ভাৰতত সোণ কেৱল অলংকাৰ নহয় বৰঞ্চ সমৃদ্ধিৰ প্ৰতীক। হালধীয়া ধাতু লক্ষ্মী দেৱীৰ অংশ বুলি বিশ্বাস কৰা হয়। গতিকে পূজো পৰ্বন হওক বা উৎসৱ হওক, সাধাৰণ মানুহে সোণ কম হ’লেও কিনিবলৈ চেষ্টা কৰে।
ঘৰত সোণ ৰখাৰ নিৰ্দিষ্ট সীমা আছে। এই সীমা নিৰ্ধাৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই পৰিমাণতকৈ অধিক সোণ ৰখাটো ভাৰতীয় আইনৰ অধীনত অপৰাধ। আয়কৰ বিভাগে আৰোপ কৰিব পাৰে জৰিমনা। গতিকে এই বিষয়ে সঠিক ধাৰণা থকাটো গুৰুত্বপূৰ্ণ।
ঘৰত কিমান সোণ ৰাখিব পাৰিঃ চেণ্ট্ৰেল ব’ৰ্ড অৱ ডাইৰেক্ট টেক্সৰ নিয়ম অনুসৰি এগৰাকী বিবাহিত মহিলাই ঘৰত সৰ্বাধিক ৫০০ গ্ৰাম সোণ ৰাখিব পাৰে। কিন্তু সোণ ক’ৰ পৰা কিনা হৈছিল তাৰ প্ৰমাণ থাকিব লাগে। সোণ ক্ৰয়, মজুত আৰু কৰ আৰোপ সম্পৰ্কীয় আইন কটকটীয়া কৰিছে চৰকাৰে।
মহিলাসকলে কিমান সোণ ৰাখিব পাৰেঃ আয়কৰ আইন অনুসৰি এগৰাকী বিবাহিত মহিলাই ৫০০ গ্ৰাম সোণ ৰাখিব পাৰে। অবিবাহিত মহিলাৰ বাবে সীমা ২৫০ গ্ৰাম। পৰিয়ালৰ পুৰুষ সদস্যই ১০০ গ্ৰাম সোণ নিজৰ লগত ৰাখিবলৈ দিয়া হৈছে।
উত্তৰাধিকাৰী সোণৰ ওপৰত কি কৰ দিব লাগে: আইনগতভাৱে উত্তৰাধিকাৰী সোণৰ ওপৰত কোনো কৰ দিব নালাগে। আয়কৰ বিভাগে অভিযান চলালে নিৰ্ধাৰিত সীমাৰ ভিতৰত থকা সোণৰ গহনা জব্দ কৰিব নোৱাৰিব। সোণৰ ওপৰত কৰঃ ঘৰত সোণ ৰখাৰ ওপৰত কোনো কৰ দিব নালাগে। কিন্তু যদি সেই সোণ বিক্ৰী হয়। তাৰ পিছত কৰ দিব লাগিব।
৩ বছৰৰ পাছত সোণ বিক্ৰীৰ ওপৰত কিমান কৰ দিব লাগে: ধৰি লওঁক তিনিবছৰ আগতে কোনোবাই সোণৰ গহনা কিনিছিল। এতিয়া বিক্ৰী কৰিবলৈ মন গৈছে। তাৰ পিছত বৰ্তমানৰ নিয়ম অনুসৰি তেওঁ লাভৰ ওপৰত দীৰ্ঘম্যাদী মূলধনী লাভৰ কৰ দিব লাগিব। ইয়াৰ হাৰ ২০ শতাংশ।
লগতে চাওক –
>> ৫ টকীয়া নোটখনে আপোনাক ৭ লাখ টকাৰ মালিক কৰি তুলিব, এই কামটো সোনকালে কৰক
>> পুৰণি টকা আছেনে ? বিক্ৰী কৰিলে ৬৫০০০ টকা পাব !
সোণৰ বণ্ড বিক্ৰীৰ ওপৰত কিমান কৰ দিব লাগে: যদি তিনি বছৰৰ ভিতৰত ছ’ভাৰেইন গোল্ড বণ্ড বিক্ৰী কৰা হয়, তেন্তে লাভ আয়ৰ লগত যোগ কৰা হ’ব আৰু আয়কৰ স্লেব অনুসৰি কৰ আৰোপ কৰা হ’ব। তিনি বছৰৰ পিছত বিক্ৰী কৰিলে সূচকাংকৰ সৈতে ২০ শতাংশ আৰু সূচকাংক অবিহনে ১০ শতাংশ কৰ আৰোপ কৰা হয়। আৰু যদি বণ্ডটো মেচিউৰিটিলৈকে ৰখা হয়, তেন্তে লাভৰ ওপৰত কোনো কৰ দিব নালাগে।