এবাৰ এজন ব্যক্তিয়ে গৌতম বুদ্ধক সুধিলে ” বুদ্ধদেৱ, মই প্ৰায়েই কোৱা শুনো যে আমি যি ভাবো তেনেকুৱাই আমি হৈ যাওঁ, এইটো সঁচা নে ?

Daily Job Update Follow

এবাৰ এজন ব্যক্তিয়ে গৌতম বুদ্ধক সুধিলে ” বুদ্ধদেৱ, মই প্ৰায়েই কোৱা শুনো যে আমি যি ভাবো তেনেকুৱাই আমি হৈ যাওঁ, গতিকে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আমাৰ জীৱনটো আমাৰ চিন্তাবোৰৰ সৈতে কিদৰে জড়িত আৰু আমাৰ চিন্তাই কিমান পৰ্যায়লৈকে আমাৰ জীৱনক প্ৰভাৱিত কৰে ? বুদ্ধই ক’লে “এইটো সঁচা কথা যে মানুহে যি ভাবে, তেওঁ তেনেকুৱাই হৈ পৰে। আমি যিটো চিন্তা বহুসময় ধৰি মনত কঢ়িয়াই ফুৰো, আমি তেনেকুৱা হৈ গৈ থাকোঁ। মানুহৰ চৰিত্ৰও তেওঁৰ চিন্তাধাৰাই নিৰ্মাণ কৰে। যদি বিচাৰ পৱিত্ৰ হয়,তেন্তে চৰিত্ৰও পৱিত্ৰ হ’ব। তুমি মন কৰিলে দেখিবা যে তোমাৰ জীৱনৰ প্ৰতিটো কাৰ্য তোমাৰ কিবা এটা বিচাৰৰ লগতেই জড়িত। আজি তুমি যি হয়, তোমাৰ বিচাৰধাৰাৰ বাবেই হয়। যিদৰে ভাল বীজ অবিহনে এজোপা গছ হ’ব নোৱাৰে ঠিক সেইদৰে ভাল চিন্তা আৰু ভাল চৰিত্ৰ অবিহনে এজন মানুহ সফল হ’ব নোৱাৰে।

যদি কোনো ব্যক্তিৰ চিন্তা ধাৰা নেতিবাচক হয় , তেন্তে তেওঁ নিজৰ জীৱনটো বেয়াৰ দিশে লৈ যায়‌ । এনেদৰে আমি আমাৰ জীৱনত বিচাৰ আৰু কৰ্মৰে বহু বীজ ৰোপণ কৰো আৰু সেই বীজৰ ফলে হয়তু আমাক সুখ দিব নহ’লে দুখ। ইতিবাচক চিন্তাৰ বীজৰ ফল হিচাপে আমি সুখ-সফলতা পাম আৰু নেতিবাচক বিচাৰধাৰাৰ বীজে আমাক বিফলতা আৰু দুখেই দিব। তুমি যিসকল ব্যক্তিক সফল আৰু মহান বুলি ভাবা, তেওঁলোকে সেই পৰ্যায়তো ইমান সহজে পোৱা নাই। নিজৰ চিন্তাধাৰা নিয়ন্ত্ৰণ কৰি নিজৰ চৰিত্ৰ ভালদৰে গঢ় দিয়াৰ বাবেহে এই পৰ্যায়ত উপনীত হৈছে।

তোমাৰ ভিতৰত যিধৰণৰ বিচাৰ থাকিব, তুমি বাহিৰতো তেনেকুৱাই হ’বা। যদি তোমাৰ ভিতৰত আনৰ প্ৰতি খং,ঘৃণা, হিংসা ভাৱ থাকে, তেন্তে তুমি নিজেও জীৱনত তেনেকুৱা ভাৱ বা তেনে ব্যক্তিৰে সন্মুখীন হ’বা। কিন্তু তোমাৰ ভিতৰত যদি প্ৰেম,দয়া মমতাৰ ভাৱ থাকে তেন্তে তুমি পৃথিৱীখন তেনেকুৱা যেনেই অনুভৱ কৰিবা। আৰু এনে বিচাৰধাৰাৰ ব্যক্তিয়ে প্ৰেম আৰু সন্মান দুয়োটাই পায়। আচলতে মানুহ নিজেই নিজৰ জীৱনৰ নিৰ্মাতা। মানুহে নিজৰ বিচাৰধাৰাৰেই ভাগ্য গঢ়ে, সমাজ গঢ়ে।


