[1000+] Assamese Status & Quotes

বন্ধু-বান্ধৱী সকল আজি আমি এই আর্টিকেলটোৰ জড়িয়তে কেইটামান Assamese Status & Quotes লিখিম আশা কৰোঁ এই Assamese Status & Quotes বা অসমীয়া ষ্টেটাছ সমূহ আপোনালোকৰ ভাল লাগিব।

১/
এটা কথা মনত
ৰাখিবা আনক দুখ দি কেতিয়াও সুখী হবনোৱাৰা!
আনক কন্দুৱাই কেতিয়াও হাঁহিব নোৱাৰা !
আনক কষ্ট দি কেতিয়াও শান্তি নোপোৱা!

২/
অতীত ভয়ংকৰ হব পাৰে
কিন্তু সঠিক মানুহৰ লগত জীৱনটো আৰম্ভ কৰিলে
বর্তমান ভৱিষ্যত দুয়োটাই সুন্দৰ হ’ব।

৩/
জন্ম, মৃত্যু সকলো ঈশ্বৰৰ হাতত যদিও,
জন্মৰ পৰা মৃত্যু পৰ্য্যন্ত আপোনাৰ জীৱন যাত্ৰাত
যদি আপুনি এবাৰো মানসিকভাৱে মৃত্যু হ’ব লগা নহয়,
তেন্তে আপোনাতকৈ সুখী এই পৃথিৱীত কোনো নাই।

৪/
তুমি ধুনীয়া বাবেই মোৰ ভালপোৱাবোৰ গভীৰ নহয়,
মোৰ ভালপোৱাবোৰ গভীৰ বাবেই তুমি ধুনীয়া।
মোৰ এই গভীৰ প্ৰেমত তুমি যেন
এপাহি সুগন্ধি বিলোৱা ফুল।

৫/
শেষ বোৰ সদায় হাঁহি মুখে হ’ব লাগে
বেলেগ একো নহ’লেও জীৱনৰ প্ৰতি
আক্ষেপ নাথাকে।

৬/
জোৰ তেওঁকহে কৰা হয়,
যাক সঁচাকৈ ভাল পোৱা যায়।
নহ’লেটো এই পৃথিৱীত মিছা ভালপোৱা
অভাৱ নাই।

৭/
মাথো সাহসৰ হে কথা
আমাৰ প্ৰত্যেকৰে জীৱনত কিছুমান এনেকুৱা
কাহিনী থাকে যাৰ অন্ত আমি
নিজেই ঠিৰাং কৰো।

৮/
কাৰোবাৰ সপোন ভাঙি
নিজৰ সপোন সম্পূর্ণ হ’ব বুলি আশা নকৰিবা।

৯/
যিটো সম্পৰ্কত তোমাৰ কোনো গুৰুত্ব নাই,
সেই সম্পৰ্কৰ পৰা আঁতৰি অহায়ে ভাল,
দুদিনমান বেয়া লাগিব কিন্তু ভৱিষ্যত ভাল হ’ব।

Assamese Status

১০/
এটা সম্পৰ্ক কিমান বছৰ পুৰণি
সেইটো ডাঙৰ কথা নহয়
এই সম্পর্কটোত তুমি কিমান সুখী
সেইটোৱেই ডাঙৰ কথা।

১১/
প্ৰকৃত ভালপোৱা সেইটো হে য’ত
প্রিয়জন উভতি নাহে বুলি গম পাইও
অপেক্ষা কৰা যায়।

১২/
মই হাজাৰ জনক নিবিছাৰো
তুমি কেৱল মোৰ হৈ থাকা, মই দেখাই দিম
এজনকেই হাজাৰ ধৰনে ভাল পাব পাৰি.

১৩/
প্রিয় মানুহজন যদি
অভিমানৰ ভাষাটো বুজি পালে হয়,
তেনেহলে হয়তো আৰু কোনো সম্পর্কত
বিচ্ছেদ নহল হয়.

১৪/
তাৰ পিছত এদিন মায়া শেষ হৈ যাব,
এজনে মৰি যাব ভিতৰি ভিতৰি,
আনজনে বেলেগৰ লগত গৈ ভালে
থাকিব শিকি যাব।

১৫/
বহুত সাধাৰণ এজনক বিছাৰো,
যাৰ ওচৰত তাৰ পৰিয়ালৰ পিছতে থাকিব মোৰ।

১৬/
ভগৱানে বিছাৰিছিল বুলিয়ে তুমি হেৰাইছিলা,
পোৱাৰ সময় হ’লে আকৌ ভগৱানে দিব।

১৭/
কোনোবাই কয় মই বেয়া কোনোবাই কয় মই ভাল।
সঁচা কথা ক’বলৈ গ’লে যিয়ে যেনেকুৱা
তেওঁৰ ওচৰত মই তেনেকুৱা।

১৮/
এই স্বাৰ্থপৰ চহৰত খনত,
স্বাৰ্থ নোহোৱা কৈ ভাল পোৱা আৰু
প্ৰয়োজন নোহোৱাকৈ খবৰ লোৱা মানুহ
পাবলৈ ভাগ্য লাগিব।

১৯/
আগত কৈ বহুত মৌন হৈ গৈছো
ইয়াৰ পিছত হঠাৎ কৰি এদিন হেৰাই যাম।

২০/
জীৱনৰ সৰু সৰু সুখ আৰু
প্ৰাপ্তিবোৰেই জীয়াই থকাৰ একমাত্ৰ প্ৰেৰণা,
আশা আৰু সপোনবোৰৰ কি ভৰষা যি
ক্ষণে প্রতিক্ষণে সলনি হৈ থাকে।

২১/
আপোনাক লৈ পৃথিৱীখনৰ
যিমানেই অভিযোগ নাথাকক কিয়,
আপোনাৰ বাবে মা-দেউতা সুখী হ’ব লাগে মাথো

২২/
আপোনাৰ দুখ দেখি কোনোবাই হাঁহিলেও
আপোনাৰ হাঁহিটো কিন্তু আন কাৰোবাৰ দুখৰ কাৰণে
যাতে সৃষ্টি নহয় সেইটো সদায় মনত ৰাখিব।

২৩/
সকলো শেষ হৈ যোৱা যেন লগাৰ পিছতো
আপুনি যদি জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰে
তেন্তে আপোনাক কোনো হৰুৱাব নোৱাৰে।

২৪/
যিজনক দুচকু মুদি বিশ্বাস কৰিব পাৰে
তেওঁৰ লগত থকা সম্পর্কক গোপনে
ৰখাৰ প্ৰয়োজন নাই।

অসমীয়া ষ্টেটাছ

২৫/
মনত মাজত কিছুমান এনেকুৱা অনুভৱ থাকে
যিবোৰ কাৰোবাক ক’বও নোৱাৰি
আৰু ক’লেও বুজি নাপায়।

