নাৰী হোৱাটো সিমান সহজ নহয় !

WhatsApp Follow

জন্মৰ কেইদিন মান পিছতেই নাক,কাণ ফুটোৱাৰ দুখ সহ্য কৰিবলগীয়া হয়।

প্রতি মাহে মাহে কৰুন যন্ত্ৰণা সহ্য কৰিব লগীয়া হয়।
অলপ ডাঙৰ হলেই হেজাৰৰো অধিক বিয়াৰ প্ৰস্তাৱ ৰিজেক্ট কৰি নিজৰ ভৰিৰ ওপৰত থিয় হোৱাৰ চেষ্ঠা কৰিবলগীয়া হয়।

নিজৰ পৰিয়ালক এৰিব লগীয়া হয়।নিজৰ পৰিয়ালক এৰি অইন কোনোবা অচিনাকী পৰিয়ালত গৈ অতি কম সময়ৰ ভিতৰতেই এডযাষ্ট হব লগীয়া হয়।

সংসাৰৰ কাম নাজানিলেওঁ দিনৰ শেষত কামবোৰ ঠিকেই কৰিবলগীয়া হয়।

মা হোৱাৰ কষ্টৰ কথা নহয় নকলোৱেই!যত এজন সাধাৰণ মানুহে যিদৰে 34 টা দুখ সহ্য কৰিব পাৰে তত মা হোৱাৰ সময়ত 35+ ৰো অধিক দুখ সহ্য কৰিবলগীয়া হয়।

শীতকালত সন্তানৰ প্ৰেচাবেৰে তিতি থকা কেথা বা কম্বলত শুব লগীয়া হয়।

শিশু যত্নৰ পৰা আৰম্ভ কৰি,শিশুৰ লিখাপঢ়া, খেল-ধেমালী সহকাৰে সংসাৰৰ সকলো কামেই একেলগে কৰিবলগীয়া হয়।ইয়াৰ পিছত আহে সংসাৰ জীৱনৰ সমস্যা।যি চকুমুদি বুজি সহ্য কৰিবলগীয়া হয় গোটেই জীৱনটো।

প্রতিবাদ কৰিলেই দেউতাৰ ঘৰলৈ গুচি যোৱা বুলি কথাবোৰ শুনিবলগীয়া হয়।এইদৰেই জীৱনৰ আৰম্ভণিৰ পৰা শেষলৈ সকলো খিনি সহ্য কৰিবলগীয়া হয়।

সিহতক কষ্ট নিদি অলপ ভালপোৱা দিয়ক,মৰম কৰক,যত্ন লওক। জন্মৰ পিছৰ পৰাই সিহতে বহুত কিবা সহ্য কৰি আহিছে। সিহত ভালপোৱা পোৱাৰ যোগ্য।

নাৰী হোৱাটো সিমান এটা সহজ কথা নহয়।নাৰীয়ে সকলো খিনি সহ্য কৰিব পাৰে।মা জাতি টোৱে সকলো দুখেই সহ্য কৰিব পাৰে।ঈশ্বৰে সিহতক সহ্য কৰাৰ ক্ষমতা দিয়েই পঠোৱাইছে এই পৃথিৱী খনত।

বিদ্র=লিখনিটো যদি ভাল লাগিছে শ্বেয়াৰ কৰিব…

✍️ Jakir Hussain

Disclaimer. এই কাহিনীটো Jakir Hussain নামৰ এটা ফেচবুক একাউন্টৰ পৰা কপি কৰা হৈছে ।
যদি লেখকৰ কিবা অভিযোগ থাকে তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰে
Email. assameseblogger039.gmail.com

Leave a Comment