যিমান পাৰে ৪ ধৰণৰ মানুহৰ পৰা সদায় দূৰত্ব বজাই চলিব লাগে !

WhatsApp Follow

এই চাৰি ধৰণৰ মানুহক তুমি জীৱনত যিমানেই ভালপোৱা নিদিয়া কিয়, এই চাৰি ধৰণৰ মানুহক হাজাৰ চেষ্টা কৰিও কেতিয়াও বেছিদিন ধৰি ৰাখিব নোৱাৰিব।

১/ যিজন মানুহে এজন মানুহৰ ভিতৰত সুখ বিচাৰি নাপায়, আজি এজনক ভাল লাগিব আকৌ কালি বেলেগ এজনক ভাল লাগিব, তেনে ধৰণৰ মানুহক যিমানেই গুৰুত্ব, সন্মান তথা ভালপোৱা নিদিয়ক কিয় সেইজনক কেতিয়াও ধৰি ৰাখিব পৰা নাযায়।

২/ যিজন মানুহৰ খং আৰু অহংকাৰ বেছি তাৰ লগত ভালপোৱা হয়,কিন্তু তেনে ধৰণৰ খঙাল তথা অহংকাৰী মানুহৰ লগত আজীৱন একেলগে থকা নহয়, সম্পৰ্কত কম-বেছি পৰিমাণে ভুল দুয়োজনে ক’ৰে কিন্তু এনে ধৰণৰ মানুহে কেতিয়াও নিজৰ ভুল নিজে দেখা নাপায় আৰু নিজৰ ভুল নিজে কেতিয়াও স্বীকাৰ নকৰে।

৩/ যিজনে তোমাক বিশ্বাস নকৰে, কিন্তু নিজে সকলো সময়তে মিছা কথা কয় আৰু বেলেগৰ কথা মতে আপোনাক ভুল বুজিব পাৰে তেনে ধৰণৰ মানুহক হাজাৰ চেষ্টা কৰিও ধৰি ৰাখিব নোৱাৰিব।

৪/ যিজনে কেৱল আপোনাৰ ধন-সম্পত্তি বা টকা চাই ভাল পাব নাইবা কোনো ধৰণৰ স্বাৰ্থৰ বাবে ভাল পাব, তেনে ধৰণৰ মানুহক যেতিয়া টকা দিয়া বন্ধ কৰিব বা সিহঁতৰ স্বাৰ্থ যেতিয়া পূৰণ হ’ব তেতিয়া সেই ধৰণৰ মানুহক হাজাৰ চেষ্টা কৰিও ধৰি ৰাখিব নোনাৰিব।

Aminul Hoque
Facebook Page : আমি অসমীয়া

Leave a Comment