আঁচল মৌ চিনাৰ ৫টা উপায়, এই ৫টা উপায়েৰে মিশ্ৰিত মৌ চিনাক্ত কৰক !

আঁচল মৌ চিনাৰ উপায়

( 5 ways to recognize real honey ) মৌ খোৱাটো শৰীৰৰ বাবে অতি উপকাৰী । বিশেষকৈ সঘনাই চৰ্দি কাহত ভুগি থকা সকলে মৌ তুলসী সেৱন কৰিব পাৰে । উচ্চ ৰক্তচাপ থকা লোকসকলে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে মৌ সেৱন কৰিব লাগে । ইয়াৰ উপৰিও মৌ প্ৰসাধনৰ কামত ব্যৱহাৰ কৰা হয় । যিসকলে চিকন হ’ব বিচাৰে তেওঁলোকে ৰাতিপুৱা সাৰ পাই নেমু আৰু মৌৰ সৈতে এগিলাচ গৰম পানী খাব পাৰে । কিন্তু বহু বাৰ মিশ্ৰিত মৌ বজাৰত পোৱা যায়, কেনেকৈ জানিব যে মৌত মিশ্ৰিত হয় নে নহয় ? সহজে জানক এই ৫টা উপায়েৰে –

১) বুঢ়া আঙুলিটো মৌত ডুবাই পোনে পোনে ধৰি ৰাখক, যদি আপুনি বুঢ়া আঙুলিটোৰ পৰা গোটেই মৌটো সহজে বিয়পি থকা দেখিছে তেন্তে আপুনি বুজিব যে মৌটোত মিশ্ৰিত হৈছে । কাৰণ মৌ ইমান পাতল নহয় ।

২) এচামুচ মৌ পানীত দিব, পানীত মৌ মিহলি হোৱা দেখিলে তেতিয়া বুজিব যে আপোনাৰ মৌত সম্পূৰ্ণ মিশ্ৰিত হৈছে । কাৰণ মৌ কেতিয়াও পানীত সম্পূৰ্ণৰূপে মিশ্ৰিন নহয়, তথাপিও ই সূতাৰ দৰে হৈ থাকিব ।

৩) পানীত ভিনেগাৰ মিহলাই তাত মৌ এটোপাল দিলে, মৌত ফেন ওলোৱা দেখিলে মৌত মিশ্ৰিত হোৱাটো বুজিব লাগিব ।

৪) কেঁচা বিশুদ্ধ মৌ বগা ফেন বা বুদবুদৰ দৰে দেখা যাব । এইটো বিশুদ্ধ মৌৰ লক্ষণ, মানে মৌত কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ যোগ কৰা হোৱা নাই ।

৫) বিশুদ্ধ মৌত জুই লগালে জুই জ্বলি উঠিব । যদি জ্বলি নাযায় তেন্তে বুজিব লাগিব যে ই মিশ্ৰিত মৌ ।

Leave a Comment