজৰ ইচ্ছাত আহিছিল। প্ৰথমে প্রথমে ইয়াৰ পৰা সকলোৱে পলাবলৈ বিচাৰিছিল, কিন্তু পাচত এয়াই নিজৰ ভাগ্য বুলি ভাবি লৈছিল। মালাৰ লগত আৰু এজনী ছোৱালী আছিল ৰীতা, তাই নতুন ছোৱালীবোৰক প্ৰস্তুত কৰি দিছিল।

মণিকা আণ্টীয়ে এই যুৱতীবোৰক ক্ৰয় আৰু বিক্রি কৰাৰ কাম কৰিছিল। তেওঁৰ আদেশ নোহোৱাকৈ ইয়াৰ এখিলা পাতো লৰচৰ নকৰে। পুলিচৰ লোকসকলেও তেওঁলৈ ভয় কৰিছিল। মণিকা আণ্টীৰ আদেশ নোহোৱাকৈ পুলিচৰ বিষয়া এজনেও সেই ঠাইত ভৰি নিদিছিল আৰু এই সকলোবোৰৰ কাৰণ আছিল তেওঁৰ শক্তি। মণিকা আণ্টীৰ লগত ডাঙৰ ডাঙৰ নেতা আৰু অফিচাৰৰ চিনাকি আছিল। তেওঁলোকক যেতিয়াই ছোৱালীৰ প্ৰয়োজন হয়, তেতিয়া আণ্টীয়ে যোগান ধৰিছিল।

সেই সময়তে এখন হাত আহি মালাৰ কান্ধত পৰিল। মালাই তেতিয়া নিজৰ ভাৱনাৰ পৰা বাহিৰলে ওলাল। মালাই দেখা পালে, তাইৰ সন্মুখত ৩০-৩২ বছৰ বয়সৰ এজন ধুনীয়া লৰা। সেই লৰাজনে চকুৰ ইংগীতে মালাক কোঠালৈ যাবলৈ কলে। মালাই চিগাৰেট টো পেলাই দিলে আৰু তাৰে লগত ভিতৰলৈ সোমাই আহিল।

গোটেই ৰাতি সি, মালাৰ শৰীৰৰ লগত খেলি থাকিল। অৱশ্যে কোনো হিচাপ নোহোৱাকৈ মালাই তেনেদৰে বহু নিশা পাৰ কৰিছে। পুৱা হলত, সেই লৰাজন সুখী হৈ মালাৰ হাতত ২০০০টকীয়া গুলপীয়া নোট দিলে।

মালাই, ১৫০০ ঘূৰাই দিলে।

ৰাখি থোৱা, এয়া তোমাৰ বাবে, লৰাজনে কলে।

নহয় দাদা, আমাৰ যিমান কাম, পইচাও সিমানে।

নাম কি তোমাৰ!

নামটো যানি লৈ কি কৰিব দাদা?

এনে ছোৱালী প্ৰথম লগ পালো, এইবাবে।

মালা : যিটো মোৰ কাম, তাত এই নাম চাম জনাৰ কোনো প্ৰয়োজন নাই। কেৱল আহক, আনন্দ লওক, আৰু গুচি যাওক।

সেই লৰাজনক, মালাৰ কথা বৰ আচৰিত লাগিল আৰু তাতোকৈ বেছি তাইৰ দৃষ্টি। একোলৈ ভয় নকৰা।সেই লৰাজনে তাইৰ ফালে এপলক চালে আৰু বাহিৰলৈ আহিল।

কিছু দিন যোৱাৰ পাছত সেই লৰাজন পুনৰ সেই ঠাইলৈ আহিল। তাৰ নাম বিক্ৰম আছিল। আৰু সি এটা প্ৰাইভেট কোম্পানিৰ মেনেজাৰ আছিল।

সি চাৰিওফালে চালে, কিন্তু মালাক দেখা নাপালে। সি ওপৰলৈ গল আৰু ওপৰলৈ যাওতে তাক ছোৱালীবোৰে বেৰি ধৰিলে। প্ৰতিজনী ছোৱালীয়ে তাৰ লগত যাবলৈ সাজু আছিল। তেতিয়া মণিকা আণ্টীয়ে সকলোকে দূৰ কৰি কলে,

অই ছোৱালীবোৰে দূৰলৈ যোৱা। মণিকা আণ্টীয়ে, বিক্ৰমৰ ফালে চাই মাত লগালে, কোৱা কোনজনী ছোৱালী লাগে! যাৰ গাতে হাত ৰাখিবা, সেইজনীয়ে তোমাৰ।

বিক্ৰম: তাই কত!

