৭.৩ কেজি ওজনৰ আৰু ২ ফুট উচ্চতাৰ এটি সন্তান জন্ম দিলে মহিলাই! ডাক্তৰৰ চকু উঠিল কপালত

WhatsApp Follow

এগৰাকী মহিলাই জন্ম দিলে ৭ কেজিতকৈ অধিক ওজন আৰু ২ ফুট উচ্চতাৰ এটি সন্তান। এই শিশুটিক দেখাৰ পিছত মানুহ আচৰিত হৈ পৰে। শিশুটি জন্ম হোৱাৰ পাছত চিকিৎসকসকল হতভম্ব হৈ পৰে। শিশুটিক চিকিৎসকসকলে ছুপাৰছাইজ বেবী বুলি অভিহিত কৰিছে। এই ছুপাৰ চাইজৰ শিশুটিৰ নাম দিয়া হৈছে এঞ্জাৰছন ছান্টোছ। চিকিৎসকে অপাৰেচনৰ জৰিয়তে শিশুটিক প্ৰসৱ কৰাইছে।চিকিৎসকসকলে কয় ইয়াৰ পূৰ্বে জন্মৰ সময়ত ইমান ডাঙৰ সন্তান আগতে কেতিয়াও দেখা নাছিল।

১৮ জানুৱাৰীত ব্ৰাজিলত এই ছুপাৰচাইজ শিশুটিৰ জন্ম হৈছিল। এই শিশুটিৰ উচ্চতা আৰু ওজনে সকলোকে হতবাক কৰি তুলিছে। প্ৰায় ২ ফুট ওখ আৰু ৭.৩ কেজি ওজনৰ এই নৱজাতকটো পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ নৱজাতক হ’ব পাৰে বুলি চিকিৎসকে দাবী কৰিছে।

এই শিশুটিৰ মাতৃৰ নাম ক্লাউডিন ছান্টোছ। তেওঁৰ বয়স ২৭ বছৰ। মাতৃগৰাকীয়ে কয় যে পুত্ৰ শিশুটিক লৈ তেওঁ অতি সুখী।

চিকিৎসকে জনোৱা মতে, ছুপাৰচাইজৰ কেঁচুৱাটোৰ অৱস্থা ঠিকেই আছে। সি সম্পূৰ্ণ সুস্থ। কিন্তু এটা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কেঁচুৱাটোৰ বাবে মাক-দেউতাকে অনা কাপোৰবোৰ তাৰ লগত খাপ খোৱা নাই। চিকিৎসালয়খনে শিশুটিৰ বাবে ধন সংগ্ৰহ অভিযান চলাইছে। ইয়াৰ দ্বাৰা পৰিয়ালটোৰ সহায়ক হ’ব।

তাৎপৰ্যপূৰ্ণভাৱে ২০১৪ চনৰ আৰম্ভণিতে ব্ৰাজিলত ৬.৭ কিলোগ্ৰাম ওজনৰ এটা শিশুৰ জন্ম হৈছিল। শিশুটিৰ দৈৰ্ঘ্য আছিল ৫৭ চে.মি. এই ল’ৰাটোৰ অভিলেখ ভংগ কৰিছে কৰিলে এঞ্জাৰছন ছান্টোছে।

Leave a Comment