২৬/
জীৱনত জটিল সময়ৰ খুবেই প্রয়োজন
তেতিয়াহে সফলতাৰ প্ৰকৃত আনন্দ
উপভোগ কৰিব পাৰি।

২৭/
কেতিয়াবা একো কাৰণ নোহোৱাকৈও
সকলোৰে পৰা আঁতৰি গৈ অকলশৰে
থাকিবলৈ মন যায়।

২৮/
এটা কথা সদায় মনত ৰাখিব,
আমি কোৱা কথাবোৰে তথা আমি
আনক কৰা ব্যৱহাৰে মা-দেউতাই দিয়া
সংস্কাৰকো প্রতিনিধিত্ব কৰে।

২৯/
বহুত দিনৰ মূৰত কোনোবাই
খবৰ সুধিলেই গম পাই যাওঁ যে
কিবা কাম ওলাইছে।

৩০/
জীৱনটো মোৰ
গতিকে মানুহে কি ভাবিব মানুহে কি ক’ব
সেইবোৰ ভাবি সময় নষ্ট নকৰো।

৩১/
সকলোৱে মৃত্যুৰ দৰে এটা ডাঙৰ সত্য
পাহৰি যদি জীৱনৰ ৰং বিচাৰি ফুৰিব পাৰিছো,
তেন্তে পুৰণি কথাবোৰ পাহৰি আমি কিয়
জীৱনটোত আগুৱাব নোৱাৰিম।

৩২/
সেইবোৰ মানুহক তুমি একো কৰিব নোৱাৰা
যি মানুহে নিজৰ ভুল জনাৰ পিছতো
ভুল স্বীকাৰ কৰিব নিবিচাৰে।

৩৩/
প্ৰথমবাৰ ক্ষমা কৰি দিয়ক
দ্বিতীয়বাৰ আকৌ সুযোগ দিয়ক
তৃতীয়বাৰ আতৰি আহক।

৩৪/
এনে কিছুমান মানুহ আছে
যিয়ে আপুনি অকলে থাকিলে গুৰুত্ব নিদিয়ে।
তেতিয়াহে গুৰুত্ব দিয়ে যেতিয়া
তেওঁ অকলে থাকে।

৩৫/
সেইজন ব্যক্তিৰ মনটো বহুত ভাল
যিয়ে বাৰে বাৰে ঠগ খোৱাৰ পিছটো আনৰ
বেয়া হোৱাটো কামনা নকৰে।

৩৬/
জীৱনৰ পৰা তুমি সেইটো নোপোৱা
যিটো তুমি বিচাৰিছা, জীৱনৰ পৰা তুমি
সেইটো পাবা যিটোৰ বাবে তুমি উপযুক্ত।

৩৭/
তুমি যিমানেই সহজ সৰল হ’বা
তোমাক সিমানেই ঠগ-প্ৰবঞ্চনা কৰিব।

৩৮/
depression কোনো ধেমালি নহয়,
কিয়নো এনে সময়ত মুখেৰে হাঁহি থাকে
আৰু ভিতৰি মৰি যায়।

৩৯/
আজি কালি মিছা কথাতকৈ
সঁচা কথা ক’লে হে সম্পৰ্কবোৰ ভাগি যায়।

৪০/
মানুহে তোমাক হিংসা কৰিলেও
তুমি নিজৰ কৰ্ম কৰি যোৱা..
সময়ে ইয়াৰ প্ৰত্যুত্তৰ এদিন হ’লেও দিব।

৪১/
চিনাকী হোৱা সকলো মানুহে
মনত থাকে, কিন্তু কিছুমান মানুহলৈ
সদায় মনত পৰে।

Assamese Quotes

৪২/
লাগিলে খুব কম মানুহৰ লগত
সম্পৰ্ক গঢ়ক কিন্তু
সঁচা আৰু হৃদয়ৰ পৰা হ’ব লাগে।

৪৩/
আঁতৰি যোৱাবোৰ যাবলৈ দিয়ক
চাওকচোন আপোনাৰ জীৱনত
কি আৰু কোন কোন ৰৈ যায়।

৪৪/
কথাবোৰো একেই থাকে
সপোনবোৰো একেই থাকে
মাথো সময়ে কাষত থকা মানুহজনক
আঁতৰাই নিয়ে নতুবা তেওঁ নিজেই সলনি হৈ যায়

৪৫/
নাপাওঁ বুলি জনাৰ পিছতো
আপোনাক ভাল পাই থকাজনৰ
প্ৰেমহে প্ৰকৃত প্ৰেম অন্যথা
নিজৰ প্ৰয়োজনৰ আৰু স্বাৰ্থৰ বাবে
ভালপোৱাজনে একেবাৰেই আঁতৰি যায়।

৪৬/
সম্পৰ্ক এটাক আচলতে
একপক্ষীয়ভাবে কোনোবা এজনে
জোৰ কৰি জীয়াই ৰাখিব নোৱাৰি
ইয়াৰ কাৰণে দুয়োজনৰ সদ্দিচ্ছা আৰু
সৎ চেষ্টা থাকিব লাগিব

৪৭/
সকলোৰে বাবে সকলোৰে সময়তে
উপলব্ধ নহ’ব অন্যথা আপোনাৰ
গুৰুত্ব আৰু মূল্য দুয়োটাই কমি আহিব।

৪৮/
জীৱনত কেতিয়াবা হৰ্ঠাতে লগপোৱা
কিছুমান বিশেষ মানুহৰ সংস্পৰ্শই
জীৱনটো কিছু সুন্দৰ কৰি তোলে
কিছু সহজ কৰি তোলে।

৪৯/
কম ধুনীয়া মানুহৰ লগত হোৱা
ভালপোৱা সকলোতকৈ ধুনীয়া।

৫০/
নাৰীৰ গাত
হাত দিয়াটো পুৰুষত্ব নহয়,
বৰং সেই হাতেৰে নাৰীক সুৰক্ষা
কৰাটোহে পুৰুষত্ব।

৫১/
সময় কাৰো বাবে নৰয়
সেয়েয়ে কোনোবা আমাৰ লগত
আহক বা নাহক আমি কিন্তু কাৰোবালৈ
অপেক্ষা কৰি সময় নষ্ট কৰাতকৈ
সময়ৰ লগত আগবাঢ়ি যোৱাই ভাল

৫২/
উদ্দেশ্য সৎ আৰু মনটো পৰিস্কাৰ হ’লে
কোনোবা নহয় কোনোবা ৰূপত ভগৱানেও
আহি সহায় কৰি থৈ যায়।

৫৩/
যেতিয়ালৈকে দেহত প্রাণ থাকিব
তেতিয়ালৈ কষ্ট থাকিব, কষ্টক জয় কৰি
আগুৱাই যোৱাৰ নামেই জীৱন।

