এবাৰ এজন মানুহে নিজৰ আৰ্থিক অভাৱত অতিষ্ঠ হৈ এজন সাধুৰ ওচৰলৈ গৈ সুধিলে, “গুৰুদেৱ , এই পৃথিৱীত কিছুমান মানুহ ইমান সফল হয় যে কোটি কোটি টকা উপাৰ্জন কৰে, আকৌ কিছুমান এনে লোক আছে যিয়ে একেবাৰে অভাৱত দিন কটায়। এনে কিয় ? এনেকুৱা কি কথা আছে যিয়ে সফল ব্যক্তিক আনতকৈ ইমান পৃথক কৰে । উত্তৰত মহাত্মাই ক’লে জীৱনত সফল হোৱাৰ কিছুমান নিয়ম বা উপায় থাকে যিবোৰ সফল ব্যক্তিসকলে জ্ঞাতে অজ্ঞাতে অৱলম্বন কৰে। যদি তুমিও এই উপায়সমূহ মানি চলা তুমিও সফল হ’ব পাৰিবা আৰু ধনী হোৱাৰ বাটো মুকলি হ’ব।
১. জীৱনৰ এটা লক্ষ্য নিৰ্ণয় কৰা:
বহুলোকক যেতিয়া সোধা হয় তোমাৰ জীৱনৰ লক্ষ্য কি , তেতিয়া মিচিকিয়াই কয় এতিয়ালৈ একো ভবা নাই। যদি তুমিও তাৰ মাজৰে এজন তেন্তে আজিয়ে এই অভ্যাস সলনি কৰা। কেৱল চাকৰি কৰাটোৱেই অন্তিম লক্ষ্য হ’ব নোৱাৰে। সেইটো জীৱনৰ মাত্ৰ এটা পৰ্যায়হে। সফল হ’বলৈ হ’লে জীৱনৰ এটা শুদ্ধ লক্ষ্য নিৰ্ধাৰণ কৰি তাক নিজৰ কৰিবলৈ এই ৩টা কাম কৰা – নিজৰ লক্ষ্যটো কেৱল মগজুত নহয়, কাগজত লিখি ৰাখা। নিজৰ লক্ষ্যত উপনীত হ’বলৈ তুমি কোনটো পৰ্যায়ত ত্যাগ কৰিব পাৰিবা ? টোপনি কম কৰিব পাৰিবা ? আনতকৈ বেছি কষ্ট কৰিব পাৰিবা ? হাঁহি তামাচাত অবাবত সময় নষ্ট নকৰাকৈ থাকিব পাৰিবা ? নিজৰ লক্ষ্য সম্বন্ধীয় কিতাপ পঢ়িব পাৰিবা ?ইত্যাদি। এই সমূহো কাগজত লিখি ৰাখা। প্ৰতিদিনে তিনিবাৰ নিজৰ লক্ষ্যটো ডাঙৰ কৈ পঢ়িবা।
তেতিয়া তোমাৰ মগজুৱে বুজি পাব যে তুমি তাৰ পৰা কি বিচাৰা আৰু সি সেই দিশতে কাম কৰা আৰম্ভ কৰিব। তোমাৰ লক্ষ্যত উপনীত হোৱাৰ দিশে ন ন চিন্তা মুকলি কৰিব।
২. নিজৰ ওপৰত বিশ্বাস ৰাখা:
তুমি নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব যে তুমিও সফল আৰু ধনী হ’ব পাৰিবা। মূল সমস্যাটো হ’ল মানুহে সাধাৰণতে ভয় খাই যায়। মানুহৰ মনত বিশেষকৈ এই ছয় প্ৰকাৰৰ ভয় থাকে – দুখীয়া হোৱাৰ ভয়, বৃদ্ধ হোৱাৰ ভয়, কিবা বেয়া হোৱাৰ ভয়, মৰম-সন্মান হেৰুৱাৰ ভয়, ৰোগৰ ভয়, মৃত্যুৰ ভয়। যদি তোমাকো এই ভয়বোৰে আমণি কৰে তেঞে নিজৰ লগত সকৰাত্মক কথা পতা আৰম্ভ কৰি দিয়া। আত্মবিশ্বাস বাঢ়িব । নিজৰ ভয়ৰ মুখামুখি হ’বলৈ শিকা । চাবা তুমি জয়ী হ’বাই। যদি এটা শিশুৱে পৰি দুখ পোৱাৰ ভয়ত খোজ কাঢ়িবলৈ এৰি দিয়ে তেন্তে সি জীৱনত কেতিয়াও খোজ কাঢ়িবই নোৱাৰিব। এই মানসিকতা লৈয়েই আগবাঢ়া নিজৰ লক্ষ্যৰ পথত। হাজাৰ বাৰ পৰিলেও হাজাৰ বাৰ উঠা।
