পুৰুষতকৈ নাৰীৰ যৌন বাসনাৰ ভাব আঠগুণ বেছি! চাণক্যৰ মতে নাৰীৰ আৰু কি কি বেছি?

WhatsApp Follow

প্ৰায় ২৫০০ হাজাৰ বছৰ আগতেই চাণক্যই লিখি থৈ গৈছে মাুহৰ জীৱন যাত্ৰাত কামত আহিব পৰাকৈ বহু অমূল্যবাণী৷ চাণ্যকৰ নীতি হিচাবে সমগ্ৰ বিশ্বতে জনাজাত সেই কথাবোৰৰ ভিতৰৰে বহুতৰে প্ৰাসংগিকতা এতিয়াও আছে৷ অৱশ্যে পৰিৱৰ্তিত পৰিস্থিতিত চাণক্যৰ বহু নীতি এতিয়া অসাৰ যেনো হৈ পৰিছে৷ যিকিনহওঁক, আচাৰ্য চাণক্যই পুৰুষ আৰু মহিলাৰ মাজৰ সম্পৰ্ক আৰু তেওঁলোকৰ দোষৰ বিষয়েও লিখি থৈ গৈছে।চাণক্যৰ মতে পুৰুষতকৈ নাৰীৰ কামনাৰ ভাব আঠগুণ বেছি । কিন্তু সেয়া নাৰীয়ে প্ৰকাশ নকৰে৷

পুৰুষতকৈ লাজ আৰু সহনশীলতা অধিক হোৱাৰ বাবেই নাৰীয়ে নিজৰ ভিতৰত থকা কামনাৰ ভাব প্ৰকাশ নকৰে৷ ইয়াৰ উপৰি নাৰীসকল পুৰুষতকৈ বেছি সংস্কাৰী হোৱা বাবেই তেওঁলোকে কাম ভাব অবদমন কৰি ৰাখে৷ চাণক্যই মহিলাৰ ভোক, লাজ, সাহস আৰু কাম কৰাৰ আকাংক্ষাৰ বিষয়েও কৈ গৈছে। তেওঁৰ মতে চাৰিটা বস্তু পুৰুষতকৈ মহিলাৰ বেছি থাকে। মহিলাসকল পুৰুষতকৈ বেছি ভোকাতুৰ। তেওঁলোকৰ আনকি অধিক সাহসো আছে।মহিলাগৰাকীৰ লাজ পুৰুষতকৈ চাৰিগুণ বেছি। সাহস ছয় গুণ বেছি৷

আচাৰ্য চাণক্যই মহিলাৰ শক্তিৰ বিষয়ে কৈছে । নাৰী পুৰুষৰ তুলনাত দুগুণ ভোকাতুৰ। অৱশ্যে বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত, এয়া অসত্য যেন লাগিব পাৰে। কাৰণ এতিয়া নাৰীসকলৰ জীৱনশৈলী সলনি হৈছে। বহুতে ডায়েটিং কৰিবলৈ আৰম্ভ কৰিছে।

বহুতে কয় যে মহিলাসকল ভয়াতুৰ। অৱশ্যে, আচাৰ্যই কৈছে যে পুৰুষতকৈ মহিলাসকলৰ সাহস ছয় গুণ বেছি। সেইকাৰণে মহিলাসকলক শক্তি হিচাপে পূজা কৰা হয়।
(বিঃদ্ৰঃ এই লেখা চাণক্যৰ নীতিৰ ওপৰত আধাৰিত৷ ইয়াত প্ৰাগ নিউজ ডিজিটেলৰ নিজস্ব মতামত প্ৰতিফলিত হোৱা নাই)

Leave a Comment