আবেদন পত্র লিখাৰ নিয়ম | PDF Application Writing In Assamese

বন্ধু বান্ধুৱী সকল আজি আমি এই আর্টিকেলটোত কথা পাতিম আবেদন পত্র লিখাৰ নিয়ম বা চিঠি লিখাৰ নিয়ম সমূহৰ বিষয়ে আশা কৰোঁ আপোনালোকৰ ভাল লাগিব।

আবেদন পত্রৰ ভাগ সমূহ

  • ব্যবসায়িক ভিত্তিক চিঠি পত্র।
  • ব্যক্তিগত চিঠি পত্র।
  • কার্য্যালয় ভিত্তিক চিঠি পত্র।
  • আবেদন পত্র।

আবেদন পত্র কি ?

(আবেদন পত্র লিখাৰ নিয়ম) আবেদন পত্র মানে হ’ল, এজন ছাত্র বা এজনী ছাত্রী যদি প্রধাব শিক্ষক বা শিক্ষয়িত্রীক চিঠি লিখে,
বা কোনোবা এটা বস্তু বিচাৰি যেতিয়া চিঠি লিখে তাক কোৱা হ’ব আবেদন পত্র।

কার্য্যালয় ভিত্তিক আবেদন পত্র

কার্য্যালয় ভিত্তিক আবেদন পত্র বুলি ক’লে কি বুজো ? কার্য্যালয় ভিত্তিক আবেদন পত্র হ’ল যেতিয়া আমি কোনো এটা কার্য্যালয়ত কিবা এটা বস্ত বিচাৰি আবেদন লিখো, যেনে ৰাস্তা বেয়া তাৰ বাবে আবেদন লিখো, বা কিবা এটা সহায় বিচাৰি কার্য্যালয়ত আবেদন লিখো তাক কার্য্যালয় ভিত্তিক আবেদন পত্র বুলি কোৱা হয়।

চাকৰি বিচাৰি আবেদন পত্র

প্ৰতি,

পৰিচালক মহোদয় নিয়োগ বিভাগ______প্ৰতিষ্ঠান।

বিষয়ঃ- চাকৰি বিচাৰি আবেদন।

মহাশয়/মহাশয়া

যোৱা ইংৰাজী_____তাৰিখৰ ______কাকতৰ বিজ্ঞাপনৰ পৰা আপোনাৰ/আপোনালোকৰ প্রতিষ্ঠানৰ ______পদৰ বাবে এজন অবিজ্ঞ প্রার্থীৰ আৱশ্যক বুলি জানিব পাৰি এই আবেদন পত্র প্রেৰণ কৰিলোঁ। মই উক্ত পদৰ বাবে উপযুক্ত বুলি ভাবি মোৰ প্রার্থীত্ব আগবঢ়ালোঁ। যদি আপোনালোকে মোক উক্ত পদৰ নিযুক্তি প্রদান কৰে তেনেহলে মই আপোনালোকৰ প্রতিষ্ঠানত অতি নিষ্ঠা সহকাৰে কাম কৰি আগুৱাই লৈ যাব পাৰিম বুলি মোৰ বিশ্বাস। মোৰ এই ক্ষেত্রত কাম কৰাৰ প্রায় ____বছৰৰ অবিজ্ঞতাৰ প্রমাণ পত্র আৰু মোৰ শিক্ষাগত অর্হতাৰ প্রমাণপত্র ইয়াৰ লগত সংলগ্ন কৰি দিয়া হৈছে।

মোৰ শিক্ষাগত অর্হতা _____বিভাগৰ স্নাতক আৰু কম্পিউটাৰত ১ বছৰৰ পোষ্ট গ্রেজুৱেট পাঠ্যক্রম সমাপ্ত কৰিছো। বর্তমান এটা ব্যক্তিগত কোম্পানীত _____বিভাগত কাম কৰাৰ ৪ বছৰৰ অভিজ্ঞতা আছে। সেই প্রতিষ্ঠানত মই অতি নিষ্ঠা সহকাৰে কাম কৰাৰ পাছত যথেষ্ট অভিজ্ঞতা অর্জন কৰিলোঁ আৰু সেই অভিজ্ঞতাৰ জৰিয়তে আপোনালোকৰ প্রতিষ্ঠানত মোৰ ফালৰ পৰা উৎকৃষ্ঠ সেৱা আগবঢ়াবলৈ সক্ষম হম বুলি বিশ্বাস আছে।