৩. যি কামেই নকৰা কিয় সম্পূৰ্ণ উৎসাহেৰে কৰা:
বহুলোকে কামৰ নাম শুনিলেই মুখ কোচাই। কিন্তু যদি কামত ৰুচি নাথাকে তেন্তে সেই কাম সম্পূৰ্ণ হ’ব কেনেকৈ ? সেইবাবে কামৰ মাজত বিৰতি লোৱা। কামটো ফূৰ্তিৰে কৰা। সদায় নিজকে ক’বা যে মই মোৰ কামটো বহুত ভাল পাওঁ।
৪. আত্মসংযম ৰাখিবলৈ শিকা:
উৎসাহত কাম সোনকালে হয়। কিন্তু আত্মসংযমে তাক সঠিক দিশত ৰাখে। যেনে ৰাতিপুৱা সোনকালে উঠা, যিকোনো ঠাইত সঠিক সময়ত উপস্থিত হোৱা। একো কামেই আধাতে এৰি নিদিয়া। অৰ্থহীন আলোচনাত সময় নষ্ট নকৰিবা। কথাই প্ৰতি খং,তৰ্ক নকৰিবা। এইবোৰ এনে কাম,যাক কৰিবলৈ বা নকৰিবলৈ হ’লে তুমি আত্মসংযম ৰাখিব লাগিব। তেতিয়াহে সফল হ’বা।
৫. সঞ্চয়ৰ অভ্যাস:
বহুলোকে অলপ ধন উপাৰ্জন কৰাৰ লগে লগেই দামী বস্তু ক্ৰয় কৰাত লাগে। এনে কৰিলে । নিজৰ চখ আৰু আনক দেখুৱাৰ স্বাৰ্থত তেওঁলোকে এনে কিছুমান বস্তু কিনি পেলায় যিয়ে তেওঁলোকৰ খৰচ আৰু বৃদ্ধি কৰি দিয়ে। যেনে-বিলাসী ঘৰ, দামী গহনা ইত্যাদি। তেনে লোকে কেতিয়াও সঞ্চয় কৰিব নোৱাৰে আৰু সদায় দুখীয়া হৈ থাকে। মানুহে নিজৰ উপাৰ্জনৰ অতি কমেও ১০% সাঁচিব লাগে।
৬. এজন নেতাৰ দৰে কথাবোৰ ভাবিবলৈ শিকা:
এজন নেতাৰ দৰে প্ৰথমে এইকেইটা কাম কৰা । নিজৰ লক্ষ্যত কিদৰে উপনীত হ’বা তাৰ সম্পুৰ্ণ পৰিকল্পনা তৈয়াৰ কৰা। তাৰ পিছত তাৰ বাবে প্ৰয়োজনীয় কামবোৰ কৰিবলৈ।আৰম্ভ কৰা। এজন নেতৃত্ব দিব পৰা ব্যক্তি আৰু সাধাৰণ ব্যক্তিৰ মাজত পাৰ্থক্য এটাই যে সাধাৰণ মানুহে দুই তিনিবাৰ বিফল হ’লেই হাৰ মানে আৰু নেতাই যিমান বাৰ বিফল হ’লেও হাৰ নামানে।
৭. ভিৰৰ টৰা আঁতৰি ভাবিবলৈ আৰু কিবা এটা নতুন কৰিবলৈ চেষ্টা কৰা:
এনেইটো সৃজনশীলতা গুণ জন্মগত হয়। কিন্তু অভিজ্ঞতাই মানুহৰ চিন্তাক ৰচনাত্মক কৰে। আৰু তেতিয়া কিবা এটা নতুন আৰু বেলেগ কৰাৰ কথা ভাবে। জীৱনৰ দুখ আৰু সমস্যাবোৰেও মানুহক পৃথককৈ চিন্তা কৰিবলৈ শিকায়। ৰচনাত্মক চিন্তা বিকাশ কৰিবলৈ কিবা এনেকুৱা ভাবা যি আগতে কেতিয়াও কোনেও কৰা নাই। তাৰ বাবে বেলেগ বেলেগ ঠাই ফুৰা, বেলেগ বেলেগ মানুহ লগ কৰা, বেলেগ বেলেগ বিষয়ৰ ওপৰত অধ্যয়ন কৰা , নতুন কাম কৰাৰ প্ৰয়াস কৰা।