পত্নী=মোক নামাৰিবা,প্লিজ মোক নামাৰিবা,আ আহ্
বহুত দুখ পাইছোঁ আৰু নামাৰিবা…………!
স্বামী=সদায় সদায় কিবা এটা নহয় কিবা এটা
ওলাইয়ে তোৰ। বাপেৰৰ ঘৰত একো শিকি
নাহিলি,মোৰ ঘৰত কুকুৰৰ দৰে খাব হে
আহিলি তই। ওলাই যা মোৰ ঘৰৰ পৰা, যা..।
(পত্নীৰ চুলিকোচাত ধৰি স্বামীয়ে তাইক বাহিৰলৈ চুচৰাই লৈ আহিল)
পত্নী=প্লিজ মোৰ লগত তেনেকুৱা নকৰিবা,মানুহে
দেখিছে বাহিৰত………।
স্বামী=( ভৰিৰে গুৰিয়াই সি ভিতৰলৈ সোমাই আহি)
দেখিলেওঁ দেখক,কুকুৰ ঠাই সদায় বাহিৰতে।
পত্নী=(কান্দোনত কলে),ৰাহুল তেনেকুৱা নকৰিবা
মোৰ লগত,ইমান ৰাতি অকলে কলৈ যাম মই
ক’ত থাকিম মই!
স্বামী=এৰি দে মোৰ ভৰি……।
পত্নী=প্লিজ ৰাহুল!
স্বামী=এৰ বুলি কৈছোঁ নাই,এৰ মোৰ ভৰি কুলক্ষনী।
পত্নী=মই তোমাক এৰি নাযাওঁ,মই তোমাৰ পত্নী
ৰাহুল ! মোৰ লগত কিয় এনেকুৱা কৰিছাঁ?
কি ভূল কৰিলোঁ মই!
স্বামী=কিয় নকৰিম? বাপেৰৰ ঘৰৰ পৰা একো এটা
নিদিলে ,খালী হাতে অকল খাবলৈ হে আহিলি
তাৰোপৰি ,ভাতকেইটা ও বনাব শিকি নাহিলি
বাপেৰৰ ঘৰত।কেতিয়াবা দাইলত নিমখ কম
কেতিয়াবা হালধী কম।
পত্নী=তাৰ মানে তুমি মোক অলপো ভাল পোৱা
নাছিলা , দেউতাৰ সম্পত্তিৰ লোভত হে
পলোৱাই আনিছিলা…………
স্বামী=ঘৰৰ একমাত্ৰ ছোৱালী হৈওঁ একো এটা
আনিব নোৱাৰিলি বাপেৰৰ ঘৰৰ পৰা। পলাই
আহিলি বুলি একো এটা নিদিলে বাপেৰে
তোৰ নামত। এতিয়া কি কৰিবলৈ মোৰ মুখখন
চাই আছ’,বাপেৰকো খুজিব নোৱাৰ
টকা-পইচা!
পত্নী=কিন্তু ! কিন্তু ,মই তু প্ৰথমতেই কৈছিলোঁ মাক-
দেউতাক এৰি তোমাৰ কাষলৈ আহিছোঁ আৰু
পলাই বিয়া হ’লে এটকাও নিদিয়ে দেউতাহঁতে।
তেন্তে তেতিয়া কিয় মান্তি হৈ আনিছিলা মোক ?
স্বামী=তোক ভাল পাইয়ে বিয়া পাতি আনিছিলোঁ
কিন্তু ইটোৱে সিটোৰ অকল মুখখন চাই
থাকিলেই পেট নভৰে। টকা-পইচা লাগে
জীৱনত। পলাই বিয়া হ’লি বুলিয়ে ফুটা কৰি
এটাওঁ ভাগত নাপালোঁ।তেতিয়া ভাবিছিলোঁ
এদিন সকলো পাহঁৰি তোক আকোঁৱালিয়ে
ল’ব বাপেৰেহঁতে ,কিন্তু তোৰ বাপেৰে সকলো
শেষ কৰি দিলে। লগতে তইয়ো মোৰ জীৱন
বৰবাদ কৰি দিলি কুলক্ষণী…।
পত্নী=(দুখৰ লোটক মোহাৰি মোহাৰি ক’লে)
মই যদি তোমাৰ বাবে ইমানেই বেয়া তেন্তে
কিয় পলোৱাই আনিলা?কিয় সেন্দুৰকণ আঁকি
দিলা কপালত?কোৱা এতিয়া,কোৱা। উত্তৰ
দিয়া।
স্বামী=চুপ থাক।বেছি কথায়ে নকবি তই নহলে পিঠি
দুফাল কৰি দিম ,মোৰ মুখে মুখে নালাগিবি ।
পত্নী=তোমাৰ মুখে মুখে লগা নাই,উত্তৰ লাগে মোক
কিয় তেনেকুৱা কৰিলা!তোমাৰ বাবেই মাক-
দেউতাক এৰি তোমাৰ কাষলৈ আহিলোঁ !