মণিকা আণ্টী: কোন তাই!

বিক্ৰম :, যি মোৰ লগত সিদিনা আছিল।

মণিকা আণ্টী : নামটো জানানে!

বিক্ৰম: নাজানো, তাই নিজৰ নামটে কোৱা নাছিল!

সেইসময়তে মালা আহিল। বিক্ৰমে মালাৰ ফালে দেখুৱালে। তাত থকা সকলো ছোৱালীয়ে মালাক মুখ ভেঙুচাই তাৰপৰা গলগৈ। নাজানো আৰু, এইজনাই মালাৰ ওপৰত কি দেখা পালে, ৰীতাই এনে কৈয়ে ভিতৰলৈ গুচি গল। মালা বিক্ৰমৰ লগত ভিতৰলৈ গল, কিন্তু বিক্ৰমে মালাৰ শৰীৰৰ লগত সেইদিনা খেলা নকৰিলে। মনে মনে বহি তাইৰ ফালে চাই থাকিল।

এনেদৰে কি চাইছে, ইয়ালৈ যি কামৰ বাবে আহিছে, সেয়া কৰক আৰু ইয়াৰ পৰা গুচি যাওক। মালাই চাদৰ খন আঁতৰাই লৈ কলে।

তুমি ইমান ধুনীয়া যে, তোমাৰ বাবে যিকোনো যুৱকে নিজৰ জীৱন দিবলৈ প্ৰস্তুত হব, কিন্তু তুমি ইয়াত কিয়! বিক্ৰমে তাইৰ ফালে চাই কলে।

মই আপেনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়াটো প্ৰয়োজনীয় বুলি নাভাবো। মোৰ কাম হৈছে, আনক সুখী কৰাটো।

কিন্তু আজি মই তোমাৰ শৰীৰৰ লগত খেলা কৰিবলৈ নাই অহা। তোমাৰ বিষয়ে জানিবলৈ ইচ্ছা হল। বিক্ৰমে বিচনাত বাগৰি লৈ কলে।

আপোনাৰ দৰে ব্যক্তিৰ বাবে মোৰ দৰে ছোৱালীবোৰ এৰাতিৰ বাবে আলহীহে। কিন্তু দিনত আপোনাৰ দৰে ডাঙৰ লোকে আমিবোৰক চিনিকে নেপায়। মালাই,চাদৰখন গাত লৈ কলে।

তোমাৰ কথাবোৰ বৰ কঠুৰ,কিন্তু সচাঁ, বিক্ৰমে চিগাৰেট জ্বলাই কলে, আৰু এটা চিগাৰেট মালা ফালে আগবঢ়ালে।

মালাই এটা ধ্যানত, চিগাৰেট হুপি আছিল। বিক্ৰমে কিছু সময় মনে মনে আছিল কিন্তু মালাই বিক্ৰমৰ প্ৰতিটো প্ৰশ্নকে ঘূৰাই পকাই একেতাকে উত্তৰ দিলে।যেন, তাই একো উত্তৰ দিব বিচৰ নাছিল।

বিক্ৰমে ৫০০টকা, এটা মালাৰ ফালে আগবঢ়াই দিলে।

যেতিয়া একো কৰাই নাই তেন্তে পইচা কিহৰ বাবে, মালাই আৰু এটা চিগাৰেট জ্বলাই ললে।

বিক্ৰমে তাইৰ হাতৰপৰা চিগাৰেট পেলালে আৰু তাইৰ ওঁঠত চুমা আঁকি দিলে।আৰু কিছু সময়ৰ পাচত মালাৰ পৰা আঁতৰাৰ সময়ত কলে, এয়াই বহুত।

