জীৱনত যদি কেতিয়াবা বিফল হোৱা বা কষ্ট পোৱা যেন অনুভৱ হয়। তেন্তে এবাৰ ঈগলৰ জীৱনটোলৈ মনত পেলাব। সাহসেৰে যুঁজ দিয়াৰ প্ৰেৰণা পাব আপুনি।
৪০ বছৰ বয়সলৈকে ঈগল বুঢ়া হয়। নখ , ঠোঁট, পাখি লাহে লাহে অকামিলা হৈ আহে। নখবোৰ ভোটা হৈ যায়। ঠোঁটটো বেঁকা হৈ যায় আৰু ক্ষয় যাবলৈ ধৰে। ডেউকাৰ পাখিবোৰো গধুৰ হৈ আহে। ফলত চিকাৰ কৰাত সমস্যা হয়। মাংসভোজী পক্ষী হৈ মাংস ছিঙি খাব নোৱাৰা হয়।
এই সময়ত ঈগলৰ হাতত জীয়াই থকাৰ দুটা পথ থাকে। এটা হ’ল আনৰ চিকাৰৰ অৱশিষ্টৰ ওপৰত ভৰষা কৰি থকা আৰু দ্বিতীয়টো হ’ল যথেষ্ট যন্ত্ৰণাৰ শেষত নিজকে এটা নতুন জীৱন দিয়া। ৰজা সদায় ৰজাই। সেয়েহে ঈগলে দ্বিতীয়টো পথ বাছনি কৰি লয় । ১০০ দিনৰ অসহনীয় যন্ত্ৰণা সহ্য কৰে।
প্ৰথমে সিঁহতে শিলত খুন্দিয়াই ঠোঁটটো ভাঙে। প্ৰায় এমাহৰ ভিতৰত নতুন চোকা ঠোঁট গজি উঠে। এই সময়চোৱাত কেৱল পানী খায়েই জীয়াই থাকে ঈগলে। তাৰ পিছত শিলত খুন্দিয়াই ভোটা নখবোৰো ভাঙি পেলায়। পুনৰ প্ৰায় এমাহ মানৰ ভিতৰত নতুনকৈ চুৰিৰ দৰে ধাৰ থকা নখ গজি উঠে। এই এমাহত সিহঁতে পানী আৰু মুখৰ আগতে পোৱা জেঠী, নিগনি আদি খায়, চিকাৰলৈ নাযায় । সেয়েহে এই সময়চোৱাত ঈগল অত্যন্ত দুৰ্বল হৈ পৰে।
এই পন্থাৰ তৃতীয় কাৰ্যটো হৈছে ঈগলে নিজৰ ঠোঁটেৰে পাখিবোৰ উভালি পেলায়। এই সময়চোৱা যথেষ্ট যন্ত্ৰণাদায়ক। ঈগলটো মূমূৰ্ষ অৱস্থাত পৰে। সেই সময়ত অনায়াসে ঈগলৰ চিকাৰ কৰিব পাৰি। ২০/২৫ দিনৰ পিছত সি পুনৰ উৰিব পৰা হয়। অৰ্থাৎ ইমানখিনি যন্ত্ৰণা সহ্য কৰি অৱশেষত নিজকে এটা নতুন জীৱন দিয়ে।
প্ৰথম পন্থাটোত ঈগলৰ আয়ুস হয় ৪/৫ বছৰ। কিন্তু দ্বিতীয় পন্থাৰে ঈগলে আৰু ৩০ বছৰ পৰ্যন্ত জীয়াই থকাৰ যোগ্য কৰি লয়। কিন্তু কেতিয়াও হাৰ নামানে বা আনৰ ওপৰত নিৰ্ভৰশীল নহয়। এই জীৱনকাহিনীৰ পৰা মানুহৰ বহুত শিকিবলগীয়া আছে।