অন্ন অথবা খোৱা খাদ্যক মা লক্ষ্মীৰ প্ৰতীক হিচাপে চিহ্নিত কৰা হয় । খাদ্যই অকল মানুহৰ ক্ষুধা নিবৃত্তি নকৰে ; ই মানুহৰ জীৱন যাপনৰ বাবে প্ৰয়োজনীয় অনেক কিছু উদ্ভাৱনৰ অনুঘটক হিচাপেও কাম কৰে। মানুহ বাছি থকাৰ অন্যতম মাধ্যম অথবা বিষয় হৈছে এই খাদ্যগ্ৰহণ। অথচ খাদ্য গ্ৰহণৰ বাবে বহি বা খাদ্যগ্ৰহণ কৰাৰ সময়ত বহু লোকে কিছুমান নকৰিব লগীয়া কাম কৰি থাকে।
হয়তো মানুহে অজানিতে সেই ভুল সমূহ কৰে বা শৈশৱৰ পৰাই কিছু মানুহ সেই কুঅভ্যাসৰ দ্বাৰা অভ্যস্ত। কিন্তু এই কুকৰ্মৰ ওপৰতে গৃহত মা লক্ষ্মীৰ অৱস্থান আৰু মা লক্ষ্মীৰ গৃহ পৰিবৰ্জন নিৰ্ভৰশীল হয়। আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰিলে দেখা যায় যে এইসমূহ অকল সংস্কাৰে নহয় বিজ্ঞান সন্মত কথা হয় ; লগতে ইয়াৰ ওপৰত নিৰ্ভৰ কৰে মানুহৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিষয় সমূহো। সেয়ে তলত উল্লেখিত বিষয় সমূহ খাদ্য গ্ৰহণ কৰা সময়ত সদায় মনোযোগ দিয়া দৰকাৰী।
১) খাদ্য গ্ৰহণৰ সময়ত কেতিয়াও ভৰি জোকাৰি থাকিব নালাগে তেনে কৰিলে মা লক্ষ্মী ৰুষ্ট হয়। এনে কৰাৰ ফলত জীৱনত নানান কষ্ট আহিব পাৰে। আৰু সংসাৰত চূড়ান্ত অমংগল আহিব পাৰে। বৈজ্ঞানিক দৃষ্টিভংগীৰে চাবলৈ হলে খাদ্য গ্ৰহণৰ সময়ত ভৰি জোকাৰি থাকিলে খাদ্যনলীত ভালদৰে খাদ্য পৰিপক্ক নহয়, হ’ব পাৰে বদহজম। যাৰ ফলত পেটৰ ৰোগ উৎপত্তি হয় আৰু সমস্ত ৰোগৰ মূল কাৰণ হৈছে পেটৰ ৰোগ। আৰু আমাৰ শাস্ত্ৰই পৰিস্কাৰ কৰি কৈছে যে কোনোবাই যদি খাদ্য গ্ৰহণৰ সময়ত ভৰি জোকাৰি থাকে তেওঁৰ গৃহত মা লক্ষ্মী অৱস্থান নকৰে। এতিয়া বৈজ্ঞানিক নে শাস্ত্ৰৰ কথাক আপুনি গুৰুত্ব দিব সেয়া আপোনাৰ ব্যক্তিগত কথা।
২) খাদ্য সম্পূৰ্ণ খোৱা শেষ নোহোৱাকৈ কেতিয়াও উঠিব নালাগে। আধা খোৱাকৈ খাদ্য এৰি দিয়া মানে হৈছে খাদ্যক তিৰস্কাৰ কৰা, অপমান কৰা। সঘনাই এনে কাম কৰিলে গৃহত ঘোৰ অমংগল দেখা দিব পাৰে কিয়নো এনে কুসংস্কাৰৰ ফলত মা লক্ষ্মী অত্যন্ত ৰুষ্ট হৈ পৰে। কোনো ডাঙৰ ঘটনা অথবা জীৱন সংকটৰ প্ৰশ্ন নাথাকিলে কেতিয়াও খাদ্য অসম্পূৰ্ণ কৈ খাই উঠিব নালাগে । বৈজ্ঞানিক দৃষ্টিভংগীৰে যদি চোৱা হয় খাবলৈ বহি বাৰে বাৰে উঠি গৈ থাকিলে শৰীৰৰ বাবে ক্ষতি হয়, কাৰণ খাদ্য গ্ৰহণৰ সময়ত যি লেলাউটি ক্ষৰণ হয় সেয়াই খাদ্য পৰিপাকত সহায় কৰে, আৰু যদি বিৰতি দি খাদ্য গ্ৰহণ কৰি থকা হয় তেতিয়া উপকাৰী লেলাৱটিৰ পৰা শৰীৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব পাৰে যেনে উদৰশূল , বদহজম আদি।
৩) গামোচা পিন্ধি , টাৱেল পৰিধান কৰি , চুটি বস্ত্ৰ পৰিধান কৰি কেতিয়াও খাদ্য গ্ৰহণ কৰিব নালাগে ; এনে কৰিলে সংসাৰৰ অভাৱ কেতিয়াও শেষ নহয়, কিয়নো এনে কৰাৰ ফলত লক্ষ্মীক অসন্মান কৰা হয় , যিমান উপাৰ্জন নকৰিলেও অভাৱ শেষ নহয়। এনে কৰাৰ ফলত লক্ষ্মী নহয় অলক্ষ্মী প্ৰৱেশ কৰিব, দৰিদ্ৰতা আহিব পাৰে।
৪) খাদ্য গ্ৰহণৰ সময়ত খাদ্য আগত লৈ খাব এৰি চিন্তা কৰি সময় কটাব নালাগে ; এনে কৰিলে সেই গৃহত অভাৱ আৰু নাটনি আহিব পাৰে। এই কৰ্ম বেছিভাগ শিশুৱে কৰা দেখা যায়।
৫) খাদ্য গ্ৰহণৰ সময়ত জল পান কৰিব নালাগে। ইয়াৰ সৈতে প্ৰত্যক্ষভাৱে মা লক্ষ্মীৰ সম্পৰ্ক নাই কিন্তু খাদ্য গ্ৰহণ কৰাৰ কিছু পিছতহে পানী পান কৰিব লাগে নহলে স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হ’ব পাৰে। বৈজ্ঞানিকভাৱে কবলৈ হলে খাদ্য গ্ৰহণৰ সময়ত বাৰে বাৰে পানী সেৱন কৰিলে খাদ্য হজম নহয় ; কিন্তু যদিহে পানী পান নকৰিলে ডিঙিত খাদ্য লাগি যায় তেতিয়া কথা বেলেগ আৰু তেতিয়া সামান্য পানী সেৱন কৰা দৰকাৰী বেছিকৈ নহয়। আৰু পানী খোৱাৰ প্ৰশ্নই নাহে যদিহে আহাৰ লাহে লাহে ভালকৈ চোবাই খাই কিয়নো আহাৰত ইতিমধ্যে পানী সংযোজিত হৈ থাকে আৰু চেষ্টা কৰিব লাগে যে যাতে আহাৰ গ্ৰহণৰ কমেও এক ঘন্টা পিছত পানী সেৱন কৰা হয়।
শেষত, খাবলৈ বহাৰ আগতে হাত দুখন ভালকৈ চাবোনেৰে ধুই অন্নদাত্ৰীক হাতযোৰ কৰি লাহে লাহে খাদ্য খোৱা আৰম্ভ কৰিব লাগে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে যে খাদ্য কেতিয়াও নষ্ট কৰিব নালাগে ; অন্নৰ অপচয় কৰিলে নিশ্চিত যে ভৱিষ্যত প্ৰজন্মৰ বাবে অন্ন নাথাকিব।
This was beautiful Admin. Thank you for your reflections.
buildwest.com.au