বিক্ৰমে পইচাটো মালাৰ হাতত দি বাহিৰলৈ ওলাই আহিল। মালা তাতে থৰ লাগিল। ইমান বছৰত, এনে তাইৰ লগত প্ৰথম হল যে কোনো গ্ৰাহকে তাইৰ শৰীৰৰ লগত খেলা নকৰাকৈ গল। প্ৰতি নিশা তাই নতুন গ্ৰাহকৰ সৈতে সন্মূখীন হয়। কেতিয়াবা তেওঁলোকৰ মাতে ভয় খোৱাই আৰু কেতিয়াবা তেওঁলোকৰ ব্যৱহাৰে। আৰু মালাই পইচাৰ বাবে গ্ৰাহকক সকলো কথাতে মান্তি হব লাগে।

মালাই ভাৱনাত বিলিন হৈ থাকোতেই ৰীতা আহিল, কি কথা, আজিচোন মেডাম জিলিকি আছে। ৰীতাই বিচনাত বাগৰ দি কলে।

কোনো কথা নাই, সদায়ে অহা গ্ৰাহক হয়, সেয়ে আহিলে। মালাই কাষতে বহি লৈ কলে।

তোমাৰ এই গ্ৰাহক জন বৰ মজা। ইয়াৰ সকলোবোৰ ছোৱালীয়ে তাৰ লগত যাবলৈ সাজু কিন্তু সি অকল তোমাকে বিচাৰে। ৰীতাই মুখখন ফুলাই লৈ কলে।

অৰে, অৰে, মুখ খন কিয় ফুলাইছা। গ্ৰাহক হয়, কোনচা নো মোৰ প্ৰেমিক হয়! তোমালোক সকলোৱে জ্বলিছা! মালাই হাঁহি মাৰি কলে।

দুয়োৰে মাজত কথা বতৰা হলত, মালা আৰু ৰীতা বাহিৰলৈ ওলাই আহিল।

আনফালে বিক্ৰমৰ অৱস্থা বেয়া। সি প্ৰতি পলে মালাৰ কথাকে চিন্তা কৰি থাকে। তাইৰ ৰূপ, ৰং, সৌন্দর্য্য, বিক্ৰমৰ চকুৰ আগত ভাঁহি থাকে। বিক্ৰমে মালাৰ বিষয়ে জানিবলৈ বিচাৰিছিল, তাইৰ কাষলৈ যাবলৈ বিচাৰিছিল।। সদায় আবেলি মালাৰ ওচৰলৈ যোৱাটো তাৰ অভ্যাস হৈ পৰিছিল। মাজে মাজে বিক্ৰমে মালাৰ বাবে বহু দামী উপহাৰ লৈ গৈছিল আৰু বহু মিনতি কৰাৰ পাছতহে মালাই সেয়া গ্ৰহণ কৰিছিল। ( Storyboard )

এদিন আবেলি যেতিয়া বিক্ৰম তালৈ গল, তেতিয়া মালাক কতো দেখা নাপালে। সি মণিকা আণ্টীক সুধাত কলে, মালা এতিয়া অন্য গ্ৰাহকৰ লগত আছে, আজি তুমি আন এজনী ছোৱালীৰে কাম চলোৱা। বিক্ৰমে মন বেয়া কৰি তাৰ পৰা গুচি আহিল।

এতিয়া সদায়ে আবেলি এনে হবলৈ ধৰিলে, সি মালাক লগ নোপোৱা হল। প্ৰতিদিন মালা আনৰ লগত থাকে আৰু সি গুচি আহিবলগীয়া হয়।

বিক্ৰমৰ ওপৰত মালাৰ শৰীৰৰ নিচা আছিল নে আন কিবা! বিক্ৰমে তাত থকা আন ছোৱালীৰ লগত কথা নাপাতিছিল। কিছু দিন যোৱাৰ পাছত বিক্ৰমে মালাক লগ পোৱাৰ সুবিধা পালে, বিক্ৰমে মালাক দেখা পায় তাৰ এনে লাগিল, সি দৌৰ মাৰি গৈ মালাক সাৱটি লব, কিন্তু এনে কৰিবলৈ নোৱাৰিলে।

কোঠালৈ আহি, মালাই কলে, বহু দিনৰ পাছত মনত পৰিলে মোলৈ!

