দেউতা হৈছে এনেকুৱা এজন ব্যক্তি যি জনে আমাৰ জীৱনত প্রথম বাট দেখুৱাই । সেই বাবে আজি আমি এই আর্টিকেলটোত কথা পাতিম সন্তানক দিয়া এজন আদর্শ দেউতাৰ উপদেশ সমূহ আজিৰ এই আর্টিকেলটো সম্পূর্ণ পঢ়িব –
১/ জোতা চিলাই বা ৰং কৰিবলৈ হ’লে মেৰামতি কৰা ব্যক্তিৰ সন্মুখত কেতিয়াওঁ ভৰি আগবঢ়াই নিদিবা । পাৰিলে জোতাযোৰ খুলি নিজে এবাৰ মুচি দিবা ।
২/ কেতিয়াওঁ কাকো ভিক্ষাৰী, কামৱালী বুলি নামাতিবা । মনত ৰাখিবা তেওঁলোক কাৰোবাৰ নহয় কাৰোবাৰ, ককাই, ভনী, মা, দেউতা । তেওঁলোকক সন্মান দি মাতিবা ।
৩/ বয়স, শিক্ষা, পদ বা পদবীৰ দিশত কোনোবাই সৰু হ’লেও কেতিয়াওঁ কাকো সৰু বুলি নাভাবিবা । নহ’লে তুমিয়েই সৰু হৈ যাবা ।
৪/ লিখা-পঢ়া কৰি জীৱনত উন্নতি লাভ কৰা কিন্তু কাৰোবাৰ কান্ধত ভৰি থৈ ওপৰলৈ উঠাৰ চেষ্টা নকৰিবা ।
৫/ সকলো সময়ত পোৱাতকৈ দিয়াৰ চেষ্টা বেছি কৰা, দান কৰ্তাৰ হাত সদায় ওপৰতেই থাকে ।
৬/ তোমাৰ কি আছে সেইটো তোমাৰ গাত লিখা নাই । কিন্তু তোমাৰ ব্যৱহাৰত হে দেখা যাব তোমাৰ পৰিয়ালৰ কি আছে ।
৭/ কাৰোবাৰ ঘৰত নিমন্ত্রণ খাবলৈ গ’লে ঘৰৰ পৰা এমুঠি ভাত খাই ওলাবা । আনৰ ভাতৰ আশাত নাযাবা ।
৮/ কাৰোবাৰ ঘৰৰ খাদ্য খাই সমালোচনা নকৰিবা । কোনেও ইচ্ছানুযায়ী খাদ্য বেয়া কৰাৰ চেষ্টা নকৰে ।
৯/ সদায় ভদ্র ও নম্রতাৰে আগবঢ়া বা কথা কোৱা কিন্তু অন্যায়ৰ লগত আপোচ নকৰিবা ।