৫৪/
সৰু কালত কষ্ট পালে
চিঞৰী চিঞৰী কান্দিছিলো
যাতে সকলোয়ে শুনিব পাই আৰু এতিয়া
কষ্ট পালে লুকাই লুকাই কান্দো যাতে
কোনেও বুজিব নোৱাৰে।

৫৫/
মিছলীয়াৰ লগত কোনো বিষয়ত লিপ্ত নহবা,
কাৰণ সি তোমাক লৈ মানুহৰ ওচৰত এনেকুৱা মিছা ক’ব
যিটো তুমি কল্পনাও কৰিব নোৱাৰিবা।

৫৬/
ভৰিত লগা আঘাত বোৰে
সাৱধানে খোজ কাঢ়িবলৈ শিকায়,
আৰু মনত লগা আঘাত বোৰে
শক্তিশালী আৰু বুদ্ধিমান হৈ জীয়াই
থাকিবলৈ শিকায়।

৫৭/
এজন মানুহৰ জীৱনত যেতিয়া
বহুত কিবা কিবি অভিজ্ঞতা হৈ যায়,
তেতিয়া মানুহ মৌন হৈ যায়,
কাৰো লগত বেছি কথা পাতিব নিবিচাৰে
অকলে থাকিবলৈ বেছি পছন্দ কৰে।

৫৮/
কেতিয়াবা যদি কাৰোবাৰ প্রতি
ভালপোৱা বা ঘৃণা হৈ যায়,
তেনেহলে তাক কেতিয়াওঁ
পাহৰিব নোৱাৰি।

৫৯/
যিসকল মানুহৰ কাম নাথাকে,
সেই সকল মানুহে মানুহৰ দোষ খুচুৰি থাকে।
কাৰণ তেওঁ নিজেও একো নকৰে
আনকো কৰিব নিদিয়ে।

৬০/
তুমি মানুহৰ ক্ষতি কৰিবা,
নাভাবিবা যে তুমি জিকি গৈছা।
ভগৱান যেতিয়া তোমাৰ ক্ষতি কৰিব
তুমি তেতিয়া মানুহক ক’ব নোৱাৰিবা।

৬১/
কিছুমান মানুহ আছে
আপোনাৰ আগত ক’ব এটা, আৰু
আপোনাৰ পিছত ক’ব আন এটা
এনেকুৱা মানুহৰ পৰা দূৰত থকা উচিত।

৬২/
আপোনাৰ যদি টকা-পইচা আছে
তেনেহলে আপোনাক সন্মান কৰিব।
কাৰণ এতিয়া সন্মান কৰোতে জ্ঞানী চোৱা নহয়
টকা-পইচা চোৱা হয়।

৬৩/
ভাল সময়ে এটা
ভাল স্মৃতি দি যায়, আৰু
বেয়া সময়ে এটা ভাল শিক্ষা দি যায়।

৬৪/
Promise ৰ ওপৰত কেতিয়াওঁ নির্ভৰ
নকৰে তোমাৰ লগত কোন থাকিব
বা কোন নাথাকে।
নির্ভৰ কৰে মাথো আমাৰ ভাল-বেয়া
সময় আৰু পৰিস্থিতিয়ে।

৬৫/
চেহেৰা নহয় চৰিত্র ভাল কৰা,
কাৰণ তােমাৰ মৃত্যুৰ পিছত মানুহে
তেওঁ ধুনীয়া আছিল বুলি নকয়.
বহুত ভাল মনৰ মানুহ আছিল বুলিহে ক’ব।

৬৬/
যি বিলাক মানুহে আনে
কিবা এটা কৰা দেখিলে হাঁহে,
সেইবিলাক মানুহেই আচলতে জীৱনত
নিজে একো কৰিব নােৱাৰে।

৬৭/
কাৰাে পৰা জোৰ কৰি সময় নিবিচাৰিবা,
যাৰ ইচ্ছা থাকিব তেওঁ হাজাৰ ব্যস্ততাৰ মাজতাে
অলপ হলেও সময় দিব।

৬৮/
টকা পইচা সা সম্পত্তিক লৈ
বেছি অহংকাৰ নকৰিবা,
আজি মাটিৰ ওপৰত আছা
কাইলৈ মাটিৰ তলত থাকিবা।

৬৯/
মানুহে পৃথিৱীত সকলাে বস্তু দেখা পায়।
কিন্তু নিজৰ ভুল কেতিয়াও নেদেখে।

৭০/
মানুহে পৃথিৱীত সকলাে বস্তু দেখা পায়।
কিন্তু নিজৰ ভুল কেতিয়াও নেদেখে।

৭১/
হাতত ফুটা কড়ি এটা নথকাৰ দিনাও
লাখটকীয়া সপোন দেখা সাহস কেৱল
মধ্যবিত্ত সকলৰহে থাকে।

৭২/
জ্ঞানীজন ধনী নহ’লে আদৰ সন্মান নাপায়,
আৰু ধনীজন জ্ঞানী নহ’লেও আদৰ সন্মান পায়।
সমাজত দেখি থকা এক অনুভৱ।

৭৩/
জীৱনত আগুৱাই যাবলৈ হ’লে
আনৰ কথাবােৰ নুশুনাকৈ থকাই ভাল.
কাৰণ বেছিভাগ মানুহৰ কথাই মনবােৰ
দুর্বল কৰি তােলে।

৭৪/
জীৱনত কাকো ঠাট্টা নকৰিবা কাৰণ,
জীৱনটো এখন যাত্রীবাহী ট্ৰেইনৰ দৰে,
কাৰ যাত্রা ক’ত কেনেকৈ শেষ হয়
কোনেও নাজানে।

৭৫/
যিদিনাই আপুনি লাজ আৰু
ভয় শব্দ দুটাৰ পৰা প্রথম আখৰ কেইটা আতৰাই দিব
পাৰিব সেইদিনাই জয়লাভ কৰিব পাৰিব।

৭৬/
আৱেগৰ পথত নচলি
বিবেকৰ পথেৰে চলিবলৈ শিকা,
দেখিবা তুমি তােমাৰ জীৱনটো সুন্দৰকৈ
গঢ় দিবলৈ পাৰিছা।
কাৰণ পৃথিৱীৰ শ্ৰেষ্ঠ আদালত হৈছে
মানুহৰ বিবেক।

৭৭/
জীৱনত কাকো ইমান বেছিকৈ নিবিচাৰিব,
যে শেষত নিজেই অকলশৰীয়া হ’ব লগা হয়।
কাৰণ পৃথিৱীখন হ্নদয়েৰে নহয় নিজৰ
প্রয়ােজন মতেহে চলে।

