মৃত্যুৰ পিছত আন বহু শিশুক জীৱন দি গ’ল ১৬ মহীয়া ঋষান্তে

WhatsApp Follow

দিল্লীৰ এইমছত মৃত্যু ঘটা এটি ১৬ মহীয়া শিশুৰ পৰিয়ালে গ্ৰহণ কৰা সিদ্ধান্তই এতিয়া নতুন জীৱন দিছে আন বহু শিশুক। নিজৰ সন্তানৰ মৃত্যুত শোকবিহ্বল হৈ পৰা পিতৃ-মাতৃয়ে শিশুটিৰ অংগ দান কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তই প্ৰশংসা বুটলিছে আনৰ পৰাও।

জানিব পৰা মতে, যোৱা ১৭ আগষ্টত ঘৰত পৰি মূৰত গুৰুতৰভাৱে আঘাত পাইছিল ঋষান্ত নামৰ ১৬ মহীয়া কণমানি শিশুটিয়ে। ইয়াৰ পিছতে পিতৃ উপিন্দৰে শিশুটিক যমুনা পাৰ্কৰ সমীপৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱায়। পৰৱৰ্তী সময়ত শিশুটিক তাৰ পৰা এইমছ ট্ৰমা চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়।

কিন্তু যোৱা ২৪ আগষ্টত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে ঋষান্তৰ। শিশুটিৰ মৃত্যুত পৰিয়ালত শোকৰ বন্যা নামিলেও তাৰ মাজতে পিতৃ-মাতৃয়ে ঋষান্তৰ অংগ দান কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি এইমছত চিকিৎসাধীন হৈ থকা এটি ৫ বছৰীয়া শিশুক দান কৰা হৈছে ঋষান্তৰ বৃক্ক। তদুপৰি মেক্স হাস্পতালত চিকিৎসাধীন হৈ থকা এটি ৬ মহীয়া কন্যা শিশুক প্ৰদান কৰা হৈছে লিভাৰ।

আনহাতে ঋষান্তৰ শৰীৰৰ হৃদযন্ত্ৰ আৰু অন্যান্য অংগসমূহ এইমছ বেংকত ৰখা হৈছে। প্ৰয়োজনত অন্য শিশুৰ দেহত সেই অংগ সংৰোপণ কৰা হ’ব বুলি জানিবলৈ দিয়ে এইমছৰ চিকিৎসকে।

Leave a Comment