এবাৰ এখন দেশৰ ৰাজসভাৰ মূল মন্ত্ৰী জন হঠাতে মৃত্যুমুখত পৰে। মন্ত্ৰীজন যথেষ্ট বুদ্ধিমান ব্যক্তি আছিল। তেখেতৰ অকাল বিয়োগত এতিয়া বিশাল শাসনভাৰ চম্ভালিব পৰাকৈ এজন সুযোগ্য মানুহ শীঘ্ৰে মন্ত্ৰী হিচাপে নিৰ্বাচন কৰিব লাগিব। তাৰ বাবে দেশত বিভিন্ন ধৰণৰ পৰীক্ষাৰ আয়োজন কৰা হ’ল আৰু সেই পৰীক্ষাবোৰৰ পৰা বহুকেইজন যোগ্য প্ৰাৰ্থী নিৰ্বাচন কৰিলে। সেই প্ৰাৰ্থীকেইজনৰ মাজত পুনৰ কঠিনতম পৰীক্ষা আয়োজন কৰা হ’ল। শেষত কেৱল তিনিজন প্ৰাৰ্থী বাকী থাকিল আৰু তেওঁলোকক ৰাজধানীলৈ লৈ অহা হ’ল। ৰজাই ঘোষণা কৰিলে যে কাইলৈ তেওঁলোকৰ অন্তিম পৰীক্ষা হ’ব আৰু তাত বিজয়ীজনেই দেশৰ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব।
সন্ধিয়ালৈকে গোটেই দেশত এটা কথাই বিয়পি পৰিছিল যে সম্ৰাটে কাইলৈ মন্ত্ৰীত্বৰ বাবে কি পৰীক্ষা ল’ব । সম্ৰাটে অলপ অসাধাৰণ পৰীক্ষা ল’ব বিচাৰিছিল। পিছদিনা পুৱা তিনিওজনক এটা কোঠাত বন্ধ কৰি বাহিৰৰ পৰা এটা ডাঙৰ তলা লগাই দিয়া হ’ব। সেই তলাটো সাধাৰণ নহয়। দেশৰ গণিতজ্ঞ, অভিযন্তা আৰু কাৰিকৰী শিল্পীয়ে মিলি তলাটো নিৰ্মাণ কৰিছিল। তাত কোনো চাবিৰ প্ৰয়োজন নাই। তলাটোৰ ওপৰত কিছুমান সংখ্যা লিখি ৰখা হ’ব আৰু তাতেই এটা সাঁথৰ সোমাই থাকিব। যিজনে সেই সাংখ্যিক সাঁথৰটো সমাধান কৰি তলাটো খুলি প্ৰথমে কোঠাৰ পৰা ওলাই আহিব তেঁৱেই দেশৰ মন্ত্ৰী নিৰ্বাচিত হ’ব।
এই কথাষাৰ মুখে মুখে বিয়পি সেই তিনিজন প্ৰাৰ্থীৰ কাণতো পৰিলগৈ। দুজন প্ৰাৰ্থীয়ে লগে লগেই বজাৰৰ ফালে খোজ ল’লে আৰু তলাৰ গণিত বা বিজ্ঞানৰ লগত সম্বন্ধ থকা সকলো কিতাপ আনি পঢ়িবলৈ লাগিল। কিন্তু তৃতীয় জন প্ৰাৰ্থীয়ে তেনেকুৱা একোৱেই প্ৰস্তুতি নচলালে । নিশা আৰামেৰে ভাত-পানী খাই তেওঁ শুই থাকিল। বাকী দুজনে ভাবিলে যে এনে পৰীক্ষাৰ কথা শুনি হয়তু সি ভয় খালে আৰু মন্ত্ৰীত্বৰ পৰীক্ষাত অৱতীৰ্ণ নোহোৱাৰ সিদ্ধান্ত ল’লে। আৰু নহ’লে হয়তু এনে পৰীক্ষাৰ কথাষাৰ সি উৰাবাতৰি বুলি ভাবিছে। তেওঁলোক দুজনে কিন্তু এই সুবিধাটো এৰি দিব নিবিচাৰিলে। নিশাৰ ভিতৰতে সকলো কিতাপ পঢ়ি শেষ কৰিলে। ৰাতিপুৱাল। তিনিওজনকে সম্ৰাটৰ সমুখত থিয় কৰোৱা হ’ল । আৰু তেওঁলোক নিশ্চিত হ’ল যে আগদিনা তেওঁলোকৰ কাণত পৰা পৰীক্ষাৰ কথাটো সঁচা আছিল।