বিক্ৰম, মনত সদায়ে পৰিছিল, কিন্তু তোমাক লগ পোৱা নাছিলো। বহু বাৰ ইয়ালৈ আহি ঘূৰি যাবলগীয়া হয়। ৰীতাই কৈছিল, তুমি বহুত ব্যস্ত থাকা।

মালা : অ’ আণ্টীৰ বাহিৰৰ পৰা বিশেষ আলহী আহিছিল, তেওঁলোকৰ লগতে ব্যস্ত আছিলো।

বিক্ৰম : তুমি এই সকলোবোৰ কিয় এৰি নিদিয়া?

মালা : কি বোৰ! তাই চুলি বান্ধি বান্ধি কলে।

বিক্ৰম : পৰ পুৰুষৰ লগত নিশা কটোৱা।

মালা : তেতিয়া হলে তুমি কি হয়! তুমিওটো পৰ পুৰুষে হয়।

বিক্ৰম : কি আমাৰ কোনো সম্বন্ধ নাই!

মালা : এজনী বেশ্যা লগত, এজন ভদ্র পুৰুষৰ কি সম্বন্ধ থাকিব পাৰে, তুমিয়েই কোৱা? আৰু কোনো সম্বন্ধ থাকিলেও ভদ্র সমাজত আপোনাৰ দৰে লোকে ইয়াক অবৈধ সম্বন্ধ বুলি কয়।

বিক্ৰম : মোৰ ভাল নালাগে, যেতিয়া তোমাক আনে স্পৰ্শ কৰে। তোমাৰ কাষলৈ আহে।

মালা : কিয় তোমাৰ এনে লাগে, তুমিয়টো এইবোৰে কৰা আৰু মোৰটো এয়া ধান্দাই হয়।

বিক্ৰম : কাৰণ মই তোমাক ভালপাওঁ, বহুত ভালপাই পেলালো। তুমি নহলে মই এতিয়া থাকিব নোৱাৰা হলো, এতিয়া তোমাক আনে স্পৰ্শ কৰিলে মোৰ শৰীৰত জুই জ্বলে। এতিয়া তোমাক মই আৰু আনৰ লগত সহ্য কৰিব নোৱাৰো।

মালা : কি কলে, ভালপাই মোক!

বিক্ৰমে, মালাৰ হাত দুখন খামুচি লৈ কলে, হয় মালা, ভালপাওঁ তোমাক, আৰু বিয়াও কৰাব বিচাৰো আৰু ইয়াৰ পৰা ওলিয়াই লৈ যাব বিচাৰো। বহু দূৰলৈ গৈ এখন নতুন সংসাৰ গঢ়িব বিচাৰো। মালা, মই নাজানো তোমাৰ হৃদয়ত কি আছে, মই মাথো এটা জানো যে যিকোনো উপায়েৰে তোমাক ইয়াৰপৰা বাহিৰলৈ নিব লাগে!

মালাই মনে মনে, বিক্ৰমৰ কথা শুনি ৰল আৰু বিক্ৰমক সাৱটি ধৰিলে। কিছু সময়ৰ পাচত যেতিয়া মালাই চাদৰ খন আঁতৰাই, তেতিয়া বিক্ৰমে বাধা দিলে। নহয় মালা, এতিয়া এই সকলোবোৰ বিয়াৰ পাচত বুলি কৈ তাইৰ হাতত ধৰি বিক্ৰমৰ কাষতে বহুৱাই ললে। দুয়োয়ে বহু কথা পাতিলে। এজনে আনজনৰ অতীতৰ কথা কয়। কথায় কথায় কেতিয়ানো পুৱা হল, তাহাঁতি গমকে নাপালে। পুৱা উঠি, বিক্ৰমে মালাৰ কপাঁলতে চুমা আঁকি কলে, নিজৰ ধ্যান ৰাখিবা, মই সোনকালে তোমাক নিবলৈ আহিম।

