হিন্দু ধৰ্মত গঙ্গা নদীক পবিত্ৰ বুলি মান্যতা দিয়া হয় । মহাভাৰত আৰু পুৰাণ সমূহত গঙ্গাৰ মহত্বৰ উল্লেখ পোৱা যায়। স্কন্দ পুৰাণত এই নদীক অধিক মহত্ব দিয়া হৈছে। এইটো বিশ্বাস আছে যে যিকোনো পুৰুষ বা মহিলাই এই গঙ্গা নৈত স্নান কৰিলে সমস্ত পাপ খণ্ডন হৈ যায়। কিন্তু ইয়াৰ প্ৰকৃত ৰহস্য কি জানেনে ?
এক পৌৰাণিক কাহিনী অনুসৰি এবাৰ ভগৱান শিৱ আৰু মাতা পাৰ্বতী গঙ্গাৰ টিৰত বিচৰণ কৰিছিল আৰু সেই সময়ত মাতা পাৰ্বতীয়ে দেখিবলৈ পাইছিল যে তাত হাজাৰ হাজাৰ মানুহে স্নান কৰি আছিল আৰু সকলোৱে শিৱৰ নাম লৈ পাৰলৈ উঠি আহিছিল , সেই সময়ত কাৰো মুখত হাঁহি দেখিবলৈ পোৱা নাছিল আৰু সেই দৃশ্যৰ সাক্ষী হৈ মাতা পাৰ্বতী আচম্বিত হৈছিল আৰু মহাদেৱ শিৱক সুধিছিল, ” হে স্বামী , গঙ্গাই পাপনাশ কৰে সেইটো সঁচা, কিন্তু কিয় মোৰ মন হৈছে ইয়াত স্নান কৰা মানুহবিলাক পাপৰ পৰা মুক্ত হ’ব পৰা নাই, গঙ্গা কি আগৰ দৰে পবিত্ৰ হৈ থকা নাই নেকি”?
তেতিয়া ভগৱান শিৱই উত্তৰ দিছিল, ” গঙ্গা আগৰ দৰেই পবিত্ৰ হৈ আছে কিন্তু যি মানুহবোৰে গঙ্গাত ডুব মাৰি আছে তেওঁলোকেহে প্ৰকৃত গঙ্গা স্নান কৰা নাই”। শিৱৰ মুখত এনে কথা শুনি মাতা পাৰ্বতীয়ে একো কথাই বুজিব পৰা নাছিল আৰু শিৱক সুধিছিল , ” এয়া কেনেকৈ সম্ভৱ, আপুনি দেখা নাই নেকি যে আপোনাৰ সন্মুখত কিমান মানুহে গঙ্গা স্নান কৰিছে আৰু তেওঁলোকৰ বস্ত্ৰ সমূহ এতিয়াও তিতি আছে “। প্ৰত্যুত্তৰত ভগৱান শিৱই কৈছিল, ” তেওঁলোকে মাত্ৰ পানীত ডুবহে মাৰিছে, প্ৰকৃত পক্ষত তেওঁলোকে গঙ্গাত পবিত্ৰ স্নান কৰা নাই, আৰু ইয়াৰ ৰহস্য আজি নহয়, মই তোমাক অহাকালি জনাম”। তাকে কৈ ভগৱান শিৱই মা পাৰ্বতীক লগত লৈ সেই স্থান ত্যাগ কৰিছিল।
পৰৱৰ্তী দিনা প্ৰচণ্ড বৰষুণ নামিছিল, ৰাস্তা পদূলিৰ কাষৰ পুখুৰী , নৰ্দমা বোৰ পানীৰে ভৰি পৰিছিল তেতিয়া ভগৱান শিৱই এজন বৃদ্ধ মানুহৰ ৰূপ ধৰি পানীৰে ভৰা পথৰ দাঁতিৰ পুখুৰী এটাত বহি পৰিলে , বৃদ্ধৰূপী ভগৱান শিৱই পুখুৰীটোৰ পৰা উঠি আহিবলৈ চেষ্টা কৰি থকাৰ ভাও জুৰিবলৈ ধৰিলে, আৰু মাতা পাৰ্বতীক উদ্ধাৰৰ সহায়ৰ বাবে চিঞঁৰিবলৈ কলে , লগতে মাতা পাৰ্বতীক কবলৈ দিলে যে যিয়ে তেওঁৰ বৃদ্ধ স্বামীক উদ্ধাৰ কৰিবলৈ আহিব তেওঁ কিন্ত সম্পূৰ্ণৰূপে পাপ মুক্ত লোক হ’ব লাগিব অন্যথা বৃদ্ধক চুই দিয়াৰ লগে লগে পুৰি ভষ্ম হৈ যাব পাৰে উদ্ধাৰৰ বাবে যোৱা লোকজন। ভগৱান শিৱৰ কথা শুনি আৰু বুজি মাতা পাৰ্বতী এগৰাকী সুন্দৰী মহিলাৰ ভাও জুৰি পুখুৰীৰ পাৰত বহি ইনাই বিনাই বিনাবলৈ ধৰিলে।