৭৮/
আজিৰ দিনত কাকো খাতিৰ নকৰিব
আৰু কাৰাে তলত পৰি নাথাকিব,
কাৰণ আপুনি যিমানেই তল পৰি থাকিব
সিমানেই মানুহে আপােনাৰ লগত খেল
খেলিবলৈ সুবিধা পাব।

৭৯/
দুখীয়া ঘৰৰ ল’ৰা ছােৱালীয়ে গম পায়,
জীয়াই থকাটো কিমান কষ্টকৰ।

৮০/
কিছুমান মানুহক আমি যেনেদৰে ভাৱাে
তেনেকুৱা নহয়,
আমি ভৱাতকৈ বহুতেই বেলেগ।

৮১/
অভিমান আৰু খঙৰ আৰত
লুকাই থকা মৰম যিয়ে বুজিব নোৱাৰে
তেওঁ কেতিয়াও কাৰো আপোন
হ’ব নোৱাৰে।

৮২/
সুখৰ পোচাক পিন্ধা সৌভাগ্য
সকলোৰে ভাগ্যত নাথাকে,
যিদৰে সপোনবোৰ বাস্তৱ সকলোৰে
জীৱনত নঘটে।

৮৩/
এই পৃথিৱী যিবোৰ মানুহ
সহজ-সৰল আৰ ুআনক সহজতে
বিশ্বাসত লয়, সেইবোৰ মানুহেই পদে পদে
ঠক খাবলগীয়া হয়।

৮৪/
আনৰ ওপৰত সদায় ক’ম নির্ভৰশীল
হ’বা, তেনেহলে হে সুখী হ’বা।

৮৫/
আনে মোক কি ভাবে
বা কিমান গুৰুত্ব দিয়ে নাজানো।
কিন্তু বিহুতে নিজৰ টাইম পাছ কৰিবলৈহে
মোক মনত পেলোৱা বহুতবাৰ দেখিছো।

৮৬/
অভাৱে মানুহৰ চৰিত্র
নষ্ট নকৰে, অভাৱে মানুহক ধ্যর্য্যশিল
আৰু শক্তিশালি কৰি তুলে।

৮৭/
গাৰুত মূৰ ৰখাৰ
লগে লগে যাৰ টোপনি আহে,
তেওঁ পৃথিৱীৰ সকলোতকৈ
সুখী মানুহ।

৮৮/
সুন্দৰ সময়বোৰ
জীৱনলৈ দুনাই নাহিবও পাৰে,
কিন্তু সুন্দৰ সম্পৰ্ক আৰু সুন্দৰ মানুহৰ
হেৰুওৱা স্মৃতিবোৰ হৃদয়ত
চিৰদিনৰ বাবে থাকে।

৮৯/
কষ্ট সকলোৱে পায়,
বেয়া সকলোৰে লাগে কিন্তু
পার্থক্য এটায়ে যে কোনোবাই প্রকাশ কৰে,
আৰু কোনোবাই চুপ থাকে।

৯০/
কিছুমান মানুহে
মোক বহুত ভাল পায়,
কেৱল প্রয়োজনৰ সময়ত।

৯১/
যদি হেৰুৱাৰ ভয় আৰু
পোৱাৰ আশা নাথাকিলে হেঁতেন,
তেনেহলে না ভগৱান থাকিলে হেঁতেন,
না মানুহ প্রার্থনা কৰিলে হেঁতেন।

৯২/
যিয়ে আপোনাক দেখি
ভিতৰে ভিতৰে জ্বলে তেওঁলোকক
কেতিয়াওঁ ঘৃণা নকৰিবা,
কাৰণ তেওঁলোক সেই মানুহ
যিয়ে ভাবে তেওঁলোকতকৈ আপুনি
বহুত উত্তম।

৯৩/
মানুহৰ সকলো কথা
যদি মানি লোৱা তেতিয়া তুমি
সকলোৰে ওচৰত বহুত ভাল হ’বা,
আৰু যদি উচিত কথা কোৱা
তেতিয়া সকলো মানুহৰ ওচৰত
তুমি বেয়া হ’বা।

৯৪/
ডাষ্টবিনটো হাৰ মানি যায়,
কিছুমান মানুহৰ লেতেৰা
মানসিকতাৰ ওচৰত।

৯৫/
এটা কথা মনত ৰাখিব,
আপুনি কি বা আপোনাৰ কি আছে
তাৰ ওপৰত আপোনাৰ সুখ নির্ভৰ নকৰে!
আপোনাৰ সুখ নির্ভৰ কৰে
আপুনি কি চিন্তা কৰে তাৰ ওপৰতহে।

৯৬/
যদি শুনা যে মোৰ কোনোবাই
বদনাম গাই আছে, তেন্তে বুজি ল’বা
যে এদিন নিঃস্বার্থ ভাৱে উপকাৰ
কৰিছিলোঁ সেইজনৰ।

৯৭/
অতীতৰ ভূলৰ বাবে এতিয়া নাকান্দিবা,
কাৰণ সেই চকুপানীয়ে তোমাক বৰ্তমানৰ সৌন্দৰ্য্য
দেখা নোপোৱা কৰি তুলিছে।

৯৮/
যেতিয়া প্ৰতি টোপাল
চকুলোৱে উকা কাগজ তিয়াই পেলাব,
সঁচা প্ৰেমৰ পবিত্ৰতাই নতুন কবিতা ৰচিব।

৯৯/
আনৰ সুখৰ কাৰণ হওক
কিন্তু অংশীদাৰ নহ’ব,
আনৰ দুখৰ অংশীদাৰ হওক,
কিন্তু কেতিয়াও কাৰণ নহব।

১০০/
যিমানেই সুখী হোৱাৰ অভিনয় কৰি ৰাতি
নির্জনতাত নীৰৱে কান্দে সেইজনে ভালপোৱাৰ
অভিনয় কৰি কাকো কষ্ট দিব নোৱাৰে।
কাৰণ তেওঁ জানে কষ্ট কি।

১০১/
শাৰীৰিক চাহিদা পূৰাবলৈ মানুহৰ অভাৱ নাই,
কিন্তু এটা পবিত্ৰ সম্পৰ্ক জীয়াই ৰাখিবলৈ
যোগ্য মানুহৰ বৰ অভাৱ এই পৃথিৱীত।

১০২/
আনৰ সুখৰ বাবে নিজৰ মাজত
নিজক হত্যা কৰি জীয়াই থকাৰ অনুভৱ কেনে,
সেয়া কেৱল সেই আত্মহত্যাকাৰী জনেহে জানে।

১০৩/
কিছুমানে সুখ বিচাৰি কান্দে,
কিছুমানে দুখৰ বুকুত কান্দে,
আচৰিত এই জীৱনৰ পৰিক্ৰমা,
কিছুমানে বিশ্বাসৰ কাৰণে কান্দে,
আৰু কিছুমানে বিশ্বাস কৰি কান্দে।