অনুগ্রহ কৰি আপোনালোকৰ মতামত জনাই তলত উল্লেখ কৰা ফোন নম্বৰত যোগাযোগ কৰি সাক্ষাৎতকাৰৰ তাৰিখ আৰু সময় জনাই যেন। আপোনালোকৰ মতামত অতি সোনকালে জনাব বুলি আশা ৰাখিছোঁ, ধন্যবাদ।

আপোনালোৰ/আপোনালোকৰ বিশ্বাসী

নাম__________

ফোন নম্বৰ_____

তাৰিখ________

আৰু পঢ়ক-

পকী ৰাস্তা নির্মাণৰ বাবে আবেদন

প্রতি,

সভাপতি/সম্পাদক

_______গাওঁ পঞ্চায়ত

তাৰিখ_____

বিষয়ঃ- পকী ৰাস্তা নির্মাণৰ আবেদন

সভাপতি/সম্পাদক ডাঙৰীয়া, আমাৰ _____অঞ্চলৰ বাসিন্দাসকলৰ পক্ষৰ পৰা প্রথমতে সাদৰ সম্ভাষণ গ্রহণ কৰিব। আপোনাক আমাৰ অঞ্চলৰ এটা অতি গুৰুত্বপূর্ণ সমস্যা দৃষ্টিগোচৰ কৰিব বিচাৰিছোো। আমাৰ অঞ্চলৰ পৰা ৰাষ্টীয় ঘাইপথ লৈ যোৱা ৰাস্তাটো পকী নোহোৱাৰ বাবে গাঁৱৰ অধিবাসীসকলে খুবেই কষ্ট ভোগ কৰিব লগা হয়। আমাৰ গাঁৱৰ পৰা সম্পূর্ণ ৰাস্তাত কেৱল শিল দিয়া আছে, কিন্তু বাৰিষা কালত তাত সূষ্টি হোৱা বূহৎ বূহৎ গাঁতবোৰত পানী জমা হোৱাৰ বাবে ছাত্র-ছাত্রী, ব্যৱসায়ী আদি লোকৰ যাতায়াতৰ ক্ষেত্রত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।

সেয়েহে আমি _____অঞ্চলবাসী ৰাইজে আপোনাক অনুৰোধ কৰো যে, আপুনি আপোনাৰ ঊর্ধতম কর্তৃপক্ষক অৱগত কৰে যাতে সংশ্লিষ্ট কর্তৃপক্ষই তৎপৰ হৈ বিশেষ ব্যৱস্তা গ্রহণ কৰি পথটো পকীকৰন কৰে যেন, ধন্যবাদ।

আপোনাৰ বিশ্বাসী

নাম_______।

অসমীয়া প্ৰতিবেদন লিখাৰ নিয়ম

বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণি সভা।

________ঠাইৰ নাম

১০ জানুৱাৰী, আজি পুৱা ১১ বজাত স্থানীয় _____হাইস্কুলত বার্ষিক বঁটা বিতৰণি সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্রী ______সভাপতিৰ আসন গ্রহণৰ পিছতে প্রধান শিক্ষক _____সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছত বার্ষিক প্রতিবেদন পাঠ কৰে। প্রতিবেদনত বিদ্যালয় খনৰ সর্বতো দিশৰ উন্নয়নৰ বাবে হাতত লোৱা পদক্ষেপসমুহ উল্লেখ কৰে। ইয়াৰ পিছতে ছাত্র-ছাত্রীসকলে এটি সুন্দৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি সকলোকে আপ্লূত কৰে।

ইয়াৰ পিছতে সভাপতিয়ে বিভিন্ন বিভাগত ছাত্র-ছাত্রী সকলে লাভ কৰা বঁটাসমূহ বিতৰণ কৰে। বার্ষিক ক্রীয়া সপ্তাহত লাভ কৰা বঁটা সমূহৰ উপৰিও অন্যান্য দিশত দেখুওৱা পাৰদর্শিতাৰ বাবে আৰু বছৰটোৰ শ্রেষ্ঠ ছাত্রৰ বঁটাও প্রধান কৰা হয়। বঁটাত আছিল একোখনকৈ মানপত্র আৰু পদক। বঁটা বিতৰণিৰ পিছতে সভাপতিয়ে নিজৰ বক্তব্য ডাঙি ধৰি ছাত্র-ছাত্রী সকলৰ শৈক্ষিক উত্তৰণৰ বাবে গুৰুত্বপূর্ণ পৰামর্শ আগবঢ়ায়।

