পিতৃৰ দ্বাৰাহে সন্তানৰ লিংগ নিৰ্ণয় হয়, ল’ৰা বা কন্যা সন্তান জন্মৰ বাবে মাতৃ জগৰীয়া নহয়

WhatsApp Follow

( ড. দীনেশ কাকতি ) যুগ্ম জীৱনৰ সাক্ষী হিচাপে সন্তান সকলোৰে কাম্য । উপযুক্ত বয়সত বিবাহপাশত আৱদ্ধ হৈ মানুহে সংসাৰ গঢ়াৰ নিয়ম । পতি পত্নীৰ যৌন কাৰ্যৰ ফলশ্ৰুতিত সন্তান জ্ন্ম হয় । পিছে গৰ্ভত থিতাপি লোৱা সন্তান ল’ৰা হ’ব নে ছোৱালী হ’ব সেয়া সহজেই জনাৰ উপায় নাই । আনকি তাক আগতীয়াকৈ জানিব বিচৰাটোও এক আইনগত অপৰাধ । আমাৰ সমাজত এতিয়াও একাংশ লোকে ছোৱালীৰ সলনি ল’ৰা জন্ম হ’লে আনন্দিত হয় । কিছুমানে আকৌ ছোৱালী জন্ম দিয়া মাতৃগৰাকীক অৱহেলাৰ চকুৰে চায় । ছোৱালী জন্ম দিয়া মাতৃগৰাকীক কুলক্ষণী বুলি ক’বলৈ কুণ্ঠাবোধ নকৰে । এয়া হ’ল কন্যা বা ল’ৰা সন্তান জন্ম হোৱাৰ বৈজ্ঞানিক ভিত্তি নজনা লোকৰ আচৰণ । The father determines the sex of the child

ইতিমধ্যে প্ৰমাণ হৈছে যে মহিলাৰ ডিম্বাশয়ত যিবোৰ ডিম্বাণু তৈয়াৰ হয় সেই বোৰৰ প্ৰত্যেকতে X ক্ৰমজম থাকে । অৰ্থাৎ সকলো ডিম্ব একেই । কিন্ত পুৰুষৰ শুক্ৰাশয়ত যিবোৰ শুক্ৰাণু উৎপন্ন হয় সিবোৰৰ 50 শতাংশ X ক্ৰমজম আৰু 50 শতাংশ Y ক্ৰমজম বিশিষ্ট । অৰ্থাৎ শুক্ৰাণুবোৰ একে নহয় । যদিহে যৌন সম্পৰ্কৰ দ্বাৰা মহিলাৰ দেহত প্ৰৱেশ কৰা শুক্ৰাণুবোৰৰ X ক্ৰমজম থকা শুক্ৰাণুৱে প্ৰতিযোগিতাৰ দ্বাৰা নাৰী দেহৰ ফেল’পিয়ান টিউবত অপেক্ষাৰত ডিম্বাণুক নিষিক্ত কৰে তেনেহলে সন্তান ছোৱালী হ’ব । অৰ্থাৎ পুৰুষৰ X ক্ৰমজম আৰু মহিলাৰ X ক্ৰমজমৰ লগত মিলন হ’ব । আনহাতে যদিহে পুৰুষৰ Y ক্ৰমজম থকা শুক্ৰাণুই মহিলাৰ X ক্ৰমজমৰ ( মহিলাৰ সকলোতে X হে থাকে) লগত নিষিক্ত হয়, তেনেহলে ল’ৰা সন্তান হ’ব । সেয়ে সন্তান ল’ৰা হ’ব নে ছোৱালী হ’ব সেয়া পিতৃৰ শুক্ৰাণুৰ ক্ৰমজমৰ ওপৰত নিৰ্ভৰশীল । ইয়াত মাতৃ গৰাকীৰ ভূমিকা নাথাকে ।


আৰু পঢ়ক-
>> মুখ উজ্জ্বল কৰাৰ ঘৰুৱা উপায়।
>> মূৰৰ বিষৰ পৰা পৰিত্রাণ পোৱাৰ সহজ উপায়।


মাতৃয়ে সন্তানক ন মাহতকৈও অধিক কাল গৰ্ভত সুৰক্ষিত কৰি জন্মৰ পিছত নিজৰ দুগ্ধপান কৰাই সন্তানক ডাঙৰ দীঘল কৰে । সেয়ে জৈৱিক ভাৱে মাতৃ গৰাকী পিতৃতকৈ সন্তান লালন পালনত উচ্চ খাপৰ । এনে বৈজ্ঞানিক ধাৰণা ৰহিত সমাজত যুগে যুগে মহিলাসকল অপমানিত তথা অৱহেলিত হৈ আহিছে । ছোৱালীও যে মানৱ সম্পদ সেই ধাৰণা গা কৰি উঠা সমাজ কেতিয়াও এনে মনৰ নহয় । শিক্ষিত সমাজ আৰু চৰকাৰৰ স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত জন সজাগতা মূলক আচঁনি লৈ সমাজত থকা এনে সংকট দূৰ কৰিব পাৰে । প্ৰচাৰ মাধ্যম সমূহেও এই ক্ষেত্ৰত ইতিবাচক পদক্ষেপ ল’লে সুফল পোৱা যাব ।

Source Link. https://windowtv.in/dinesh-kakoti-gender-determination/

4 thoughts on “পিতৃৰ দ্বাৰাহে সন্তানৰ লিংগ নিৰ্ণয় হয়, ল’ৰা বা কন্যা সন্তান জন্মৰ বাবে মাতৃ জগৰীয়া নহয়”

Leave a Comment