১০৪/
যি হয় ভালৰ কাৰণে হয়,
সেই আশ্বাসলৈয়েইটো জীয়াই আছো,
অন্যথা ব্যৰ্থতা আৰু হতাশাবোৰে কেতিয়াবাই
হত্যা কৰি পেলালেহেঁতেন মোক।

১০৫/
মই আচলতে অহংকাৰী নহয়
কেৱল মাথো সেই মানুহবোৰৰ পৰা আঁতৰি আহো
যাৰ বাবে মই গুৰুত্বহীন।

১০৬/
মুখেৰে একো নকলেও
চকুৰ ভাষায় কয় আছে বহু অভিমান জমা,
এবাৰ কোৱানা আজিও মোক ভাল পোৱানে প্ৰিয়তমা।

১০৭/
মই এনে এজন মানুহ,
দুখৰ মাজতো
সুখৰ এখন মুখা পিন্ধি
সকলোকে হঁহোৱাই আছো।

১০৮/
কথা পাতিবলৈ এনেকৈ এৰি দিলা,
যে মই ইমান দিনে তোমাৰ বোজা হে হৈ আছিলো।

১০৯/
তোমাৰ প্ৰতিটো ষ্টেটটাছত
সদায় নিজকে বিচাৰিবলৈ চেষ্টা কৰো,
কিন্তু কিয় জানো প্ৰতিবাৰেই দেখোন বিফল হওঁ,
অচিনাকী কোনোবাই যেন
আজি মোৰ সেই ঠাই দখল কৰিছে।

১১০/
​সপোন হৈ আহিছিল এটি ধুমুহা
আহিয়েই যাবৰ হ’ল
সপোন হৈ আহিছিল এটি ধুমুহা
আহিয়েই যাবৰ হ’ল
স্মৃতিৰ সাগৰত উলংগ হৈ পৰি আছো
কাষত বাজি আছে ভূপেনদাৰ
মই এটি যাযাবৰ !
মই এটি যাযাবৰ !

১১১/
দুখবোৰ লুকুৱাই হাঁহিবলৈ শিকিলো,
এতিয়া সকলোৱে ভাবে
মই বহুত সুখত আছো।

১১২/
পৰিস্থিতিত বিচ্ছেদ হোৱা
প্ৰতাৰণা নহয়,
তোমাক কন্দুৱাই তেওঁ সুখী নহয়
নিৰ্জনতাত তোমাতকৈ বেছি কান্দে তেওঁ
মৌন ওঁঠত বিষাদৰ হাঁহি কঢ়িয়াই ফুৰে তেওঁ।

১১৩/
শুই উঠিয়েই আৰু ৰাতি শোৱাৰ সময়ত,
যিজনৰ কথা মনলৈ আহে,
সেইজনেই হয়তো আপোনাৰ জীৱনৰ সুখৰ কাৰণ,
নতুবা জীৱনৰ দুখৰ কাৰণ হয়।

১১৪/
প্ৰিয়জন ভাবি নহয়,
লাগিলে প্ৰয়োজন ভাবিয়েই আহা,
তথাপিও তোমাক নিৰাশ নকৰো দিয়া।

১১৫/
বিশ্বাস কৰা বা নকৰা কিন্তু এইটো সত্য যে,
তুমি যাৰ পৰা নিজকে দূৰত্বত ৰাখিব বিচাৰা,
সেই ব্যক্তিজনে এসময়ত তোমাৰ হৃদয়ৰ এক
বিশেষ ঠাই অধিকাৰ কৰিছিল।

১১৬/
মানুহবোৰো বৰ অদ্ভুদ,
জিয়াই থাকোতে কোনেও খবৰ নলয়
কেনেকৈ জীয়াই আছো,
মৰিলেই প্ৰথম প্ৰশ্ন ?
কেনেকৈ মৰিল!

১১৭/
তোমাৰ অবিহনে সকলোবোৰ শূণ্য
অনুভৱ কৰো শূণ্যতাৰে আৱৰা মোৰ হৃদয়ৰ কোঠা,
বুকুখনত বহুতেই বিষ হৈছে
তোমাক পাহৰি যোৱাৰ বিষ।

১১৮/
না আকাশ মোৰ আপোন
না তুমি মোৰ আপোন
হৃদয়ে মানি নলয় কিয়
তুমি মাথোঁ মোৰ দিবা সপোন।

১১৯/
জীৱনৰ আটাইতকৈ মৰ্মান্তিক
দৃশ্য সেইটোৱেই,
যেতিয়া চিনাকী মানুহবোৰৰ
অচিনাকী ৰূপবোৰ দেখে।

১২০/
তোমাৰ সুখৰ বাবে যদি তোমাক পাহৰি যাব লগা হয়,
তেন্তে মই পাহৰিবলৈ ৰাজি আছো।
পাহৰিব হয়তো কোনো দিনেও নোৱাৰিম,
কিন্তু পাহৰি থকাৰ অভিনয় কৰিব পাৰিম ঠিকেই।

১২১/
জনা নাছিলো মৰহি যাব ফুলৰ কলি!
ভবা নাছিলো পাহৰিবা বুলি এতিয়া বুজিলো
কিছুমান মানুহে সাগৰক পালে নদীক পাহৰিব পাৰে।

১২২/
মই নাথাকিলে যদি তোমাৰ জীৱনলৈ জোনাক আহে !
গান হৈ নিগৰে ওঠৰ ভাষা ন-সপোনে ওমলে
হিয়াৰ পাহিত গুচি যাম মই পৃথিবীৰ শেষ সিমালে
যন্ত্ৰনাৰ কোলাহলেৰে ভৰা এখন জীৰ্ণ ৰেলত উঠি !
দুহাতৰ মুঠিত লৈ তোমাৰ স্মৃতিৰ পাপৰি।

১২৩/
প্ৰেমত চকুৱোই হৃদয়ৰ ভাষা হয়।
সচাঁ ভালপোৱা সদায় নিৰব হয়
প্ৰেমত দুখ পালেও ভয় নকৰিবা
শুনিছো দুখত প্ৰেম গভিৰ হয়।

১২৪/
কেতিয়াও নুসুধিবা মোক মি তোমাক কিমান ভাল পাওঁ ?
মাথো জানিবা.. তুমি যিমান অনুভৱ কৰিব পাৰিছা
তাৎকৈ বহুত বেছি মই তোমাক ভালপাওঁ,
আৰু যিটো তুমি অনুভৱ কৰিব নোৱাৰিবা মই বুজাৱ পাৰিম !