সভাপতিৰ বক্তব্যৰ পিছতে প্রধান শিক্ষকে সভাখন সাফল্যমণ্ডিত কৰি তোলাত সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে শিক্ষক-শিক্ষয়িত্রী পৰিচালনা সমিতিৰ বিষয়ববীয়া অভিভাৱক আৰু ছাত্র-ছাত্রী সকলোলৈকে শলাগৰ শৰাই আগবঢ়ায় আৰু লগে লগে সভাপতিয়ে সভাভঙ্গ ঘোষণা কৰে।

জিলা উপায়ুক্ত লৈ আবেদন

প্রতি,

মাননীয় ______জিলাৰ উপায়ুক্ত মহোদয়ৰ সমীপেষু

তাৰিখ- ১৭/৪/২০২২

মহোদয়,

সন্মান পূর্বক নিবেদন এই যে যিটো সময়ৰ আমাৰ মুখ্যমন্ত্রী _____মহোদয়ে দুর্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি প্রদর্শন কৰিছে সেই সময়তে _____জিলাৰ _____ৰিজহ চক্র বিষয়াৰ কার্য্যালয়ত চলিছে ব্যাপক দুর্নীতি অনিময়। এই দুর্নীতি চক্র বিষয়া _____পূষ্ঠপোষকতাতেই সংঘটিত হৈছে। সম্প্রতি চক্র বিষয়াৰ কার্য্যালয়ত মাটিৰ নামজাৰিৰ বাবদ ৬ হাজাৰ টকা, মাটি বিক্রীৰ অনুমতি পত্রৰ বাবদ ৩ হাজাৰ টকা, জমাবন্দি কপি আৰু মাটি থকাৰ প্রমান পত্রৰ বাবদ ৬০০ টকা, প্রতিটো উত্তৰাধীকাৰী নামজাৰি কৰাৰ বাবদ দাগে ৫০০ টকাকৈ ৰাজহ চক্র বিষয়াজনক আদায় দিব লাগে। এই ধন চক্র বিষয়াই কার্য্যালয়ত পুহি ৰখা মধাভোগী দালাল _____ আদায় দিব লাগে। কার্য্যালয়টোত এতিয়া টকা নিদিলে কোনো কামেই নহয়। তাৰোপৰি এই ৰাজহ চক্র বিষয়া জনে সর্বসাধাৰন ৰাইজ আনকি কার্য্যালয়ৰ মণ্ডলকো দুর্ব্যৱহাৰ কৰি আহিছে। এই ঘোচখোৰ বিষয়াজনৰ দৌবাত্মক এতিয়া _____ৰাজহ চক্র বিষয়াৰ কার্য্যালয়লৈ সাধাৰন ৰাইজ যাবলৈকে ভয় কৰা হৈছে।

গতিকে এই অভিযোক সন্দর্ভত এক সু-তদন্তৰ ব্যৱস্থা কৰি দুর্নীতিৰগ্রদস্ত ৰাজহ চক্র বিষয়া জনৰ বিৰুদ্ধে শান্তিমূলক ব্যৱস্থা গ্রহণ কৰিবলে আহবান জনালো।

ইয়াৰ প্রতিলিপিঃ

১/_____

২/_____

বিনীত আপোনাৰ বিশ্বাসীঃ

নাম______

পোঃ ______

থানা_____

জিলা_____(অসম)

ফোন নং ০০০০০০০০০০

চার্টিফিকেট বিচাৰি আবেদন | Assamese Application For Certificate

প্রতি,

মাননীয় প্ৰধান অধ্যাপক মহোদয়______হাইস্কুল

দিনাংকঃ ১৭/৪/২০২২

বিষয়ঃ বিদ্যালয় ত্যাগৰ প্ৰমাণপত্ৰ বিচাৰি আবেদন

মহোদয়,

বিনীত নিবেদন এই যে মই আপোনাৰ বিদ্যালয়ৰে এগৰাকী ছাত্ৰী হও। মই ইং 2018 বৰ্ষত আপোনাৰ বিদ্যালয়ত নামভৰ্তি কৰিছিলো কিন্তু মোৰ ব্যক্তিগত সমস্যাৰ বাবে মই বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা অষ্টম শ্ৰেণীৰ পৰা ত্যাগ কৰিব লগীয়া হল।মহোদয়, বৰ্তমানে মোক স্কুল এৰাৰ প্ৰমাণ পত্ৰ খনৰ আৱশ্যক।গতিকে মহোদয়ে মোৰ ভুল-ক্ৰুটি মাৰ্জনা কৰি মোক প্ৰমাণ পত্ৰ খন দিয়ে যেন।
এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল মিনতি।

