নিবনুৱা ১ লাখ যুৱক-যুৱতীলৈ ২ লাখ টকাৰ এককালীন পুঁজি !

Daily Job Update Follow

বিধানসভাত বিত্তমন্ত্ৰীয়ে দাখিল কৰা ২০২৩-২০২৪ বৰ্ষৰ বিত্তীয় বাজেটত হিতাধিকাৰীলৈকো আছে ভালখবৰ। বাজেটত অষ্টাদশ মুকুতা উন্নয়নী মালাৰ অধীনত মুখ্যমন্ত্ৰীৰ স্ব–নিয়োজন অভিযানৰ কথা উল্লেখ আছে।

যুৱক–যুৱতীক চৰকাৰী খণ্ডত কৰ্মসংস্থাপন দিয়াৰ সমান্তৰালভাৱে ব্যক্তিগত খণ্ডতো দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু নিম্ন আয়ৰ পৰিয়ালৰ যুৱক–যুৱতীসকলৰ মাজত স্ব–নিয়োজনৰ সুবিধা সৃষ্টি কৰাৰ বাবে ক্ষুদ্ৰ উদ্যোগীৰ উন্নয়নৰ বাবে এখন আঁচনি ৰূপায়ণৰ প্ৰস্তাৱো বাজেটত উল্লেখ আছে।

আগন্তুক তিনি বছৰত ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে ১ লাখ যুৱক–যুৱতীক কিস্তি হিচাপত ২ লাখ টকাকৈ এককালীন পুঁজি আগবঢ়োৱাৰো প্ৰস্তাৱ বাজেটত। ইয়াৰ উপৰিও আন এক লাখ যুৱক–যুৱতীক এমএছএমই আৰু আন খণ্ডৰ লগত জড়িত প্ৰকল্পৰ বাবে ৰাজসাহায্য আগবঢ়োৱা হ’ব। ২ লাখ নিবনুৱাক নিয়োগ সৃষ্টিকাৰীলৈ ৰূপান্তৰ কৰাৰ বাবে বাজেটত ১০০০ কোটি টকাৰ আবণ্টন। লগতে ২৫ হাজাৰ টকা পৰ্যন্ত ঋণ লোৱা মহিলাক সহায়ৰ আশ্বাস বাজেটত।

দৰিদ্ৰতা নিবাৰণৰ বাবে বাজেটত চাৰিটা পন্থা গ্ৰহণৰ কথা উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে। সেই চাৰিটা হৈছে– অৰুণোদয়, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম যোজনা, খাদ্য সুৰক্ষাৰ নিশ্চিতি আৰু মুখ্যমন্ত্ৰীৰ আবাস যোজনাৰ জৰিয়তে সকলোৰে বাবে গৃহ।

উৎস –

Leave a Comment