ব্যক্তিজনে সুধিলে ” বুদ্ধদেৱ, মই মোৰ চিন্তাধাৰাৰে নিজক কেনেকৈ উন্নত কৰিব পাৰোঁ ? বুদ্ধই ক’লে ” যদি তুমি নিজক উন্নত কৰিব বিচাৰা তেন্তে প্ৰথমে নিজৰ মাজত চলি থকা চিন্তাবোৰৰ ওপৰত নিয়ন্ত্ৰণ আনা। তুমি ধ্যান দিব লাগিব যে দিনটোৰ বেছিভাগ সময় তুমি কি ভাবি থাকা । কেনেবাকৈ তুমি দিনটো আনৰ বেয়া চিন্তা আৰু ঘৃণাভাৱ লৈ থকা নাইতো ? তুমি ধ্যান দিব লাগিব যে তুমি ভালৰ দিশে গৈ আছা নে বেয়াৰ দিশে ? তুমি বুজি উঠিব লাগিব যে তোমাৰ চিন্তাবোৰ ইতিবাচক নে নেতিবাচক। তোমাৰ মাজত কেতিয়াও শেষ নোহোৱা পৰিমাণৰ সম্পদ আছে। তুমি ভাবিবও নোৱাৰা তুমি কি কৰিব পাৰা, কি কি ধৰণৰ অদ্ভুত শক্তি তুমি পাব পাৰা ! তুমি হয়তো বহু ডাঙৰ ডাঙৰ যোদ্ধাৰ বিষয়ে শুনিছা। যদি তুমি তেওঁৰ শক্তিবোৰৰ কথা বিশ্বাস কৰিব নোৱাৰা তথাপিও এটা কথাতো মানিব লাগিবই যে জুই অবিহনে ধোঁৱা নোলায়। তেওঁলোকৰ কিবা নহয় কিবা এটাটো কাৰণ থাকিব যাৰ বাবে তেওঁলোকৰ বিষয়ে ইমান চৰ্চা হয়। তেওঁলোক আচলতে কোন আছিল যাক এই সংসাৰত মহান যোদ্ধা বা মহান আদৰ্শৰ ৰূপত পূজা কৰা হয়।

যদি আমি গভীৰভাৱে চাবলৈ যাওঁ তেন্তে তেওঁলোক এনে ব্যক্তি আছিল যিয়ে নিজৰ মাজত লুকাই থকা অন্তহীন সম্পদবোৰ বিচাৰি পাইছিল। তেওঁলোকে নিতৌ অভ্যাস কৰি গ’ল, নিজক উন্নত কৰি গ’ল , মানুহক সহায় কৰি গ’ল আৰু পৃথিৱীত মহান আৰু অমৰ হৈ থাকিল। যদি তুমিও এনে হ’ব বিচাৰা তেন্তে নিজৰ বিচাৰবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব আৰু ইয়াৰ আটাইতকৈ উত্তম উপায় হ’ল ধ্যান বা মেডিটেশ্যন। বুদ্ধই আৰু ক’লে , মানুহৰ মগজুৰ তুলনা এখন বাগিচাৰ সৈতে কৰিব পাৰি। যিদৰে এখন বাগিচাৰ যতন ল’বলৈ সময়ে সময়ছ ঘাঁহ বন চাফা কৰিব লাগে, গছবোৰত পানী দিব লাগে, চোৱা চিতা কৰিব লাগে, ঠিক সেইদৰে মগজুতো ইতিবাচক আৰু শুদ্ধ কৰি ৰাখিবলৈও যতন ল’ব লাগে‌ ।