ইতি,

আপোনাৰ একান্ত বিশ্বাসী ছাত্র/ছাত্রী

নাম______

শ্রেণী____

ৰোল নং____

শিক্ষা বর্ষ_____

অভিভাৱক/অভিভাৱিকাৰ চহী___

আৰু পঢ়ক-

শিক্ষক পদৰ বাবে আবেদন পত্র

প্রতি,

মাননীয় প্রধান শিক্ষক মহোদয় _____বিদ্যালয়।

বিষয়ঃ শিক্ষক ৰূপে নিযুক্তি পাবৰ বাবে আবেদন।

মহোদয়,

আপোনাৰ ১০/১২/২০১১ তাৰিখৰ “দৈনিক জনমভূমি” কাকতৰ বিজ্ঞাপনৰ ভিত্তিত জানিব পাৰিলো আপোনাৰ বিদ্যালয়ত এজন অসমীয়াৰ বিষয়ত অনাৰ্চ থকা কলা শাখাৰ শিক্ষকৰ প্রয়োজন |

মহোদয়,

শ্রদ্ধা সহকাৰে আপোনাক জনাওঁ যে মই বিদ্যালয়ৰ সমীপস্থ _____ৰ এটা দুখীয়া পৰিয়ালৰ এজন শিক্ষক যুৱক। অসমীয়া বিষয়ত মেজৰ লৈ প্রথম শ্রেণী লাভ কৰিবলৈ সক্ষম হৈছিলো যদিও আর্থিক দুৰাৱস্থাৰ হেতু উচ্চ শিক্ষা লাভ কৰিব নোৱাৰিলো। মহোদয়ৰ জ্ঞাত যে শিক্ষা জীৱনৰ বিভিন্ন সময়ত আপুনিও তথা আপোনাৰ বিদ্যালয়ৰ শ্রদ্ধেয় শিক্ষাগুৰু সকলে গ্রন্থ আৰু অর্থৰে মোক সহায় কৰি আহিছে। সেয়ে মাননীয় মহোদয় আপোনাৰ বিদ্যালয়ত খালী থকা শিক্ষক পদত মোক নিযুক্তি দি মোৰ লগতে দুখীয়া পৰিয়ালটিৰ মহৎ উপকাৰ সাধন কৰিব বুলি আশা ৰাখিলো। মই নুযুক্তি পালে বিদ্যালয়ত নিয়মীয়াকৈ আৰু নিষ্ঠা সহকাৰে দায়িত্ব পালন কৰিম বুলি প্রতিশ্রুতি দিলো।

ইতি,

নাম______

পিতাৰ নাম____

ঠিকনা____

শিক্ষাগত অর্হতা____

পদত্যাগ পত্র অসমীয়া

প্রতি,

মাননীয় পৰিচালক মহোদয় _______প্রতিষ্ঠান

বিষয়ঃ পদত্যাগ পত্র

মহাশয়,

বিনীত নিবেদন এই যে, মোৰ কিছুমান এৰাব নোৱাৰা পাৰিবাৰিক কাৰণত মই মোৰ বর্তমান চাকৰি এৰিবলৈ বাধ্য হৈছো। গতিকে মোক মোৰ কর্তব্যৰ পৰা অব্যাহতি দিবৰ কাৰণে অনুৰোধ জনালো। গতিকে মহোদয়ে মোক এই মাহৰ দৰমহাৰ লগতে মই পাবলগীয়া সকলো বিলাক ভৱিষ্যত নিধিৰ ধন অহা____তাৰিখৰ ভিতৰত মুকলি কৰি দিবলৈ অনুৰোধ জনালো, ধন্যবাদ।