একেলগে এখন সুখৰ সংসাৰ গঢ়িম বুলি কিন্তু ,
এতিয়া।প্ৰথমতে ইমান ভালপোৱাৰ অভিনয়
কৰিলা,বহুত কিবা কিবি প্ৰতিশ্ৰুতি দিলা,নানা
সপোন দেখুৱালা,একেলগে সুখত থকাৰ
প্ৰতিশ্ৰুতি দিলা আৰু এতিয়া আধা বাটত
মোৰ লগত এনেকুৱা কৰিলা! প্ৰথমতে জনা
হ’লে মই তোমালৈ বিয়ায়ে ন’হলোহেঁতেন। কিয়
প্ৰভু কিয় কৰিলা মোৰ লগত এনেকুৱা , কিয়
এনেকুৱা স্বামী এজন দিলা,,(তাই কান্দি কান্দি
মাটিত বহি ৰ’ল)
স্বামী=(পেন্টৰ পৰা বেল্টডাল খুলি হাত লৈ তাইৰ
কাষলৈ আগুৱাই গ’ল) কি ক’লি তই? মই কি
বেয়া…… ?ৰ’ আজি তোক নেৰিছোঁ
পত্নী=নাই নাই নামাৰিবা মোক,প্লিজ নামাৰিবা।
আহ্ আহ্ ,আৰু নামাৰিবা।নকওঁ আৰু
কেতিয়াওঁ..ঔ মা..বহুত বিষাইছে..নামাৰিবা
মোক নামাৰিবা..মৰিলো ঔ মা ঔ দেউতা!
( তাই পিছলৈ পিছ হুহুকি আহি অৱশেষত
ৰুমৰ এটা চোক পালেগৈ)
প্ৰত্যাক্ষী আজি অকলশৰীয়া হৈ পৰিল। যাৰ বাবে মাক-দেউতাকক এৰি তেওঁৰ কাষলৈ আহিছিল আজি সিয়েই তাইক টকা-পইচাৰ লগত তুলনা কৰি অকথ্য নিৰ্যাতন কৰে। যাৰ লগত এখনি সুখৰ সংসাৰ সপোন দেখিছিল আজি সিয়েই প্ৰত্যাক্ষী তথা নিজ পত্নীক কুকুৰৰ দৰে ব্যৱহাৰ কৰি মাৰ-পিট কৰে। এসময়ত ইমান ভালপোৱাজন আজি তাইৰ বাবে যেন এক দানৱ। অযুত সপোন দেখুৱাই পলকতে সকলোবোৰ চুৰমাৰ কৰি তাইক দি গ’ল মাথো এক অভিশপ্ত জীৱন। স্বামী থাকিওঁ যেন আজি তাই বিধৱা হৈ ৰ’ল ……
বিদ্র=বংশবৃদ্ধিৰ পাতখিলাই নাৰী। নাৰী অবিহনে
এখন সংসাৰ নহয়,এখন ঘৰ নহয়,যৌতুকৰ
দাবীত পত্নীক নামাৰিব ।
দয়া কৰি কেতিয়াওঁ পত্নীক যৌতুকৰ দাবীত
নামাৰিব, আপোনাৰ অত্যাচাৰত গুচি যাব
পাৰে এটি নিষ্পাপ জীৱন,,,
পৃথিৱীৰ সকলো নাৰীৰ বিবাহিত জীৱন সুখৰ
হওঁক,
লিখনি আগলৈ শ্বেয়াৰ কৰক যাতে কিছুমান
পুৰুষে বুজি পায়… .
✍️ Jakir Hussain
Disclaimer | এই কাহিনীটো Jakir Hussain নামৰ এটা ফেচবুক একাউন্টৰ পৰা কপি কৰা হৈছে । যদি লেখকৰ কিবা অভিযোগ থাকে তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰে Email. assameseblogger039.gmail.com |
4 thoughts on “প্ৰেমৰ পিছত বিবাহ আৰু তাৰ পিছত পত্নীক অকথ্য নিৰ্যাতন”