এনে কৈয়ে বিক্ৰম ওলাই যায় আৰু সি কিছু দিনৰ বাবে চহৰখনৰ বাহিৰলৈ গুচি যায়। এইফালে, মালাৰ ব্যৱহাৰো সলনি হৈ পৰে, তাই এতিয়া বহুত কম গ্ৰাহকৰ লগত নিশা কটাইছিল। কেতিয়াবা পেট বিষৰ, কেতিয়াবা বেলেগ কিবা নাটক কৰিলে। মণিকা আণ্টীৰ গ্ৰাহকেও কাজিয়া, খং ৰাগ, গালি দিবলৈ ধৰিছিল। কিছু লোকে মণিকা আণ্টীৰ তালৈ যাবলৈ বন্ধ কৰি দিছিল। মণিকা আণ্টীৰ কাম বেয়াৰ ফালে যাবলৈ ধৰিলে।এদিন মণিকা আণ্টীয়ে, মালাক অকলে মাতিলে।

আণ্টী : কি কথা হৈছে মালা! আজিকালি গ্ৰাহক তোমাৰ পৰা সুখী নহয়, কি চলি আছে তোমাৰ মূৰত!

মালা : একো নাই আণ্টী, কিন্তু এই কাম এতিয়া আৰু কৰিব নিবিচাৰো। মোৰ মনে নকয়।

মণিকা আণ্টী : হয় হয়, মই জানিছো, মালা, তোৰ মনে কিয় মনা কৰিছে, আজিকালি তোৰ মন সেই লৰাটোৰ ওপৰতহে!

মালা : তাৰ বিষয়ে একো নকব!

আণ্টী, কিয় নকম, তই আকৌ তাক ভালপাই পেলালি নি!

মালা : হয় তেনেকুৱাই ভাৱক। কিন্তু মই তাৰ বিষয়ে এষাৰো বেয়াকৈ শুনিব নোৱাৰো আণ্টী!

আণ্টী : মালা, এইফালে আহ, মোৰ কাষতে বহ।

মালাই আণ্টীৰ কাষলৈ আহি তেওঁৰ ভৰিৰ ওচৰতে বহি পৰিল।

আণ্টী : মালা আমাৰ কামত এই ভালপোৱা বোৰ নাথাকে। ভালপোৱা হয়, কিন্তু এজনৰ লগত নহয়, প্ৰতি নিশা বেলেগ বেলেগ লোকৰ লগত। আমাৰ কামত ভালপোৱাৰ কোনো মহত্ব নাই, এই কামত ভালপোৱা কেৱল বিচনালৈকে সিমিত।

মালাই নিজৰ মূৰ, খুড়ীৰ ভৰিত পেলালে আৰু কলে, “সি মোক বহুত ভালপাই, আৰু বিয়া কৰাব বিচাৰে, মোৰ লগত বহু দূৰলৈ গৈ এখন অন্য পৃথিৱী গঢ়িব বিচাৰে। ইমান বছৰত কেতিয়াও মোৰ এনে অনুভৱ নহল, নাজানো কিয়, তাৰ সকলো কথা, সকলো প্ৰতিজ্ঞাতে বিশ্বাস কৰিবলৈ মন যায়।তাৰ কথা ভাবি ইমানেই ভাল লাগে যে, তাৰ আগত পৃথিৱীৰ সকলো বস্তু তল পৰি যায়।

আণ্টী : সকলো ধুনীয়া বস্তুৱে বিশ্বাসঘাতকতা কৰে মালা! তাৰ ভালপোৱাত তুমি দুৰ্বল হৈ পৰিলা, সেইবাবে এনে কথা কৈছা। বহু লোকে নিজৰ কাৰ্য্যৰ বাবে ভগৱানকো বদনাম কৰি দিয়ে, কিন্তু তই মনুষ্য হয়। এতিয়াও সময় আছে, এইবোৰৰ পৰা বাহিৰলৈ ওলাই আহ মালা!!