১২৫/
কোনোৱে কয় ভালপোৱা নিচা হৈ পৰে,
কোনোৱে কয় ভালপোৱা শাস্তি হৈ পৰে,
কিন্তু যদিহে ভালপোৱা সঁচা হৃদয়েৰে হয় ,
তেন্তে ভালপোৱা জীয়াই থকাৰ কাৰণ হৈ পৰে।

১২৬/
প্ৰেম আৰু চিগাৰেট একেই,
কাৰণ দুয়োয়ে ওঁঠত আনন্দৰ জোৱাৰ তোলে সঁচা,
কিন্তু বুকুত এসাগৰ বিষো সৃষ্টি কৰে।

১২৭/
যি আজিলৈকে প্ৰেম কৰা নাই,
সি পিৰিতিৰ মৰ্ম কি বুজে,
পিৰিতিৰ কৰ্ম কি বুজে,
পিৰিতিৰ ধৰ্ম কি বুজে,
পিৰিতিৰ আলেখ-লেখ হৃদয়েৰে গঁঠা,
পিৰিতিৰ আলেখ-লেখ হৃদয়েৰে গঁঠা,
দিনে দিনে বাঢ়ে পিৰিতি
নয়ণে নয়ণে।

১২৮/
প্ৰেম আৰু চিগাৰেট একেই,
কাৰণ দুয়োয়ে ওঁঠত আনন্দৰ জোৱাৰ তোলে সঁচা,
কিন্তু বুকুত এসাগৰ বিষো সৃষ্টি কৰে।

১২৯/
মোক কোনো কাৰণ লৈ ভাল নাপাবা,
পাৰা যদি মোক মনৰ পৰা ভালপোৱা,
মই ময়েই, মোৰ তুলনা আনৰ লগত নহয়।

১৩০/
প্ৰেম ভাবি গুনি কৰা নহয়,
ই মাথো হৈ যায়,
যি কেৱল হৃদয়েহে বুজি পায়।

১৩১/
প্ৰকৃততে সেইসকলেহে প্ৰেমৰ কোমাল অনুভুতি বোৰক
অনুভৱ কৰিব পাৰে, যিসকলে প্ৰেমৰ কোনো প্ৰতিদান
নিবিছাৰে কেৱল মাথো ভাল পাবহে জানে।

১৩২/
এইমাত্ৰ মোৰ হৃদয়খনত হোৱা কঁপনিৰ বেঠা
তোমাক কেনেকৈ দেখুৱাওঁ,
হৃদয় কোনোবা এটা কোণত হোৱা
আঘাতৰ চিন তোমাক কেনেকৈ দেখুৱাওঁ,
চকুৰ লোতকত জানো মোৰ হৃদয়ত থকা
তোমাৰ ছবি মঁচ খাই যাব,
অসুস্হ হৃদয়ৰ থৰথৰণিত চকুৰ লোতক নোলাবই বা কিয়,
মোৰ হৃদয়ত তোমাৰ স্হান কি,
তোমাক কেনেকৈ দেখুৱাওঁ ?

১৩৩/
আবেগৰ বশৱৰ্তী হৈ কাৰোবাক
বিশ্বাস ঘটকতা কৰি কষ্ট দিয়াতকৈ,
নিজৰ ভুল উপলব্ধি কৰা বিশ্বাসঘাত
জনৰ কষ্ট বহুত বেছি।

১৩৪/
তুমি বিচাৰিলে আকাশৰ জোনটো আনি দিম,
তুমি ক’লে সাগৰো সাতুৰিম,
তুমি কান্দিলে চকুলো মচি দিম,
তুমি হাহিঁলে দাতকেইটা ঘোচিয়াই ভাঙি দিম।

১৩৫/
নাৰীয়ে যি কাপোৰেই পিন্ধক,
পুৰুষৰ দৃষ্টি লুভীয়া হ’লে উলংগ দেখিবই।
স্বামীয়ে যিমানেই উপার্জন নকৰক কিয়,
পত্নী লুভীয়া হ’লে অভাৱ হ’বই।

১৩৬/
তেল মাৰা স্বভাৱ নাই মোৰ
যি সঁচা তাকে চিধা-চিধি কোৱা মানুহ মই
তাত মোক কোনোৱাই ভালপায় বেয়াপায়
ঘেণ্টা মতলব নাই।

১৩৭/
জীৱনত কাৰোবাক পোৱাৰ পিছতো যদি
আৰু ভাল কাৰোবাক পোৱাৰ আশা কৰা,
তেতিয়া চাবা এদিন জীৱনৰ সকলোতকৈ মুল্যবান
বস্তুটোকে হেৰাই পেলাইছা।

১৩৮/
এজন মানুহৰ সকলো সৌন্দৰ্য তেওঁৰ ৰূপত নাথাকে।
থাকে তেওঁৰ আচৰণত, কথাত, মানসিকতাত।

১৩৯/
মানুহ সকলো সময়তে একে নাথাকে।
মানুহে কষ্ট পায়, মানুহে শিকে
অৱশেষত মানুহ সলনি হয়।

১৪০/
উশাবোৰ শেষ নোহোৱালৈকে
নিজৰ সৈতে যুজ কৰাৰ নামেই হ’ল জীৱন।

১৪১/
বিয়া ঘৰত খাবলৈ বহি
কেতিয়াও বেয়াকৈ নকবা, কাৰণ
এজন পিতৃয়ে সেই বিশেষ দিনটোৰ বাবেই
গোটেই জীৱন উপার্জন কৰে।

১৪২/
কিছুমান মধুৰ সম্পৰ্কৰ ভূলৰ বাবেই ভাঙি যায়,
এজনৰ খং, অভিমান আৰু মৰমবোৰ এজনে
যেতিয়া বোজা বুলি ভাবি লয়।

১৪৩/
পৰিস্থিতি যেনেকুৱাই নহওঁক কিয়,
সঁচা ভালপোৱা জনে কেতিয়াওঁ এৰি থৈ নাযায় !
কাৰণ এৰি যোৱা জনৰ বাবে সাধাৰণ এটা কাৰণেই যথেষ্ট।

১৪৪/
ভাল পোৱাতকৈ ভাল লাগি থকাই ভাল
হেৰুৱাব ভয় নাথাকে।

১৪৫/
সময়বোৰ এনেই অপব্যৱহাৰ নকৰিবা
ইয়াক সৎ কামত নিয়োজিত কৰা।
চাবা এদিন সুখৰ দিন আপোনাৰো আহিব।

১৪৬/
ভাগ্যত যিজন নাথাকে সেইজনেই
হৃদয়ত খোপনি পাতে।

১৪৭/
আশা কেৱল ভগৱানৰ ওচৰত ৰাখিব লাগে,
মানুহৰ ওপৰত ৰখাটো নিৰ্ভেজাল মূৰ্খামি !

