সঁচা প্রেম নে টাইম পাছ | জানক এই ৫ টা কথাৰে।

প্ৰেম হৈছে এক স্বর্গীয় অনুভূতি, সকলোৰে জীৱনলৈ এবাৰ নহয় এবাৰ প্ৰেম আহে।মানুহৰ জীৱনত ধন সম্পত্তি, ঐশ্বর্য বিভূতিৰ দৰে প্ৰেম হৈছে এক অমূল্য সম্পদ, যাক লৈ ব্যক্তিবিশেষ সুখী থাকে, বহুজনৰে সফলতাৰ আঁৰত লুকাই থাকে প্রেম ভালপোৱা৷ এই সঁচা প্ৰেম ভালপোৱাই মানুহৰ মন মগজুক সাহসী কৰি সৃষ্টিশীল কৰি তোলে, আকৌ এই প্রেম ভালপোৱাত আউল লাগিলে কিন্তু বহুজনৰ জীৱন বিপদাপন্ন হৈ পৰে।

সেয়েহে আহক কথা পাতো ৫ টা বিষয়ৰ ওপৰত। আপুনি যদি এই পাঁচটা কথা জানে তেনেহলে আপুনি অতি সহজে জানিব পাৰিব আপুনি যে প্রেম কৰি আছে সেয়া সঁচা নে মিছা।

১. যি প্রেমত প্রেমিক প্রেমিকাই ইজনে সিজনৰ অনুভৱ (feelings) বোৰক সন্মান নকৰে তেনে প্রেম এক নাটকীয় প্রেম, যাৰ কোনো ভাল ভৱিষ্যত নাথাকে৷ যদি আপোনাৰ সুখ শান্তি আপোনাৰ মনৰ হাবিয়াস আপোনাৰ ইচ্ছাক আপোনাৰ সংগীয়ে কেতিয়াও গুৰুত্ব নিদিয়ে তেন্তে এই প্রেম কেতিয়াও স্বর্গীয় নহয়।

২. প্রেমিক প্রেমিকাই যদি তেওঁলোকৰ ব্যক্তিগত কথা ইজনে সিজনক শ্বেয়াৰ কৰিবলৈ টান পায় তেন্তে জানিব কিবা কেণা আছে এই প্রেমত। এনেধৰণৰ প্ৰেমিক প্রেমিকা এখন কাল্পনিক পৃথিৱীত বাস কৰে য’ত বেছিখিনি কথাই কাল্পনিক আৰু বহুখিনি মিছা৷ এনে প্রেম কেতিয়াও সার্থক নহয় এয়া টাইম পাছ প্ৰেমহে, সেয়েহে এনে প্রেমৰ পৰা সাৱধান হোৱা উচিত।

৩. অপৰিকল্পিত প্রেমক সদায় নাটকীয় বা সময় অতিবাহিত প্ৰেম ৰূপে আখ্যা দিয়া হয়।অর্থাৎ এনে ধৰণৰ প্ৰেমিকে কোনোদিনে ভৱিষ্যতে তেওঁলোকৰ সম্বন্ধ বা প্ৰেমৰ কোনো কথাই চিন্তা নকৰে বা আপোনাৰ পৰাও শুনিব নিবিচাৰে ৷ আৰু আপুনিও সম্পৰ্কটোৰ ভবিষ্যতৰ বিষয়ে তেওঁৰ সৈতে আলোচনা কৰিব বিচাৰিলে তেওঁ খুব চতুৰতাৰে বিষয়টো আঁতৰাই চলে৷ সেয়ে কোৱা হয় পৰিকল্পনাহীন প্রেম কচু পাতৰ পানী মাত্র, এইটো ধ্রুব সত্য যে অপৰিকল্পিত প্ৰেমৰ পৰিণতিৰ কোনো নিশ্চয়তা নাথাকে।

আৰু পঢ়ক…

৪. টাইম পাছ কৰা প্ৰেমত মনৰ ভালপোৱাৰ গাঢ়তা খুব কম, এনে প্ৰেমৰ ক্ষেত্ৰত মনৰ ভালপোৱাতকৈ শৰীৰৰ ভালপোৱাই হে প্রাধান্য পাই৷ কিন্তু সঁচা ভালপোৱাত মন আৰু শৰীৰৰ ভালপোৱা সমানুপাতিক দিশত অৱস্থান কৰে, অৰ্থাৎ আপোনাৰ দুখৰ সময়ত বা আপোনাৰ বেয়া দিনত আপোনাৰ সংগী সমভাগী হোৱাৰ পৰা দূৰৈত থাকিব বিচাৰে মাত্ৰ তেওঁৰ শাৰীৰিক সুখ সম্ভোগৰ বাবেহে তেওঁ আপোনাক বিচাৰি থাকিব ৷ সেয়ে কোৱা হয় এনে প্ৰেমৰ কোনো নিশ্চয়তা নাথাকে আৰু যিদিনাই আপোনাতকৈ ধুনীয়া শৰীৰৰ সান্নিধ্যলৈ তেওঁ আহিব সিদিনাৰ পৰাই তেওঁ আপোনাক সৰু অজুহাত লৈ ব্রেক আপ দিব বা লাহে লাহে আঁতৰি যোৱাৰ কু-অভিসন্ধি ৰচনা কৰিব।

৫. চিকিৎসা বিজ্ঞানৰ মতে মানুহ যেতিয়া এটি সঁচা প্ৰেমৰ সম্পৰ্কত থাকে তেতিয়া ইজনে সিজনক সঘনাই লগ পোৱাৰ প্ৰৱণতা বৃদ্ধি পায় মগজুত ক্ষৰণ হোৱা ৰাসয়নিক দ্ৰৱ্য ‘দোপামিন’ ক্ষৰণ হোৱাৰ বাবে, এই ৰাসায়নিক দ্রব্য ক্ষৰণৰ লগে লগে ভালপোৱা জনলৈ খুব মনত পৰে আৰু কাষতে পোৱাৰ হাবিয়াস আহে। এই কথাই এইটো প্রমাণ কৰে যে প্ৰেমৰ গাঢ়তা নথকা বাবেই আপোনাৰ সংগী আপোনাক আঁতৰি থাকিব পাৰে।