মালা : বহুত জীয়ালো আনৰ বাবে এতিয়া নিজৰ বাবে জীয়াবলৈ বিচাৰো আণ্টী, মোৰ ভালপোৱা দুৰ্বল নহয়। মই তাক তন মনৰ পৰা নিজৰ কৰি ললো। সি মোৰ লগত বিশ্বাসঘাতকতা নকৰে। আজিলৈকে মই আপোনাৰ সকলো কথা শুনিছো আণ্টী, কিন্তু এবাৰ মোৰ এই সৰু কথাটো মানি লওক। তাৰ লগত মোৰ বিবাহ হবলৈ দিয়ক, মালাই কান্দি কান্দি কলে।

আণ্টী : মালা, মই তোৰ সুখৰ সন্মূখত আহি বাধা দিব নিবিচাৰো। কিন্তু তই যি বাটেৰে আগুৱাইছ, সেই বাটত কেৱল আন্ধাৰে আন্ধাৰ, ইমানে আন্ধাৰ যে, তোৰ নামটোেও হেৰাই যাব!

মালা : সি সদায়ে মোৰ লগত থাকিব।

আণ্টী : মালা তই সপোনত আছ।

মালা : মই সচা প্ৰেমত আগ বাঢ়িলো খুড়ী। এতিয়া আৰু এই খোজ পিচলৈ নাহে।

আণ্টী : তেতিয়া হলে, ঠিক আছে, কিন্তু এটা কথা মনত ৰাখিবি, ইয়াৰ পৰা যোৱাৰ পাছত, ইয়াৰ দুৱাৰ সদায় বাবে তোলৈ বন্ধ হৈ পৰিব। য়াকে কৈ, আণ্টী তাৰ পৰা আঁতৰি আহিল। মালা বিক্ৰমৰ প্ৰেমত হাবাথুৰি খায় আছিল। সেই কেইদিন কেৱল নিজৰ নতুন জীৱনৰ সপোনত বিলিন হৈ আছিল, আৰু এদিন আবেলি বিক্ৰমে মালাক লৈ যাবলৈ আহিল। আণ্টীয়ে, মালাৰ কপাঁলত চুমা আঁকি কলে, যতে থাকা সুখত থাকিবা। বিক্ৰম আৰু মালাই তাৰ পৰা হাঁহি হাঁহি ওলাই গল, বিক্ৰমে মালাক ঘৰলৈ প্ৰথমে লৈ নগৈ দিল্লীলৈ বুলি ৰাওনা হল।দিল্লীত উপস্থিত হৈ এটা ফাৰ্ম হাওচলৈ মালাক লৈ গল।

তাত, প্ৰথমৰপৰাই এজন ডাঙৰ ৰাজনেতা উপস্থিত আছিল।

বিক্ৰমে কলে, মালা এয়া মোৰ বচ হয়, এওঁক আজি নিশা সুখী কৰি দিয়া, আৰু যাতে মোৰ প্ৰমোচন হয়।

মালা : কিন্তু আমিটো বিয়া পতা কথা আছিল ন?

বিক্ৰমে হাঁহিবলৈ ধৰিলে, বিবাহ আৰু তোমাৰ লগত, বেশ্যাৰ কেতিয়াও বিবাহ নহয়, মালা! তাহাঁতৰ প্ৰতি নিশা ফুলশয্যাৰ নিশা হয়।

সেয়াও নতুন নতুন লোকৰ লগত। আৰু ইয়াকে কৈ, মালাক তাৰ বচৰ কোঠালৈ টানি লৈ গল। আৰু কোঠাটোৰ দুৱাৰ বন্ধ কৰি দিলে। মালাই দুখত চিঞৰিলে আৰু কান্দিলে।কিন্তু তাত তাইৰ চিঞৰ শুনিবলৈ কোনো নাছিল।

বিক্ৰমৰ বচে, ভোকত থকা জন্তুৰ দৰে মালাৰ ওপৰত জপিয়াই পৰিল। তাইৰ শৰীৰটোৰ লগতে মালাৰ বিশ্বাসকো যেন ফেনেকি পেলোৱা হৈছিল।

মালাইও চিঞৰি চিঞৰি অৱস হৈ পৰিছিল। তাই এটা মৃতদেহৰ দৰে বিচনাত পৰি ৰৈছিল। তাইৰ চকুত চকোপানীৰে ভৰি পৰিছিল।

