শাহু কেতিয়াবা “মা” হ’ব পাৰে
কেতিয়াবা ভূলতে হ’লেও শাহুক “মা’ বুলি ভাৱিবচোন
কিবা এটা ভাল লাগে—
তেওঁ তত ধৰিব নোৱাৰাকৈ পাছফালৰ পৰা
যোৰকৈ সাৱতী ধৰি “মা” বুলি মাতিবচোন
তেওঁৰ কঠোৰ হৃদয়খনো বৰফ গলা দি গলে-
আপোনাৰ ইচ্ছা হ’লেই —
মা–মা–কৈ চিঞৰী মাতিবচোন–
তেওঁৰ গোমা হৈ থকা মনটোত হঠাৎ
আৱেগৰ বাৰিষা নামিব
এই যে ছোৱালী-বোৱাৰীৰ মৰমবোৰৰ পাৰ্থক্য
তেওঁৰ মনত লাহে লাহে নোহোৱা হ’ব।
ৰ’ব—
পুৱা-গধুলী আকৌ সাদৰী বোৱাৰীজনী হ’বলৈও নাপাহৰিব
বয়স হ’ল নহয় কিনো অকল খোৱাতে লাগি থাকে বুলি
সাকতনো নাপাৰিব–
অমুকৰ পৰা আহোগৈনিকি বুলি শাহুক হাঁহি এটা মাৰি
সুধিবচোন–!
চাব–তেওঁক শাহুৰ পৰা “মা” হব’লৈ
বৰ বেছি সময় নালাগিব !!
দিনৰ ভাগত চেগ চাই
শাহুৰ বান্ধবী হব’লৈ যত্ন কৰিবচোন—
চাব——
নিসন্দেহে মনৰ সকলো কথাৰ ভাগ আপোনাকো দিব !
কেতিৱাবা যদি বেছিকৈ মা”ৰ ঘৰলৈ মনত পৰে
লাহেকে গৈ শাহুৰ ওচৰত
জী হব’লৈ যত্ন কৰিবচোন—
সঁচা কৈছো—
দ্বিতীয়বাৰ আৰু মা”ৰ কমিয়ে
আপোনাৰ মনক অশান্ত নকৰিব !
এই যে বিয়াৰ পাছত পুত্ৰজন কেৱল স্বামী হৈ পৰে
সুবিধা বুজি তেওঁক পুত্ৰ হোৱাত সহায় কৰিব–
আপোনাৰ কপালত চুমাটো আঁকিলে–ক’ব
মা””ৰ আৰ্শীবাদকনো ল’ব—
গধূলী কৰ্মস্থলীৰ পৰা ঘৰমুৱা হ’লে–
“মা” বুলিয়ে মাতিবলৈ দিব–
তেতিয়া বোৱাৰীয়ে পুত্ৰক দুৰ কৰাৰ ভয়ত–
কোনো শাহুৱে ৰুগীয়া নহ’ব !
কেতিয়াবা কৰবালৈ ফুৰিব গ’লে শাহুক কব–
“মা” আপুনিয়ো যাব লাগিব–
বিশ্বাস কৰক
সময় বুজি তেওঁ–তহত দুয়োয়ে যা” বুলিয়ে ক’ব!
ঘৰলৈ ঘূৰোতে মৰমৰ টোপোলা এটি আনি–
হাতত গুজি দিব–চোন
দেখিব–কেতিয়াবা দুপৰীয়াৰ চাহকাপ মইয়ে বনাও ৰ’বা
বোৱাৰী বুলিয়ে ক’ব–
কেতিয়াবা ভুলতে হলেও শাহুক “মা” বুলি ভাৱিব–
মধু দত্ত
চৰাইদেউ চ্যুকাফা