( 5 things money can’t buy! The objects are ) জীৱনত টকাৰ অত্যন্ত গুৰুত্ব আছে। কোৱাৰ দৰে টকাৰে সকলো কিনিব পাৰি ! জীৱনৰ বেছিভাগ ক্ষেত্ৰতে টকাই সহায় কৰে। এজনৰ আৰ্থিক অৱস্থাই শিক্ষা আৰু ভাল চাকৰিৰ দৰে বহুতো সম্ভাৱনাক সম্প্ৰসাৰিত কৰে । ধন জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ যদিও টকাই সকলো কিনিব নোৱাৰে ।
টকাৰে কিনিব নোৱাৰা বহু মূল্যৱান বস্তু আছে। এনে ৫টা কথা জানি লওক, যিবোৰ ধনীসকলেও টকাৰ বিনিময়ত কিনিব নোৱাৰে –
১) বন্ধু,
হাৰ্ভাৰ্ড বিজনেছ স্কুল এণ্ড ইউনিভাৰ্চিটি এট বাফেলোৰ এক অধ্যয়ন অনুসৰি যিসকল লোকে নিজৰ আৰ্থিক সাফল্যৰ ওপৰত ভিত্তি কৰি নিজৰ আত্ম-মূল্যবোধ কৰে, তেওঁলোকে নিসংগতাত ভুগিবলগীয়া হোৱাৰ সম্ভাৱনা বেছি । ইয়াৰ মূল কাৰণ হ’ল বহুতে কেৰিয়াৰৰ সন্ধানত নিজৰ আপোনজনৰ পৰা আঁতৰি যায় । ফলত জীৱনৰ কোনোবা এটা সময়ত তেওঁলোকে নিসংগতাৰে ভুগিবলগীয়া হয় । আৰু তাৰ পিছত টকা থাকিলেও কাষত আপোনজনক বিচাৰি নাপাব বা দুখবোৰ ভাগ কৰিবলৈ বন্ধু বিচাৰি নাপাব। অৰ্থাৎ টকাৰে কেতিয়াও বন্ধু কিনিব নোৱাৰে।
২) সময়,
যদি আপোনাৰ হাতত বহুত টকা আছে, তেন্তে আপুনি হয়তো ২৪ ঘন্টা সুখী হৈ থাকিব । কিন্তু দুখৰ বিষয় যে টকাই আপোনাক কেতিয়াও অতিৰিক্ত সময় কিনিব নোৱাৰে। পাৰ হৈ যোৱা সময়খিনি ঘূৰাই আনিব নোৱাৰি । গতিকে সময়ৰ গুৰুত্ব সকলোৱে বুজি ভাল কামত ব্যৱহাৰ কৰা উচিত।
৩) ঘনিষ্ঠতা,
অন্তৰংগতা হৈছে এক প্ৰেমময় অনুভৱ যিটো কেৱল আপোনজনৰ পৰাহে আহিব পাৰে। বিবাহত অন্তৰংগতা অতি গুৰুত্বপূৰ্ণ। কিন্তু যদি কিবা কাৰণত সংগীয়ে আপোনাক এৰি যায় বা জীৱনত উপযুক্ত সংগী বিচাৰি নাপায় তেন্তে টকাৰে অন্তৰংগতাৰ সুখ কেতিয়াও পাব নোৱাৰিব।
আৰু পঢ়ক
>> ৫টা ভুলৰ বাবে সংসাৰত অশান্তিৰ সৃষ্টি হয় !
>> পত্নীয়ে আন পুৰুষৰ লগত পৰকীয়া কৰিলে কি কৰিব !
৪) নৈতিকতা,
নৈতিকতাই মানুহৰ জীৱনক পথ প্ৰদৰ্শন কৰে আৰু কি উচিত সেই কথা বুজিবলৈ সহায় কৰে। যিসকলৰ নৈতিকতা নাই তেওঁলোকে ইচ্ছা কৰিলেও কিনিব নোৱাৰে।
৫) মানসিক শান্তি,
আপুনি যিমানেই ধনী নহওক কিয়, টকাৰে কেতিয়াও মানসিক শান্তি কিনিব নোৱাৰে। ধনে বিলাসী জীৱনশৈলী সুৰক্ষিত কৰিলেও মানসিক শান্তি সম্পূৰ্ণৰূপে নিজৰ ওপৰত নিৰ্ভৰশীল।
1 thought on “৫টা বস্তু টকাৰে কিনিব নোৱাৰি ! বস্তু কেইটা হৈছে”