কিছুদেৰি পিছত কিছুমান মানুহ গঙ্গাত স্নান কৰি সেই পথেৰে উভতি আহিছিল, পথচাৰী সকলে সকলোৱে সেই মহিলাৰ চিঞৰ শুনিছিল যদিও বহুতে লোকলজ্জা আৰু পাপৰ ভয়ত সেই মহিলাৰ ওচৰলৈ যোৱা নাছিল আৰু বহুজনে আকৌ ধৰ্মৰ ভয়ত সেই সুন্দৰী মহিলাৰ ওচৰলৈ যোৱা নাছিল, তাৰে কেইবাজনে ওচৰলৈ গৈ মাতা পাৰ্বতীক কৈছিল যে তুমি এই বৃদ্ধ জনক মৰিবলৈ কিয় দিয়া নাই, তাৰে ভিতৰত এনে কিছুমান মানুহ আছিল যিয়ে সহায় কৰিম বুলিও পাপৰ কথা শুনি থমকি ৰৈছিল কিয়নো তেওঁলোকে গঙ্গা স্নান কৰিলেও পাপ খণ্ডন হৈছে নে নাই সেয়া নিশ্চিত নাছিল। এনেদৰে মা পাৰ্বতী কান্দিছিল আৰু ওচৰৰে বহুজন আহিছিল আৰু দৃশ্য দেখি আঁতৰি গৈছিল।
আৰু পঢ়ক
>> দুৰ্ঘটনাৰ পৰা বাচিবলৈ লগত ৰাখক হনুমানজীৰ এই বিশেষ বস্তু। দূৰ হ’ব সকলো সমস্যা।
>> খাদ্য গ্রহনৰ সময়ত এই কাম কৰিলে মা লক্ষ্মী গৃহত্যাগ কৰে !
মাজতে এবাৰ ভগৱান শিৱই মাতা পাৰ্বতীক কৈছিল , ” দেখিছা পাৰ্বতী গঙ্গাত স্নান কৰা অসংখ্য লোক পাৰ হৈ গল কিন্তু কোনোৱে মোক বচাবলৈ নাহিল”। তেনেতে এজন যুৱকে গঙ্গা স্নান কৰি উঠি পুনঃ হৰিনাম জপ কৰি কৰি সেইফালেদি পাৰ হৈ গৈছিল, তেওঁক দেখি মাতা পাৰ্বতীয়ে সহায়ৰ ভিক্ষা কৰিছিল আৰু বাকীখিনি কথাও খুলি কৈছিল। কথা শুনি যুৱকৰ মন দুখেৰে ভৰি পৰিছিল আৰু তৎকালীন ভাৱে উদ্ধাৰৰ বাবে আগবাঢ়ি গৈছিল ; সেই মুহূৰ্ততো পুনৰ মা পাৰ্বতীয়ে কৈছিল, ” হে বালক, যদি তুমি জীৱনত কোনো ধৰণৰ পাপ কৰ্ম কৰা নাই তেতিয়াহে মোৰ স্বামীক সাহাৰ্য্য কৰা অন্যথা তুমি ভষ্ম হৈ যাবা”।
যুৱকে সম্পূৰ্ণ আত্মবিশ্বাসত উত্তৰ দিছিল, ” মই এইমাত্ৰ গঙ্গা স্নান কৰি আহিছো আৰু স্নান কৰি উঠাৰ পৰা মই হৰিনামতে ব্যস্ত হৈ আছোঁ , মোৰ আৰু কি পাপ থাকিব পাৰে”। তেনেকৈ কৈ যুৱক জন পুনৰ পুখুৰীলৈ আগবাঢ়ি গৈছিল বৃদ্ধৰূপী শিৱক উদ্ধাৰ কৰিবলৈ আৰু পুখুৰীৰ পৰা দাঙি তুলি আনিছিল ভগৱান শিৱক । যুৱকৰ তেনে মানসিকতা দেখি ভগৱান শিৱ আৰু মা পাৰ্বতী প্ৰসন্ন হৈ পৰিছিল আৰু লগে লগে তেওঁলোকে নিজৰ আচল ৰূপ ধাৰণ কৰি যুৱকৰ সন্মুখত প্ৰকট হৈছিল লগতে সেই যুৱক জনক আশীৰ্বাদ কৰি দুয়ো সেই ঠাইৰ পৰা প্ৰস্থান কৰিছিল।
উভতি যোৱাৰ পথত ভগৱান শিৱই কৈছিল যে দেখিলা পাৰ্বতী ইমান বোৰ মানুহৰ ভিতৰত এই যুৱক জনেহে মাত্ৰ পবিত্ৰ গঙ্গাত পবিত্ৰ স্নান কৰিছিল, বাকী লোক সকলে গঙ্গাত স্নান কৰি মাত্ৰ নিজৰ শৰীৰহে পৰিস্কাৰ কৰিছে নিজৰ মন, আত্মা আৰু ভক্তিক নহয়। সেই কাৰণে যিয়ে বিনা শ্রদ্ধা, বিশ্বাস আৰু ভক্তিৰে স্নান নকৰি মাত্ৰ মানুহক দেখুৱাবলৈ বা নিজৰ স্ফূৰ্তিৰ বাবে গঙ্গাজলত ডুব মাৰিছে তেওঁলোকে কোনো ফল ভোগ কৰিব নোৱাৰে ।