৫০ ছেকেণ্ডৰ বাবে ৫ কোটি টকা লয়, ভাৰতৰ সৰ্বাধিক চার্জ কৰা অভিনেত্ৰী !

Daily Job Update Follow

এগৰাকী আগশাৰীৰ নায়িকা। হাতত চুপাৰডুপাৰ হিট চিনেমা। তেওঁৰ নিজা বিমান আছে। কাৰ কথা কৈছে কোৱা? ভাৰতৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী কোন? আলিয়া, দীপিকা, ঐশ্বৰ্য, কেটৰিনা নহয়

নয়ন্তৰা ভাৰতৰ আটাইতকৈ ধনী অভিনেত্ৰী। বহুতে তেওঁক দক্ষিণৰ ‘লেডী ছুপাৰষ্টাৰ’ বুলি কয়। দক্ষিণৰ নায়িকাসকলৰ ভিতৰতো তাইৰ পাৰিশ্ৰমিক সৰ্বাধিক। দুটা দশকৰ অভিনয় জীৱনত তেওঁ ৭৫খনতকৈও অধিক ছবিত অভিনয় কৰিছে।

বিগত বছৰ নয়ন্তৰাই শ্বাহৰুখ খানৰ সৈতে বলীউডত অভিষেক ঘটায়। ‘জৱান’ৰ বিশাল সফলতাত সকলোৱে স্বাভাৱিকতে সুখী হোৱাৰ বিপৰীতে শুনা গ’ল যে নয়ন্তৰা নিজৰ চৰিত্ৰত সুখী নহয়।

কেৱল অভিনয়েই নহয়, নয়ন্তৰা এগৰাকী সফল প্ৰযোজক আৰু উদ্যোগী। শেহতীয়াকৈ তেওঁ নিজৰ ব্ৰেণ্ড 9Skin মুকলি কৰিছে। তেওঁৰ আন এটা ব্ৰেণ্ড আছে Femi9।

নয়ন্তৰাৰ সমান বা বেছি উপাৰ্জন কৰা ভাৰতীয় অভিনেত্ৰীৰ সংখ্যা মুষ্টিমেয়। ‘টাটা স্কাই’ত ৫০ ছেকেণ্ডৰ বিজ্ঞাপনৰ বাবে নয়ন্তৰাই ৫ কোটি টকা লয়। কোৱা হয় যে তেওঁ ছবিতকৈ বিজ্ঞাপনৰ পৰা বেছি উপাৰ্জন কৰে। জনা যায় যে নয়ন্তৰাৰ পৰা প্ৰতিখন ছবিৰ বাবে ১০ কোটি টকা লোৱা হয়। তেওঁৰ নিজা বিমানো আছে।

কেইবাটাও উৰাবাতৰিৰ সম্পৰ্কৰ অন্তত ২০২২ চনত নয়ন্তৰাই পৰিচালক বিগনেশ শিৱনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ইয়াৰ পিছত চেৰ’গেচিৰ জৰিয়তে তেওঁলোকৰ যমজ সন্তান জন্ম হয়। সূত্ৰ অনুসৰি নয়নতৰাৰ সম্পত্তিৰ পৰিমাণ ২০০ কোটি

Leave a Comment