১৪৮/
প্ৰিয় মানুহটোৰ প্ৰিয় হৈ থকাৰ ভাগ্য
সকলোৰে নাথাকে, মোৰো নাছিলে।

১৪৯/
মোৰ শূণ্যতাই তোমাক এদিন
নিঃশব্দে কন্দোৱাব।

১৫০/
পৰিশ্ৰম কৰিব লাগিব,
কষ্ট কৰিব লাগিব তেহে জীৱনটো সুন্দৰ হ’ব।

১৫১/
তুমি য’দি আগবাঢ়ি যাৱ বিচৰা,
পৃথিৱীত কোনো শক্তি নাই,
যিয়ে তোমাক বাধা দি ৰাখিব পাৰিব।

১৫২/
এজন মানুহে আন এজন মানুহক
কৰা শ্ৰদ্ধা আৰু নাৰীক কৰা সন্মানৰ পৰাই
অনুমান কৰিব পাৰি যে তেওঁৰ পাৰিবাৰিক
শিক্ষা বহুত বেছিয়ে ভাল।

১৫৩/
দেখিবলৈ ধুনীয়া হোৱাত কৈ Strong
হোৱাটো বেছি প্ৰয়োজনীয়।

১৫৪/
হহোঁৱাই থকা এজন দৰকাৰ,
কন্দুৱাই তো জীৱনটোৱেও আছে।

১৫৫/
সৰু সৰু সুখবোৰ বুকুত লৈ ফুৰো
সৰু সৰু কথাতে ছিৰিয়াছ হওঁ কি কৰিম ?
আমি বোৰ যে সৰু মানুহ,
আত্মসন্মানৰ দামবোৰ বৰ বেছি আমাৰ।

১৫৬/
আগৰ দিনৰ মানুহ বোৰ বেছি শিক্ষিত নাচিল সচাঁ !
কিন্তু তেওঁলোকে কেতিয়াও নিজৰ মাক দেউতাকক
বৃদ্ধ আশ্ৰমত থোৱা নাচিল।

১৫৭/
আনৰ চৰিত্ৰ খুচৰাৰ আগত নিজৰ চৰিত্ৰ 10 বাৰ খুচৰি চাবা,
কাৰণ ভাল মানুহে কেতিয়াও আনৰ
চৰিত্ৰ নোখোঁচৰে।

১৫৮/
জীৱন নামৰ নাটকখনত কোনো স্থায়ী নহয়
না কাহিনী, না চৰিত্ৰ, না সংলাপ, না পৰিবেশ, না সংগীত
এটাই মাত্ৰ সত্য যে ই এখন নাটক।

১৫৯/
কাৰোবাৰ অতীত চাই তেওঁৰ বৰ্তমানৰ
চৰিত্র বিচাৰ নকৰিব।

১৬০/
সচাঁ ভাল পাইছিলো বাবে আজিও অকলে আছো,
ভাল নোপোৱা হলে মইয়ো কিজানি বেলেগৰ লগত
Love anniversary পাতি থাকিলো হয় আজি।

১৬১/
ভীৰু আৰু দূৰ্বল মনৰ ব্যক্তিয়ে দৈহিক মৃত্যুৰ পূৰ্বেও
অনেকবাৰ মৃত্যু বৰণ কৰে।
সঁচা অন্তুৰৰ ব্যক্তিৰ কথা আৰু কামত সদায়ে
আত্মবিশ্বাসৰ সুৰ ফুটি উঠে।

১৬২/
আমাৰ কাহিনী ইমানেই আছিল,
তেওঁ মোক কেতিয়াও ভাল পোৱা নাছিল,
আৰু মই তেওঁক কেতিয়াও বেয়া পোৱা নাছিলো।

১৬৩/
প্ৰিয়জন জীৱনলৈ দেৰিকৈ আহক কোনো কথা নাই
কিন্তু সঠিক এজন অহাটো বিচাৰোঁ।

১৬৪/
দুখবোৰ খুলি ক’ব পৰা বিশ্বাসী কোনো নাই বাবেই,
আজি ডিপ্ৰেছন বোৰ বাঢ়ি যাব ধৰিছে।

১৬৫/
প্ৰিয়জনক বহুত বিশ্বাস কৰিলেও
তেওঁ ওপৰত অলপ সন্দেহ থাকিবই।
কাৰণ প্ৰিয়জন বেলেগৰ হোৱাটো কেতিয়াও
সহ্য কৰিব নোৱাৰি।

১৬৬/
এটা ল’ৰা আৰ্থিক ভাবে টনকিয়াল হোৱাটো
খুবেই দৰকাৰ কাৰণ ল’ৰাক টকা চাই
সন্মান দিয়ে চৰিত্ৰ চাই নহয়।

১৬৭/
পৃথিৱীত সকলো সলনি হ’ব পাৰে, কিন্তু মাʼৰ
মৰম কেতিয়াও সলনি নহয়,
মোৰ মা মোৰ বাবে পৃথিৱী।

১৬৮/
পৰাধীনতাৰ ৰঙীণ ছাতিটোৰ মূল্যতকৈ
স্বাধীন ৰং বিহীন ভঙা জাপিটোৰ মূল্য বহুত বেছি।

১৬৯/
সিদিনা উৰে নিশা সাৰে থকা কলিজাটোক সুধিছিলো
মোৰ পৰী জনী ক’ত ?
কলিজাটোৱে উচুপি উচুপি ক’লে,
উদাসী বনলৈ আৰু কেতিয়াও হৰিণী নাহে।

১৭০/
তোমাৰ কাষত অন্য কাৰোবাক দেখিলে
খং কৰাটো মোৰ তেওঁৰ প্ৰতি হিংসা নহয়,
এয়া তোমাক হেৰুৱাৰ ভয় হে মাথোঁ।

১৭১/
সেইজনী ছোৱালী টকাৰ প্ৰেমত কেতিয়াও নপৰে,
যিজনী ছোৱালীয়ে মাক দেউতাকৰ অভাৱ দেখি তাই
নিজৰ সৰু সৰু আমেজ‌ বোৰ ত্যাগ কৰে।

১৭২/
প্ৰিয়জনৰ পৰা বিচাৰি বিচাৰি সময় নলʼবা
ভালপোৱা যদি সচাঁ হয়,
হাজাৰ ব্যস্ততাৰ মাজতো সময় দিয়াৰ চেষ্টা কৰিব।

১৭৩/
প্ৰতিজনী ছোৱালীয়ে KTM DSLR নিবিচাৰে,
কিছুমানে দেউতাকৰ দৰে সৎ পথে উপাৰ্জন কৰা
চাইকেল খনেটো সুখী হোৱাৰ সপোন দেখে।

১৭৪/
সেইজনক ভালপোৱা যিয়ে তোমাক হেৰুৱাব
ভয় কৰে, তোমাৰ মনটোক বুজি উঠে, তোমাক গুৰুত্ব দিয়ে।