নেতিবাচক চিন্তা, খং, হিংসা, ঘৃণাবোৰ আঁতৰাই ৰাখিব লাগে। যিকোনো ব্যক্তিৰ বিচাৰধাৰা তেওঁৰ চৌপাশৰ পৰিৱেশ পৰিস্থিতিৰ দ্বাৰা প্ৰভাৱিত হয়। কিন্তু ইয়াৰ মানে এইটো নহয় যে কাৰোবাৰ পৰিস্থিতি বেয়া মানে যে চিন্তাবোৰো সদায় বেয়াই হ’ব। তেওঁ নিজৰ চিন্তাধাৰা নিয়ন্ত্ৰণ কৰাৰ লগে লগে তেওঁৰ চৰিত্ৰ আৰু কাম কৰাৰ ধৰণ সকলোতে পৰিৱৰ্তন আহিব। আৰু তেতিয়া পৰিস্থিতি নিজে নিজেই সলনি হৈ যাব। তুমি মাত্ৰ এইটো কথা বুজি ল’ব লাগে যিটো কাম তোমাৰ সন্মুখৰ জনে কৰিব পাৰিছে সেইটো তুমিও পাৰিবা। মাত্ৰ তোমাক অহৰহ অভ্যাসৰ প্ৰয়োজন। এবাৰ যদি ভাল বিচাৰধাৰাৰ বীজ তোমাৰ মাজত শিপাই যায়, তোমাক সফল হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। সদায় মনত ৰাখিবা, আমি সেইটো নাপাওঁ যিটো আমাক লাগে, আমি সেইটোহে পাওঁ যিটো আমি হয় আৰু যিটো আমি চিন্তাধাৰাত ৰাখোঁ। সেয়ে কিবা এটা পোৱাৰ ইচ্ছা কৰা ; আৰু সেই ইচ্ছাটোৰ বিষয়ে অহৰহ ইতিবাচক চিন্তা কৰা বা তাক পাবলৈ কষ্ট কৰা দুয়োটা সম্পূৰ্ণ পৃথক ।

ইচ্ছা সকলোৰেই থাকে কিন্তু তাক লৈ অহৰহ ইতিবাচক চিন্তা আৰু তাক পাবলৈ অহৰহ কষ্ট সকলোৱে কৰিব নোৱাৰে। নিজৰ পৰিস্থিতি সলনি কৰিবলৈ হ’লে প্ৰথমে নিজকে সলনি কৰিবই লাগিব।
ব্যক্তিজনে বুদ্ধক সুধিলে আমাৰ শৰীৰৰ ওপৰত চিন্তাবোৰৰ কি প্ৰভাৱ পৰে ? বুদ্ধই ক’লে, আমাৰ শৰীৰ আমাৰ মনৰ গোলাম হয়। আমি যি ভাবোঁ তাৰ প্ৰথম প্ৰভাৱ আমাৰ শৰীৰতেই পৰে। তুমি হয়তো মন কৰিছা যি মানুহে বেছি চিন্তা কৰে বা ভয় কৰে তেওঁলোক সঘনাই বেমাৰত পৰে। একেদৰেই আনৰ প্ৰতি বেয়া ভাৱ লৈ থকা মানুহো সোনকালেই শাৰীৰিক আৰু মানসিক ভাৱে অসুস্থ হৈ পৰে। ইয়াৰ বিপৰীতে যিসকল সদায় ফূৰ্তিত থাকে, আনৰ ভাল চিন্তা কৰে আৰু সুস্থ হৈ থকাৰ কথা ভাবে, তেওঁলোকৰ উৰ্জাও তেনেধৰণৰ হয়। আৰু সেই সকাৰাত্মক উৰ্জাৰ প্ৰভাৱ শৰীৰতো পৰে‌। কাৰণ যিজন মানুহৰ মন মগজু শান্ত হৈ থাকে,তেওঁৰ বেছিভাগ ৰোগ নিজে নিজেই নিৰাময় হয়।

