পুত্রৰ লগত মা’ৰ আৰু ল’ৰাৰ লগত দেউতাৰ চেহেৰাৰ মিল থাকিলে কি হয় ?

WhatsApp Follow

যদি কোনো যুৱতীৰ চেহেৰা তেওঁৰ দেউতাকৰ লগত মিলে, আৰু কোনো যুৱকৰ চেহেৰা তেওঁৰ মাকৰ লগত মিলে তেতিয়া সামুদ্ৰিক শাস্ত্ৰৰ মতে ইয়াৰ অৰ্থ কি হয় । সামুদ্ৰিক শাস্ত্ৰত বিভিন্ন কথা উল্লেখ আছে । প্ৰাচীন কালত ল’ৰা ছোৱালী বিয়াৰ বাবে সামুদ্ৰিক শাস্ত্ৰৰ সহায় লোৱা হৈছিল । সামুদ্ৰিক শাস্ত্ৰৰ অনুসৰি মানুহৰ চেহেৰা আকাৰে তেওঁৰ বিষয়ে বহুত কিবাকিবি ক’ব পাৰে । সেই বাবে এই আর্টিকেলটো সম্পূর্ণ পঢ়িব – ( Assamese Fact )

১/ সামুদ্ৰিক শাস্ত্ৰৰ অনুসৰি যি ব্যক্তিৰ মূৰৰ আকাৰ বেছি ওখ তেনে ব্যক্তিয়ে সকলো সুখ সুবিধা লাভ কৰে । যি ব্যক্তিৰ মূৰৰ আকাৰ মধ্যমীয়া তেওঁলোকে পইচা -পাতি সহজে লাভ কৰিব পাৰে । আনহাতে যি ব্যক্তিৰ মূৰৰ আকাৰ আনতকৈ বেলেগ আৰু ডাঙৰ তেনে ব্যক্তিয়ে জীৱনত বহুত কষ্ট সহ্য কৰিব লগা হয় ।

২/ এতিয়া জানো আহঁক চেহেৰাৰ আকাৰৰ বিষয়ে । ডিমৰ দৰে আকাৰৰ চেহেৰা যি ব্যক্তিৰ হয় তেওঁলোক আকৰ্ষণীয় হয়, আৰু যাৰ লগত সম্পৰ্ক স্থাপন কৰে তাক এৰিব নিবিচাৰে । এওঁলোকৰ সোনকালে খঙ উঠে । দ্বিতীয়তে গোল মুখৰ চেহেৰাৰ ব্যক্তি সকল বহুত বুদ্ধিয়ক হয় আৰু খঙালো হয় । এনেধৰণৰ মহিলাসকলে নিজৰ মতে বেলেগক কাম কৰাব বিচাৰে । লগতে এওঁলোক ভাগ্যশালী হয় আৰু নিজৰ প্ৰসংশা শুনি ভাল পায় । তৃতীয়তে দীঘলীয়া মুখৰ চেহেৰাৰ ব্যক্তি সকলে নিজৰ মতে কাম কৰি ভাল পায় । এওঁলোকে কলা জগতটো নাম কমাব পাৰে ।

আৰু পঢ়ক-

৩/ শাস্ত্ৰৰ অনুসৰি যি পুৰুষ বা যুৱকৰ চেহেৰা মাকৰ লগত মিলে তেওঁ বহুত দীৰ্ঘদিন জীয়াই থাকে আৰু বহুত সুখ সুবিধা লাভ কৰে । আনহাতে যি যুৱতী বা মহিলাৰ চেহেৰা দেউতাকৰ লগত মিলে সেই মহিলাগৰাকী বহুত ভাগ্যশালী হয় । এনেকুৱা মহিলা যিখন ঘৰলৈ যায় সেইখন ঘৰলৈ সুখ আৰু শান্তি আহে । এনেকুৱা মহিলাই‌ কেতিয়াও কাকো‌ দুখ নিদিয়ে ।

1 thought on “পুত্রৰ লগত মা’ৰ আৰু ল’ৰাৰ লগত দেউতাৰ চেহেৰাৰ মিল থাকিলে কি হয় ?”

Leave a Comment