১৭৫/
প্ৰিয় মানুহজনক-মানুহগৰকীক কাষত পোৱাটো
সকলোৰে ভাগ্যত নাথাকে, যিয়ে পাই
তেওঁ সচাঁকৈ ভাগ্যবান হয়।

১৭৬/
সচা‍ঁই আচৰিত এই পৃথিৱী
কাৰোবাক নিজৰ বিফলতাৰ কাহিনী শুনাবলৈও
সফল হোৱাৰ প্ৰয়োজন।

১৭৭/
এজনী ছোৱালী নিজৰ ভৰিৰ ওপৰত থিয় হোৱাটো খুবেই জৰুৰী।
টকাৰ বাবে নহয়, তাইৰ নিজৰ আত্মসন্মানৰ বাবে।

১৭৮/
যিজনী ছোৱালীয়ে ঘৰৰ অভাৱ দেউতাকৰ কষ্ট বুজি পায়,
সেইজনী ছোৱালীয়ে ল’ৰাৰ জীৱনৰ
লগত কেতিয়াওঁ নেখেলে।

১৭৯/
এজনী বিশ্বাসী কʼলা ছোৱালী,
হাজাৰ হাজাৰ জনী ধুনীয়া ছোৱালীতকৈ বহুগুণে ভাল।

১৮০/
জীৱনলৈ বেয়া দিন আৰু বেয়া বন্ধু অহাটো খুবেই প্ৰয়োজন,
নহ’লেনো মুখা পিন্ধা ভদ্ৰ স্বাৰ্থপৰবোৰক
কেনেকৈ চিনি পাবা !

১৮১/
ছোৱালী বোৰে জীৱনত বহুত উপহাৰ পায়,
কিন্তু কোনো লʼৰাই দিয়া সন্মান ছোৱালীৰ
আটাইতকৈ ডাঙৰ উপহাৰ।

১৮২/
সেইজনক আপোন কৰি লোৱা,
যিয়ে সমাজৰ আগত তোমাক গ্ৰহণ
কৰিবলৈ লাজ নকৰে।

১৮৩/
তুমি যিমানেই চুটি চুটি কপোৰ নিপিন্ধা কিয়
ভালটো চাদৰ মেখেলা পিন্ধা কেইজনীক হে লাগে।

১৮৪/
বহু ছোৱালীৰ নিজস্ব সপোন থাকে যে
তাই নিজে নিজৰ ভৰিৰ ওপৰত থিয় হৈ নিজৰ লগতে
মাক দেউতাকৰ আধৰুৱা সপোন বোৰ পূৰণ কৰাৰ।

১৮৫/
এজনী ছোৱালীয়ে জীৱনত আটাইতকৈ
বেছি আশা কৰা বস্তুটো হৈছে এজন
কেয়াৰিং লাইফ পাটনাৰ পোৱা।

১৮৬/
ভাল সেইজনক পোৱা যিয়ে তোমাক পাই
দ্বিতীয় জনৰ কথা নাভাবে।

১৮৭/
জীৱনটোক লৈ তুমি যিমানেই যি সপোন নেদেখা কিয়
শেষত ভাগ্যত যি লিখা থাকে, সেয়াই হ’ব।

১৮৮/
তোমাক দামী দামী উপহাৰ দিবলৈ
মোৰ সামৰ্থ্য নাই কিন্তু ৫ টকীয়া সেন্দুৰ দি
ভালপোৱাৰ পূৰ্ণতা দিব পাৰিম।

১৮৯/
ব্যস্ত আছোঁ এইয়া মাথোঁ অজুহাত হে মাত্ৰ
প্ৰিয়জনৰ খবৰ ৰাখিবলৈ সময়ৰ নহয়,
প্ৰিয়জনৰ প্ৰতি গুৰুত্ব প্ৰয়োজন হয়।

১৯০/
বেলিটোও অকলশৰীয়া, কিন্তু সদায় পোহৰ দি থাকে !
আপুনিও আপোনাৰ কাষত কোনোবা থাকক বা নাথাকক
সদায় নিজকে সুখী আৰু সৰলতাৰে ৰাখক।

১৯১/
ৰূপৰ সৌন্দৰ্যতাৰ দ্বাৰা ব্যক্তি এজনৰ চৰিত্ৰ নিৰ্ধাৰণ কৰিব পৰা নাযায়।
ব্যক্তি এজনৰ মন, ব্যৱহাৰ, চিন্তা ধাৰাৰ দ্বাৰাই হে
এজন প্ৰকৃত ব্যক্তি চৰিত্ৰ নিৰ্ধাৰণ কৰাত সহায় কৰে।

১৯২/
ভাল পোৱাটো পাপ নহয়,
মানুবোৰ পাপী, ভালপোৱাই মানু্হক নকন্দুৱাই,
মানুহে মানু্হক কন্দুৱাই , ভালপোৱাই মানু্হক কষ্ট নিদিয়ে,
মানুহে মানু্হক কষ্ট দিয়ে, এইটোৱে বাস্তব।

১৯৩/
সেইজনৰ বাবে জীয়াই থাকিব শিকা,
যিজনে তোমাৰ বাবে মৰিবলৈ ও সাজু।

১৯৪/
বাৰে বাৰে নাহে সঁচা মৰম দিয়াজন জীৱনলৈ
সময় থাকোতেই গুৰুত্ব দিবলৈ শিকা।

১৯৫/
হাঁহিবলৈ টকা-পইচাৰ প্ৰয়োজন নাই,
কেতিয়াবা কাৰোবাৰ এষাৰ মাতেৰে অলেখ হাঁহি বিয়োপায়।

১৯৬/
প্ৰকৃত পুৰুষে নাৰীক দাসী ৰূপত নহয়,
ৰাণী ৰূপত চাবলৈ বেছি পছন্দ কৰে।

১৯৭/
দুখ সহ্য কৰিব পৰিলেও কেতিয়াও মিছা
কথা সহ্য কৰিব নোৱাৰি।

১৯৮/
এজনী ছোৱালীৰ আটাইতকৈ বেছি Attractive বস্তু হৈছে,
তেওঁৰ ব্যৱহাৰ আৰু কথা বতৰা বোৰ।

১৯৯/
কাৰোবাক ভুল বুজাৰ আগতে তেওঁৰ পৰিস্থিতিৰ
বিষয়ে বুজ লোৱাতো উচিত।

২০০/
ধনী ঘৰত জন্ম ল’লে জীৱনটো উপভোগ কৰিবা,
আৰু দুখীয়া ঘৰত জন্ম ল’লে জীৱন মানে কি বুজি পাবা।

২০১/
যাৰ কোনো শত্রু নাই
তেওঁ আঁচলতে অসৎ মানুহ,
কাৰণ অসৎ মানুহে মিছা কথা কয় !
আৰু সৎ মানুহে সচা কথা কয়
সেই বাবে সৎ মানুহৰ শত্রু বেছি।

Leave a Comment