দুৰ্বল চিন্তাই শৰীৰটোকো দুৰ্বল কৰি তোলে। তুমি নিজৰ আশে পাশে মন কৰিলে দেখিবা, যিয়ে অসুখত পৰিবলৈ আটাইতকৈ বেছি ভয় কৰি থাকে তেৱেঁই সোনকালে অসুস্থ হয়। এই ভয়ে বহু লোকৰ প্ৰাণো লৈছে। তাৰ বিপৰীতে যিয়ে নিজকে সুস্থ সবল বুলি ভাবে তেওঁলোকৰ শৰীৰো তেনেকুৱাই হয়‌ । আমাৰ শৰীৰ মাত্ৰ এটা উপকৰণ, আৰু আমাৰ মগজুৱে এই উপকৰণ নিয়ন্ত্ৰণ কৰে। শৰীৰৰ বাবে যিদৰে ভাল খাদ্য জৰুৰী, তেনেকৈ ভাল চিন্তাও জৰুৰী। এটা শুদ্ধ আৰু সকাৰাত্মক মগজুৱে কেতিয়াও বেয়া খাদ্য খাবলৈ নিদিয়ে। প্ৰথমে নিজৰ মগজুক সুৰক্ষিত ৰাখক, তেতিয়া মগজুৱে নিজেই শৰীৰটোক সুৰক্ষিত ৰাখিব। যদি কোনো অসুস্থ ব্যক্তিয়ে নিজকে সুস্থ কৰি তুলিব বিচাৰে তেন্তে তেওঁ প্ৰকৃতিৰ সম্পৰ্কত থাকিব লাগে, সূৰ্য্যৰ পোহৰত থাকিব লাগে আৰু নকৰাত্মক চিন্তাৰ পৰা দূৰত থাকিব লাগে। তেওঁ যেনেকুৱা স্বাস্থ্য বিচাৰে, তেনেকুৱাই অনুভৱ কৰিব লাগে।

এইবাৰ ব্যক্তিজনে সুধিলে “আমাৰ চিন্তাই আমাৰ লক্ষ্যত কিদৰে প্ৰভাৱ পেলায় ? ” বুদ্ধই ক’লে “যেতিয়ালৈকে তোমাৰ লক্ষ্য তোমাৰ চিন্তাবোৰৰ সৈতে মিল নাখায়, তেতিয়ালৈকে তুমি সফলতা নোপোৱা। অৰ্থাৎ ভবাততো প্ৰতিদিনে বহু কথাই ভাবিব পাৰি যে আজি এইটো হ’ব মন কাইলৈ সেইটো হ’ব মন। কিন্তু যেতিয়ালৈকে এটা নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ নহ’ব তেতিয়ালৈ একো ডাঙৰ কাম কৰিব নোৱাৰে। কাৰণ নিয়মটো হৈছে যিটো কাম আমি বাৰে বাৰে কৰি থাকোঁ সেই কামটোতেই আমি অদ্ভুত সফলতা অৰ্জন কৰিব পাৰোঁ। সেয়েহে লক্ষ্য সফল কৰিবলৈ ধৈৰ্য আৰু একাগ্ৰতাৰ প্ৰয়োজন। এনেকুৱাও হ’ব পাৰে যে এটা কামত বিফল হ’লে তোমাৰ আন কাৰোবাৰ কাম এটালৈ চকু যাব আৰু অনুভৱ হ’ব যে সেইটো কাম সহজ আৰু যেতিয়া সেইটো কামতো বিফল হ’বা তেতিয়া আন এটা কামলৈ যাবা।