তাইৰ শৰীৰৰ লগত খেলা কৰাৰ পাছত, বিক্ৰমৰ বচ বাহিৰলৈ আহি বিক্ৰমৰ দুবাহুত হাত ৰাখি কলে,

বিক্ৰম, বৰ ভাল লাগিল,তোমালোকৰ ৰাজ্যৰ এনে ধুনীয়া ছোৱালী মোক ইয়াৰ পূৰ্বে আৰু কোনেও যোগান ধৰা নাছিল।

বিক্ৰম, ধন্যবাদ ছাৰ, এই বিশেষ উপহাৰ কেৱল আপোনাৰ বাবেই আছিল। বহুত কষ্ট কৰিবলগীয়া হল, তাৰ পাছত হে এই উপহাৰটো প্ৰাপ্ত হল। এতিয়াটো মোৰ প্ৰমোচন নিশ্চিত নে ছাৰ!

বচ : নিশ্চয় বিক্ৰম, আৰু এবাৰ দুবাৰ এই ফুলৰ ৰস পান কৰি লও, তাৰ পাছত তোমাৰ প্ৰমোচন নিশ্চিত।

এয়া কৈ, বচ তাৰ পৰা গুচি যায়। বিক্ৰমে সন্তুষ্ট লভি তাতে এটা চিগাৰেট জ্বলাই লয়, তেতিয়া মালা যেনেতেনে বিক্ৰমৰ কাষলৈ আহি কয়,”তুমি মোৰ লগত বিশ্বাসঘাতকতা কৰিলা! “

বিক্ৰম, ইয়াত বিশ্বাসঘাতকতা কি! মই প্ৰথমেই জানিছিলো যে আণ্টিক ধন আদায় দিলেও তোমাক দিল্লীলৈকে অনুমতি নিদিব,সেয়ে অলপ অভিনয় কৰিব লগা হল।অবশ্যে তুমি পইচাৰ বাবে, এইবোৰ প্ৰথমৰপৰাই কৰা, আৰু আজি ইয়াত কৰিলা তাতে কি হল! আৰু কোনো পইচা নিদিয়াকে কৰা নাই? ইয়াৰ ধন তুমি নিশ্চয় পাবা। কিন্তু যেতিয়াই মই কওঁ, তেতিয়া তুমি মোৰ লগ দিব লাগিব। তোমাৰ জীৱন সুন্দৰ কৰি দিম।


আৰু পঢ়ক
>> সন্তান নথকা কাৰনে সকলোৱে মোক বাজি বুলি হাঁহে…পঢ়িলে চকু পানী উলাই আহিব !
>> ল’ৰাই ছোৱালীক ৰুমলৈ অহাৰ প্রস্তাৱ, কিন্তু ছোৱালীয়ে ক’লে…
>> সপোনত সহবাস আৰু নগদ ৫০,০০০ হাজাৰ টকাৰ জৰিমনা


মালা : আৰু বিবাহ?

বেশ্যাৰ বিবাহ নহয় মালা!

এনে কৈয়ে, বিক্ৰম তাৰ পৰা যাবলৈ লয়, তেতিয়া পাচফালৰপৰা মালাই বিক্ৰমৰ ডিঙিত এখন চোকা ছুৰী কটাৰি ৰাখে, আৰু লাহে কৰি তাৰ কাণত কয়,

বেশ্যাৰ বিবাহ নহব পাৰে, কিন্তু তাহাঁতৰ হৃদয় নিশ্চিয় থাকে।এনে কৈয়ে ছুৰী খনেৰে বিক্ৰমৰ ডিঙিত ৰেপি দিয়ে। বিক্ৰমে চিঞঁৰি তাতে ধলি পৰিল আৰু সি মৃত্যুক সাৱটিলে। আৰু কিছু সময়ৰ পাছত মালাও অচেতন হৈ পৰিল।

পাচদিনা বাতৰি কাকতৰ প্ৰথম পাততে খবৰ ওলাল, যত লিখা আছিল,

“অবৈধ সম্বন্ধৰ পৰিনতিত আৰু এগৰাকী প্ৰেমিকৰ হত্যা”

Creadit: smj24.in

Leave a Comment