আপোনাৰ বিশ্বাসী

নাম______

বিধায়কলৈ আবেদন পত্র

প্রতি,

মাননীয় বিধায়ক মহোদয়

____নং অসম বিধান সভা সমষ্টি।

স্থান______

বিষয়ঃ জৰাজীর্ণ পথৰ মেৰামতিৰ বাবে আবেদন।

মহোদয়,

বিনীত সন্মান সহকাৰে আপোনাক জনাও যে আমাৰ গাঁৱৰ মাজেৰে যোৱা পথটোৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে পথটোৰ মাজে মাজে পুখুৰী সদৃশ সৃষ্টি হৈছে যাৰ ফলত গাড়ী মটৰৰ লগতে পথচাৰী সকলেও দুর্ভগ ভুগিব লগীয়া হৈছে। এই পথটো যিহেতু কেইবাখনো গাঁৱৰ সংযোগী পথ সেয়ে পথটোৰ মেৰামতি খুব জৰুৰী হৈ পৰিছে। গতিকে এই পথটোৰ মেৰামতিৰ বাবে সোনকালে উচিত কার্য্য ব্যৱস্থা গ্রহণ কৰিবৰ বাবে মহোদয়ৰ ওচৰত বিনম্র আবেদন জনালো। ধন্যবাদ।।

ইতি,

সমূহ অঞ্চলবাসী হৈ

১/____

২/____

৩/_____

বেংকৰ আবেদন

প্রতি,

মাননীয় শাখা প্রবন্ধক মহোদয়

___________বেংক

তাৰিখঃ

বিষয়ঃ মৃত ব্যক্তিৰ জমাধন নমিনী সূত্রে ১২৩৪৫৬৭৮৯০ নং একাউন্টলৈ স্থানান্তকৰণৰ বাবে আবেদন।

মহোদয়,

সন্মান পূর্ববক বিনীত নিবেদন এই যে মোৰ দেউতা ______আপোনাৰ বেংকৰ ১২৩৪৫৬৭৮৯০ নং একাউন্টৰ এগৰাকী গ্রাহক আছিল। যোৱা ইং ০০/০০/০০০০/ তাৰিখে মোৰ দেউতাৰ আকস্মিক মৃত্যু হয়। যিহেতু দেউতাৰ একাউন্টৰ মনোনীত বুক্তি ( নুমিনী ) হিচাপে মোৰ নামটো উল্লেখ আছে। গতিকে মহোদয় দয়া কৰি মোৰ দেউতাৰ ১২৩৪৫৬৭৮৯০ নং একাউন্টৰ জমা ধনমিনি নমিনী সূত্রে ১২৩৪৫৬৭৮৯০ নং একাউন্টলৈ স্থানান্তৰ বাবে বিহিত ব্যৱস্থা গ্রহণ কৰে যেন। এয়ে মোৰ মহোদয়ৰ ওচৰত সৰল গোহাৰি।

ইতি,

আপোনাৰ বিশ্বাসী

নাম_____

মোবাইল নং_____

ঠিকনা_____

চৰিত্র প্রমাণ পত্র পাবৰ বাবে আবেদন

প্রতি,

মাননিয়_____মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়

নাম_____

ঠাইৰ নাম____

জিলা_____ ( অসম )

বিষয়ঃ চৰিত্র প্রমাণ পত্র পাবৰ বাবে আবেদন।

মহোদয়,

সন্মান পূর্ব্বক বিনীত নিবেদন এই যে মই আপোনাৰ মহাবিদ্যালয়ৰ এগৰাকী প্রাক্তন ছাত্র/ছাত্রী। যোৱা ০০০০ চনতে এই মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীর্ণ হৈ বর্তমান মই _____ মহাবিদ্যালয়/মহাবিদ্যালয়ৰ ____বিভাগত অধ্যয়ন কৰি আছো। বর্তমান মোক বিশেষ কাৰণবশত চৰিত্র প্রমাণ পত্রখন প্রয়োজন হৈছে। গতিকে মহোদয়ক অনুৰোধ জনাওঁ যে, মহোদয়ে দয়া কৰি মোক চৰিত্র প্রমাণ পত্রখন দি মহৎ উপকাৰ সাধন কৰে যেন। এয়ে মোৰ মহোদয়ৰ ওচৰত সৰল গোহাৰি।

