বিয়াৰ পাছদিনা ৰাতিপুৱা শুই উঠি ঘড়ীটোলৈ এবাৰ চাই উঠি লৰা লৰি কৈ গা ধুবলৈ গলো… গাটো ধুই লৰালৰিকৈ চাহ কাপ লৈ শাহু মাক দিবলৈ গ’লো…..
: চাহ লওক মা….
: আইদেউয়ে চাহ দিবলৈ সময় যে পালে আকৌ….
: নহয় মানে মা…. সাৰ পাওতে অলপ দেৰি হৈ গ’ল…
: লাটচাহাবৰ জীয়েক গোটেই জনী…. কাইলৈ পৰা ৭ বজাত চাহ লাগিব মোক মনত ৰাখিবা….
: হ’ব মা….
: এতিয়া কি চাই আছা মুখলৈ ভেবা লাগি… যোৱা কাম কৰা গৈ….
: হ’ব….
চকুপানীৰে বাট নেদেখা অৱস্থা ৰাতিপুৱাই….. আকৌ মানুহজন লৈ গ’লো চাহ কাপ…. সাৰ পাইছিল হে তেওঁ… চাহ কাপ দিলো বিচনাতে…. মোৰ মুখলৈ নুচোৱাকৈ চাহ কাপ হাতত লৈ মুখলৈ নিয়েই… মোলৈ খংৰে চাই চাহৰ কাপটো মজিয়ালৈ দলিয়াই দিলে…তাৰ পাচত বিচনাৰ পৰা উঠি মোলৈ চাই প্রশ্ন কৰিলে..
: মাৰে এনেকৈ চাহ বনাবলৈ শিকাইছিলে নি তোক….
: মানে…….
: কি মানে…. চাহ বনাইছ এয়া…. আঁতৰ হ’ মুখৰ আগৰ পৰা…..বুলি কৈ ঠেলা মাৰি বাহিৰ লৈ ওলাই গ’ল….
কিনো হৈছে একো ধৰিবই পৰা নাই….তথাপিও নিজৰ কামবোৰ কৰি গ’লো….. লুচি পুৰি বনাই সকলোকে খাবলৈ মাতিলো….
: মা-দেউতা আহক চাহ দিছো……শুনিছেনে…. আপুনিও আহক….
: বোৱাৰী…… তোমাক কথা এটা কও….
: কওক মা….
: বিয়াৰ আগত তোমাৰ দেউতাৰাই ছোন কৈছিল…সকলোবোৰেই তোমাৰ লগত দিব বুলি…. কি হ’ল এতিয়া পিছে…..
: মানে মা….. দেউতাই যিমান পাৰে সিমানখিনিটো দিছে….
: মোৰ মুখে মুখে কথা নকবা বোৱাৰী….. আৰু এমাহৰ ভিতৰত বিয়াৰ উপহাৰ হিচাপে এখন গাড়ী দিবলৈ ক’বা দেউতাৰাক…. অন্যথা কথা বেয়া হ’ব….
: কিন্তু মা……..
এনেকুৱা কাহিনী পাবলৈ তলৰ এই App Install কৰক
: কোনো কিন্তু নাই….. যদি সিমানখিনি কৰিব নোৱাৰে বিয়া দিছিলে কিয়….?
: আপোনালেোকে যৌতুকৰ কথা আগতেই ক’ব লাগিছিল…..
: তুমি কাক কথা কৈ আছা জানানে…..? মানুহৰ লগত কি দৰে কথা ক’ব লাগে না জানা নেকি…?
চকুপানীৰে ভৰি পৰিল চকুহাল…. কি ভুল হৈ গ’ল ভাবি পাৰ নোপোৱা অৱস্থা…. লাহেকৈ সোমাই গ’লো ৰুমটোলৈ….তাৰ পাছৰ নিজৰ কপালক দোষী মাথোঁ সৰগ পৰা মানুহৰ দৰে বহি আছো…. এনেদৰেই পাৰ কৰিলো এটা সপ্তাহ…এতিয়া মাথোঁ মই স্বামীৰ বাবে পণ্য…শাহুৰ বাবে যন্ত্র….সকলো সহ্য কৰি আছো নিৰৱে…সময়বোৰ যেন নাযায় নুপুৱাই…নিজৰ ইচ্ছা অনিচ্ছা সকলো ত্যাগ কৰি ঘৰৰ মানুহৰ মত ৰাখিবলৈ গৈ প্রেম,ভালপোৱা,পঢ়া শুনা বাদ দি ঘৰৰ বিয়াত বহিলো.. সকলোৱেই কৈছিল…. ধনী ঘৰৰ ল’ৰা.. ভালেই হ’ব… সুখত থাকিব পাৰিবি…. এতিয়া দুচকুত দুধাৰি পানী লৈ খাইছো ভাত….তেতিয়াই মনত পৰিল… এদিন প্রিয়জনে কৈছিল….
: মই মধ্যবিত্ত পৰিয়ালৰ ল’ৰা… বহুত টকা পইচা মোৰ নাই… কিন্তু তোমাক কষ্ট নিদিয়াকৈ অন্তত সুখত ৰাখিব পাৰিম…তুমি পাৰিলে ঘৰত বুজাবা… টকা-পইচা, সা-সম্পত্তি য়েই জীৱন নহয়…মৰম, ভালপোৱা, সাহস আৰু সুৰক্ষাৰো প্রয়োজন মানুহক সুখত থাকিবলৈ…..
সেই দিনাও নিমাত হৈ শুনিছিলো তাৰ কথাবোৰ….সেই সময়তেই তাৰ কথাবোৰ শুনি….ঘৰৰ বিৰুদ্ধে প্রতিবাদ কৰা হ’লে হয়তো আজি এনে অৱস্থা ন’হলে হেঁতেন…..!
✍️ মৌচুমী সুদৰ্শনা দত্ত….
3 thoughts on “বিয়াৰ পাছদিনা ৰাতিপুৱা শুই উঠি ঘড়ীটোলৈ এবাৰ চাই উঠি লৰা লৰি কৈ গা ধুবলৈ গলো…”