পুৱা সাৰ পোৱাৰ পিছত কৰিব লগীয়া বিশেষ ৬ টা কাম

WhatsApp Follow

বহুসংখ্যক মানুহে কয় যে পুৱাৰ আৰাম্ভনি ভাল হ’লে গোটেই দিনটো ভাল দৰে পাৰ হয়। সেই বাবে সকলোৱে পুৱাৰ ৰুটিনখন স্বাস্থ্যকৰ কৰি ৰাখিব লাগে, প্রায় মানুহেই টোপনিৰ পৰা সাৰ পোৱাৰ পিছত, যেতিয়া পুৱাৰ আহাৰ গ্ৰহণ কৰি কাম-কাজে ওলাই যায়, কিন্তু সময় গৈ থকাৰ পিছত এলাহ অনুভৱ কৰিবলৈ লয়। ইয়াৰ বাবেই মানুহৰ পুৱাৰ কাৰ্যকলাপৰ সঠিক পৰিকল্পনা কৰাটো উচিত।

পুৱা সাৰ পোৱাৰ পিছত দিনটোৰ বাবে সতেজ হৈ থাকিবলৈ কৰিব লগীয়া বিশেষ কাম

1. প্ৰতিদিনে একে সময়তে টোপনিৰ পৰা সাৰ পাবলৈ চেষ্টা কৰক

পুৱা টোপনিৰ পৰা সাৰ পোৱাৰ এক সঠিক সময় নিৰ্ধাৰণ কৰক, যদি কোনোবাই প্ৰতিদিনে একে সময়তে সাৰ পায়, তেনেহ’লে তেওঁৰ শৰীৰৰ প্ৰক্ৰিয়াবোৰ সঠিকভাৱে চলি থাকিব। যদি ইয়াৰ সময়ৰ সাল-সলনি হয়, তেন্তে দিনটোৰ বাবে মনটো বিচলিত হ’ব পাৰে।

2. পুৱা এগিলাচ পানী খাব

পুৱা সাৰ পোৱাৰ পিছত পানী খোৱাৰ অভ্যাস কৰক, ই কেৱল শৰীৰক হাইড্ৰেটেড কৰি ৰখাই নহয়, লগতে তেজৰ চলাচলত সমস্যা সৃষ্টি নকৰে আৰু গোটেই দিনটো পেটত গেছৰ কোনো সমস্যা নহয়।

3. পুৱা খোজ কাঢ়িব

পুৱা উঠাৰ লগে লগে কাম-কাজলৈ যাব খৰধৰ নকৰি, টোপনিৰ পৰা সাৰ পোৱাৰ পিছত প্ৰায় ২০ ৰ পৰা ৩০ মিনিট খোজ কাঢ়িব বা ব্যায়াম কৰিব লাগে।

আৰু পঢ়ক-

4. পুৱাৰ আহাৰত প্ৰ’টিন খাব

পুৱা তেলেতীয়া খাদ্য খোৱাৰ সলনি স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। পুৱাৰ আহাৰত এনে খাদ্য খাব য’ত প্ৰ’টিন সমৃদ্ধ হৈ থাকে, কিয়নো ই শক্তিৰ এক সমৃদ্ধ উৎস। ইয়াৰ ফলত মানুহে গোটেই দিনটোলৈ ভাগৰুৱা অনুভৱ নকৰিব।

5. বিচনাত চাহ খোৱা বাদ দিব

বহুলোকে পুৱা সাৰ পোৱাৰ লগে লগে বিচনাতে চাহ খোৱাৰ অভ্যাস কৰে, যাক বেড টি বুলি কোৱা হয়। খালী পেটত চাহ খালে পেটৰ সমস্যা হ’ব পাৰে। বিশেষকৈ যদি কাৰোবাৰ কোষ্ঠকাঠিন্য আছে, তেন্তে এই বদঅভ্যাসটো বাদ দিয়াই ভাল।

6. কিতাপ পঢ়িব

২০১৩ চনত বহু কেইজন মানুহৰ ওপৰত গবেষণা হৈছিল, যিসকলে গবেষণাত অংশগ্রহণ কৰিছিল তেওঁলোকে ৬ দিন কিতাপ পঢ়াৰ পিছত MRI Scan কৰি দেখা গৈছে যে, যিমানেই গল্প ৰস্যেৰ দ্বিষত আগবাঢ়িছে সিমানেই তেওঁলোকৰ ব্রেনৰ কোষবোৰ উদ্দীপনাত ভৰপুৰ হৈ উঠিছে।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে, বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

Leave a Comment