তেনেকৈ তুমি বহুকেইটা কাম কৰি পেলাবা কিন্তু এটাও কামত সফল নহ’বা। গতিকে মনত ৰাখিবা , লক্ষ্যটোৱে একমাত্ৰ বস্তু যিয়ে তোমাৰ বিচাৰসমূহক এটা দিশত কেন্দ্ৰিত কৰি ৰাখিব। নিজৰ লক্ষ্যত বাৰে বাৰে বিফল হোৱা মানে এইটো নহয় যে তুমি ভুল লক্ষ্য নিৰ্ধাৰণ কৰিছা। ইয়াৰ মানে এইটোহে , যে তোমাৰ লক্ষ্যত উপনীত হোৱা পথটো ভুল হৈছে। বিফলতাক ভয় নকৰিবা। কিবা এটা ডাঙৰ সফলতা পাবলৈ হ’লে মানসিকভাৱে সবল হ’ব লাগিব। কাৰণ এই যাত্ৰাত বহু মানুহে তোমাক নিৰাশ কৰিবলৈ চেষ্টা কৰিব। তেতিয়া ভয় খালে তোমাৰ সকলো আশা ভৰষা শেষ হৈ যাব। আৰু অন্তত শাৰীৰিক আৰু মানসিক ভাৱে অসুস্থ হৈ পৰিবা। আৰু তাৰ পৰা ওলাই অহাটো বহুত কষ্টকৰ হ’ব। সেয়েহে প্ৰথমে এটা লক্ষ্য স্থিৰ কৰা, ভয় নকৰিবা আৰু বিশ্বাস ৰাখিবা যে তুমি সফল হ’বা। আৰু নিশ্চিত ভাৱে সফল হ’বাই।

ব্যক্তি জনে সুধিলে, ” বিচাৰ আৰু মনৰ শান্তিৰ কি সম্পৰ্ক ?” বুদ্ধ ই ক’লে, মনৰ শান্তি সেইটো সম্পত্তি যাক পৃথিৱীৰ ১% মানুহেও অধিকাৰ কৰিব নোৱাৰে। যিয়ে এই সম্পদবিধ লাভ কৰে তেওঁ পৃথিৱীৰ আটাইতকৈ সৌভাগ্যৱান মানুহ। এইটো ক’বলৈ যিমান সহজ , আচলতে সিমান সহজ কথা নহয়। দীঘলীয়া সময়ৰ আত্মনিয়ন্ত্ৰণৰ অন্ততহে মনৰ শান্তি পোৱা যায়। যেতিয়া কোনো ব্যক্তিয়ে নিজক আৰু পৃথিৱীখনক বুজি পায়, মোহ আৰু প্ৰেমৰ পাৰ্থক্য বুজি পায়, সকলো নেতিবাচক মনোভাৱ নোহোৱা হৈ যায়, তেতিয়াই তেওঁ সঁচা অৰ্থত মনৰ শান্তি পাব পাৰে‌ । আৰু এইটোৱেই সকলো মানুহৰে অন্তিম লক্ষ্য। এজন মানসিকভাৱে শান্ত ব্যক্তিয়ে যিকোনো পৰিস্থিতি তে নিজক নিয়ন্ত্ৰণ কৰিব পাৰে। যেতিয়া মন শান্ত হয় তেতিয়াই সকলো বিচাৰো।শান্ত হয়। আৰু অনুভৱ কৰিব পাৰি প্ৰকৃততে তোমাৰ মনটো কিমান শক্তিশালী।

মনৰ শান্তি লাভ কৰাৰ লগে লগে তুমি উপলব্ধি কৰিবা যে তোমাৰ মানসিক শক্তি ইমানেই বাঢ়ি গ’ল যে এতিয়া তোমাৰ প্ৰতিটো কামেই সহজ যেন লাগে। তুমি য’ত, যেনেকুৱা পৰিস্থিতিত থাকিলেও নিজক স্বীকাৰ কৰিব পাৰা। যদি তুমি এইটো স্থিতিত উপনীত হ’ব বিচাৰা তেন্তে ইয়াৰ আৰম্ভণি তুমি তোমাৰ চিন্তাৰ পৰাই কৰিব লাগিব। নিজৰ চিন্তা নিয়ন্ত্ৰণ কৰা আৰু এয়া সম্ভৱ একমাত্ৰ ধ্যান বা মেডিটেশ্যনৰ দ্বাৰা। ” বুদ্ধ পুনৰ নিজৰ ধ্যানত মগ্ন হ’ল আৰু ব্যক্তিজনো উভতি আহিল।

Leave a Comment