ইতি,

আপোনাৰ বিশ্বাসী

নাম_____

ঠিকনা_____

ছুটি বিচাৰি আবেদন পত্র

প্রতি,

মাননীয় _____বিদ্যালয়ৰ প্রধান শিক্ষক মহোদয়।

বিষয়ঃ ঃহঠাতে গা বেয়া হোৱাৰ বাবে ছুটি বিচাৰি আবেদন

তাৰিখঃ____

মহোদয়,

বিনীত সন্মান পূর্বক নিবেদন এই যে, আজি প্রথম, দ্বিতীয়, তৃতীয় পিৰিয়টৰ পিছত হঠাতে মোৰ গা বেয়া হোৱাৰ বাবে বিদ্যালয়ত উপস্থিত থাকিবলৈ অসমর্থ হৈ পৰিছোঁ। গতিকে মহোদয়ে দয়া কৰি মোক ঘৰলৈ যাবলৈ অনুমতি প্রধান কৰে যেন। এয়াই দয়ালোঁ মহোদয়ৰ ওচৰত মোৰ সৰল প্রার্থনা।

ইতি,

মহোদয়ৰ বিশ্বাসী

শ্রী / শ্রীমতী

শ্রেণী____

ৰোল নং____

নাম ভর্তিৰ বাবে আবেদন

প্রতি,

মাননীয় ______বিদ্যালয়ৰ সভাপতি মহোদয়।

গাওঁ_____

জিলা____ ( অসম )

তাৰিখ___

বিষয়ঃ নাম ভর্তিৰ বাবে আবেদন।

মহোদয়,

সন্মান পূর্বক বিনীত নিবেদন এই যে, মই _____গাওঁপঞ্চায়তৰ অন্তর্গত _____গাঁৱৰ এগৰাকী অতি দুখীয়া পৰিয়ালৰ যুৱক/যুৱতী আৰু মই ২০২১ বর্ষত ____কেন্দ্রৰ পৰা মেট্রিক পৰীক্ষাত উত্তীর্ণ হৈছো। ইতিমধ্যে মই নামভর্তি কৰনৰ বাবে প্রয়োজনীয় প্র-পত্র মহাবিদ্যালয়ৰ কার্য্যালয়ত জমা দিছো। যিহেতু বর্তমান বর্ষত ছাত্র-ছাত্রীৰ উত্তীর্ণ হাৰ যথেষ্ট বেছি আৰু বহু দূৰ-দূৰণিৰ পৰা ছাত্র-ছাত্রী আহি নামভর্তিৰ বাবে ভিৰ কৰা দেখা গৈছে। যাৰ ফলত মই স্থানীয় ছাত্র-ছাত্রী হৈও নামভর্তিৰ সুযোগ পাম নে নাপাম সন্দেহ হৈছে।

গতিকে মহোদয় অনুৰোধ জনাওঁ যে মহোদয়ে দয়া কৰি অতি দুখীয়া পৰিয়ালৰ স্থানীয় ছাত্র-ছাত্রী হিচাপে আপোনাৰ জৰিয়তে নামভর্তি কৰনৰ সুযোগকণ দি মোক উচ্চ শিক্ষা গ্রহণত সহায় কৰে যেন। এয়ে মোৰ মহোদয়ৰ ওচৰত সৰল গোহাৰি।

ইতি,

আপোনাৰ বিশ্বাসী

নাম____

পিতাৰ নাম___

ঠিকনা___

অভিভাৱকৰ চহী

১/____

২/____

বেংক লৈ লিখা আবেদন

প্রতি,

মাননীয় শাখা প্রবন্ধক মহোদয়, ভাৰতীয় ষ্টেট বেংক_______

তাৰিখঃ-

বিষয়ঃ- বেংক একাউন্ট অন্য শাখালৈ স্থানান্তকৰনৰ বাবে আবেদন।

মহোদয়,

সন্মান পূর্বক বিনীত নিবেদন এই যে মই আপোনাৰ বেংকৰ ১২৩৪৫৬৭৮৯০ নং একাউন্টৰ পৰা এগৰাকী নিয়মীয়া গ্রাহক। মোৰ ব্যক্তিগত বিশেষ কাৰণবশত মই আপোনাৰ শাখাৰ পৰা মোৰ একাউন্টখন _____শাখালৈ ____IFSC Code_____ স্থানন্তৰিত কৰিব বিচাৰিছো। গতিকে মহোদয় দয়া কৰি মোৰ একাউন্টখন স্থানান্তৰিত কৰনৰ বাবে ব্যৱস্থা গ্রহণ কৰে যেন। এয়ে মোৰ মহোদয়ৰ ওচৰত সৰল গোহাৰি।

ইতি,

আপোনাৰ বিশ্বাসী

নাম_____

চহী____

ঠিকনা_____

আৰু পঢ়ক-

1 thought on “আবেদন পত্র লিখাৰ নিয়ম | PDF Application Writing In Assamese”

Leave a Comment