শিশুৰ খং নিয়ন্ত্রণ কৰিবলৈ কৰক এই ৪টা কাম | Do this to control the child’s anger

WhatsApp Follow

Do this to control the child’s anger আজিকালিৰ শিশুহঁতৰ ইমানেই খং যে, কাৰোৰে কথা শুনিবই নুখোজে ৷ বেছিকৈ খং উঠা শিশু এটিৰ খং কমোৱাৰ কাৰো সাধ্য নাথাকে ৷ এনে অভিযোগ প্ৰায়ে পিতৃ-মাতৃৰ মুখত শুনিবলৈ পোৱা যায় ৷ শিশুক মাৰপিট কৰা বা জোৰ কৰি কোনো কাম কৰিবলৈ বাধ্য কৰোৱা গুৰুতৰ অন্যায় ৷ বিশেষজ্ঞ সকলৰ মতে অভিভাৱকৰ এনে আচৰণে শাশু মনঃস্তত্ত্বৰ ওপৰত বহুত নেতিবাচক প্ৰভাৱ পেলায় ৷ তেন্তে খং উঠা শিশুক কেনেকৈ নিয়ন্ত্ৰণত আনিব পাৰি ? সেয়া জানিবলৈ এই লিখনীটো সম্পূর্ণ পঢ়িব –

১/ খঙক ইতিবাচক শক্তিলৈ ৰূপান্তৰ কৰিবলৈ যত্ন কৰিব লাগে, অৰ্থাৎ আপোনাৰ শিশুক প্ৰশংসা কৰক ৷ শিশুক প্রশংসা কৰিলে অতি সহজে নিয়ন্ত্রণত আনিব পাৰিব ।

২/ যি পৰিৱেশত শিশুটিৰ খং উঠিছিল তেনে পৰিৱেশৰ পৰা তাক আতৰাই নি শান্ত এক পৰিৱেশলৈ লৈ যাব পাৰিলে তাৰ খং নিয়ন্ত্ৰণত সহায়ক হ’ব ৷

৩/ খং উঠিলে শিশুটিয়ে কিবা নহয় কিবা কৰে, সিহঁতৰ প্ৰতিক্ৰিয়া অনুযায়ী প্ৰশংসা কৰিব লাগে ৷ প্ৰথমে নিজেই মন কৰক সকলোবোৰৰ মাজতেই যেন কিবা ভাল কাম এটা কৰি পেলাইছে আপোনাৰ সন্তানে ৷ সেইবাবে বিনাদ্বিধাই প্ৰশংসা কৰিব আপোনাৰ সন্তানক ৷ দেখিব তৎক্ষণাত সকলো খং পাহৰি গৈছে ৷

আৰু পঢ়ক-

৪/ অভিভাৱক সকলে শিশু এটিৰ খং উঠাৰ কাৰণ বুজি নাপাবও পাৰে, সেয়ে পৰিৱেশ বুজি মৰমেৰে তাৰ মনৰ কথা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰক ৷ পাৰিলে সেয়া পূৰণ কৰিবলৈ চেষ্টা কৰক ।

Leave a Comment