৩টা উপায়ে আঁতৰাই পেলাওক আঁঠুৰ ক’লা দাগ !

( 3 Ways to Get Rid of Dark Spots on Your Knees ) দিনটোৰ ব্যস্ততাৰ বাবে আমাৰ বহুতেই নিজৰ যথাযথ যত্ন লোৱাত ব্যৰ্থ হয় । অৰ্থাৎ ছালৰ পৰ্যাপ্ত যত্ন ল’ব নোৱাৰো । আৰু ইয়াৰ ফলত ছালৰ বিভিন্ন সমস্যাৰ সৃষ্টি হয় । ইয়াৰে এটা হ’ল শৰীৰৰ বিভিন্ন অংশত ক’লা দাগ । যিটো যথেষ্ট বেয়া দেখা যায় ।

এই দাগটো ঢাকিবলৈ বহুতে নিজৰ প্ৰিয় কাপোৰ পিন্ধাৰ পৰা বিৰত থাকে । কাৰণ বেছিভাগ ক্ষেত্ৰতে আঁঠুৰ ক’লা দাগ দেখা যায় । কেতিয়াবা গোৰোহাতো এই দাগ দেখা যায় । আনকি ইয়াৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন ধৰণৰ ক্ৰীম আৰু লোচন ব্যৱহাৰ কৰিলেও ইয়াৰ পৰা মুক্তি নাপায় । এই জেদী দাগবোৰৰ পৰা মুক্তি পাবলৈ ঘৰুৱা ঔষধেই আটাইতকৈ ফলপ্ৰসূ উপায় । এনে তিনিটা উপায় জানো আহক –

নাৰিকল তেল,
কেৱল চুলিৰ যত্নত নহয় ছালৰ যত্নতো নাৰিকল তেল সমানে ফলপ্ৰসূ । ছালৰ ক’লা দাগ আঁতৰাবলৈ এই তেল ব্যৱহাৰ কৰিব পাৰে । ছালখন মইশ্ব’ৰাইজ আৰু পুষ্টি প্ৰদানৰ বাবে এই তেল অতুলনীয় ।
এই তেলে আঁঠুৰ গোৰোহাৰ ক’লা দাগ আঁতৰোৱাত কাম কৰে । এক চামুচ নাৰিকল তেল আৰু এচামুচ আখৰোটৰ গুড়ি মিহলাই লওক । গা ধুবৰ আগতে ক’লা ঠাইত এই স্ক্ৰাব ব্যৱহাৰ কৰক । গা ধোৱাৰ পিছত আঁঠুৰ গোৰোহাত নাৰিকল তেল মালিচ কৰিব । সপ্তাহত তিনিদিন এই স্ক্ৰাব ব্যৱহাৰ কৰিব ।

অ্যাপেল চাইডাৰ ভিনেগাৰ
ছালৰ যত্নত অ্যাপেল চাইডাৰ ভিনেগাৰ অতি ফলপ্ৰসূ । ই ছালৰ ক’লা দাগ আঁতৰোৱাৰ কাম কৰে । ইয়াত থকা এচিডিক যৌগটোৱে প্ৰাকৃতিক ব্লিচৰ দৰেই কাম কৰে । তাৰ অৰ্থ এইটো নহয় যে আপুনি ইয়াক ব্যৱহাৰ কৰি আঁঠুৰ গোৰোহাৰ ছাল কাটিব ! ই ছালখন এক্সফ’লিয়েট কৰি ক’লা দাগ আঁতৰোৱাত সহায় কৰিব ।

আপেল চাইডাৰ ভিনেগাৰ আৰু পানী সমান অংশ মিহলাই পৰিষ্কাৰ কপোৰৰ সহায়ত য’ত ক’লা দাগ থাকে তাত আঁঠুৰ গোৰোহাত মিশ্ৰণটো লগাব লাগে । ১৫ মিনিট এনেকৈ থৈ দিব । তাৰ পিছত পানীৰে ধুব । সপ্তাহত কমেও তিনিদিন ব্যৱহাৰ কৰিব লাগে । লাহে লাহে ক’লা নোহোৱা হৈ যাব ।


আৰু পঢ়ক
সাৱধান নহৰু খালে এই ব্যক্তিসকলৰ শৰীৰত ভিতৰৰ পৰা যথেষ্ট ক্ষতি হ’ব !
মুখৰ দাগ আঁতৰাবলৈ এই ঘৰুৱা উপায় কৰক


এলোভেৰা জেল,
প্ৰসাধন সামগ্ৰীত এলোভেৰা জেলৰ ব্যৱহাৰ নতুন কথা নহয় । ইয়াক বিভিন্ন ধৰণৰ ছালৰ যত্নত ব্যৱহাৰ কৰা হয় । ই কেৱল দাগ আঁতৰাই নহয়, ছালখন কোমল আৰু উজ্জ্বল কৰি তোলাৰ কাম কৰে ।
এলোভেৰাৰ পাত কাটি তাৰ পৰা জেল উলিয়াই পোনে পোনে ছালত ব্যৱহাৰ কৰে । কিন্তু কেতিয়াও ইয়াক পোনপটীয়াকৈ ব্যৱহাৰ নকৰিব, ছালৰ ক্ষতি হ’ব পাৰে । ইয়াৰ পৰিৱৰ্তে এটা ভাল জৈৱিক এলোভেৰা জেল কিনি আঁঠুৰে গোৰোহাত মালিচ কৰক । এনেকৈ ২০ মিনিটমান ৰাখি কুমলীয়া পানীৰে ধুই দিব । দিনটোত দুবাৰকৈ এনেদৰে ব্যৱহাৰ কৰিলে সুবিধা পাব ।

2 thoughts on “৩টা উপায়ে আঁতৰাই পেলাওক আঁঠুৰ ক’লা দাগ !”

Leave a Comment