কথামতেই তেওঁলোকক কোঠাটোত বন্ধ কৰি দিয়া হ’ল আৰু সম্ৰাটে ক’লে সাঁথৰটো সমাধান কৰি যিজনে প্ৰথমে তলা খুলি মোৰ ওচৰলৈ আহিব তেঁৱেই মোৰ মন্ত্ৰী হ’ব। মই বাহিৰত অপেক্ষা কৰি আছোঁ বুলি কৈ ৰজা গ’লগৈ। নিশাটো তলাৰ বিজ্ঞান সম্বন্ধীয় কিতাপ পঢ়া দুয়োজনে কাপোৰৰ মাজত কেইখনমান কিতাপ লুকুৱাই আনিছিল। কোঠা বন্ধ হোৱাৰ লগে লগে তেওঁলোকে কিতাপ মেলি সাঁথৰ সমাধান কৰাৰ চেষ্টাত লাগিল ।কিন্তু সেই তৃতীয়জন ব্যক্তিয়ে নীৰৱে কোঠাটোৰ এটা কোণত বহি ৰ’ল। বাকী দুজন ব্যক্তিয়ে ভাবিলে যে সি হাৰ মানিলে আৰু একো প্ৰস্তুতি নকৰাৰ বাবে এতিয়া অনুশোচনা হৈছে। তেওঁলোকে তাক ঠাট্টা কৰি ক’লে “কি হ’ল ? হাৰ মানি ড’লা নেকি ? কিবা এটা কৰা তেতিয়াহে কিবা এটা হ’ব ।” কিন্তু তৃতীয় জন ব্যক্তিৰ মন একেবাৰে শান্ত আছিল। তেওঁ অলপ সময় ভাবিলে আৰু লাহেকৈ উঠি গৈ দুৱাৰখন ঠেলিবলৈ চেষ্টা কৰিলে। এয়া কি ! দুৱাৰখন দেখোন খুলি গ’ল।
সি লগেলগেই গৈ সম্ৰাটৰ কাষ পালেগৈ। বাকী দুজন তেতিয়াও কিতাপতেই মগ্ন আছিল। তেওঁলোকে গমেই পোৱা নাছিল যে তৃতীয়জন কেতিয়া ওলাই গ’ল। সম্ৰাটে যেতিয়া তৃতীয় ব্যক্তিজনক লৈ কোঠাটোলৈ আহি কিতাপ বন্ধ কৰিবলৈ চিঞৰি ক’লে তেতিয়াহে তেওঁলোকে দেখিলে যে তৃতীয়জন কেতিয়াবাতেই ওলাই গ’ল। কিন্তু একো বুজি ব নোৱাৰিলে। সম্ৰাটে ক’লে “তলাটো লগোৱাই হোৱা নাছিল আচলতে। বন্ধ তলা এটা খুলিব পাৰি কিন্তু যিটো তলা লগোৱাই নহয়, সেইটো কেনেকৈ খুলিবা ? এইজন মানুহ তোমালোক দুয়োজনতকৈ বেছি বুদ্ধিমান। তেওঁ তলাৰ সাঁথৰ সমাধান কৰাৰ আগতে এইটো জানিবলৈ চেষ্টা কৰিলে যে প্ৰকৃততে তলা লগোৱা হৈছেনে নাই । এইজনেই আমাৰ দেশৰ আটাইতকৈ জ্ঞানী আৰু বুদ্ধিমান ব্যক্তি কিয়নো তেওঁ প্ৰথমে এবাৰ জানিবলৈ চেষ্টা কৰিলে যে যিটো সমস্যা তেওঁ সমাধান কৰিবলৈ গৈ আছে সেইটো আচলতে সমস্যা হয়নে ! শেষত তেওঁকেই ৰজাই মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰিলে।
কাহিনীৰ অৰ্থ এয়াই যে, আমি আমাৰ জীৱনত সমস্যাৰ লগত যুঁজাৰ আগতে এইটো জানিবলৈ চেষ্টা কৰিব লাগে যে “মই যিটো সমস্যা বুলি ভাবি আছোঁ আচলতে সেইটোৱেই সমস্যা নে ইয়াৰ আঁৰত আন কিবা কাৰণ বা আন কথা আছে যিটো মই এতিয়ালৈ অনুধাৱন কৰা নাই” ।