শাওন মাহত এইসমূহ কামৰ পৰা বিৰত থাকক !

( Avoid these things in the month of Shaon ) আজিৰে পৰা আৰম্ভ হ’ল পৱিত্ৰ শাওন মাহ । পৱিত্ৰ এই কাৰণেই কোৱা হৈছে, কিয়নো মহাদেৱৰ এই মাহটো অতিকৈ প্ৰিয় । এই মাহটোতেই ভগৱান শিৱৰ বিশেষ পূজা কৰিলে বিশেষ সুফল পোৱা যায় বুলি লোকবিশ্বাস চলি আছে । এই মাহটোত মহাদেৱক সন্তুষ্ট কৰাটো অতি সহজ । লোকবিশ্বাস অনুসৰি শাওন মাহত ভোলানাথে কৈলাশ পৰ্বত এৰি পৃথিৱীত বিচৰণ কৰিবলৈ আহে । আৰু সেয়ে কিছুমান বিশেষ কাম নকৰিলে মহাদেৱ সন্তষ্ট হয় লগতে ভক্তৰ মনোবাঞ্ছা পূৰণ হয় ।

১) ৰাতিপুৱা গা ধুবলৈ নাপাহৰিব, শাওন মাহত পুৱা সোনকালে সাৰ পাই গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে । গোটেই শাওন মাহত ভোলেনাথক পানী আৰু বেল পাত আগবঢ়ালে ভাল ফল পোৱা যায় বুলি কোৱা হয় ৷

২) আমিষ খাদ্য নাখাব, শাওন মাহত পিঁয়াজ, নহৰু, মাছ-মাংস, কণী খাব নালাগে ।

৩) বিলাসীতাৰ পৰা আঁতৰি থাকক, শাওন মাহটো তপস্যা আৰু ধ্যানৰ মাহ, গতিকে এই মাহ বিলাসীতাৰ পৰা আঁতৰি থাকিব লাগে ।

৪) এই মাহটোত পাৰিলে দিন ভাগত শোৱা সময়টো পৰিহাৰ কৰক ।

৫) গাখীৰ সেৱন নকৰিব, শাওন মাহত গাখীৰ খোৱা উচিত নহয় । কিন্তু শিৱলিংগত গাখীৰৰে অভিষেক কৰিব লাগে ।

৬) নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক, কোনো নেতিবাচক চিন্তা বা বেয়া কথা মনলৈ আনিব নালাগে । যদি আপুনি শিৱৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে তেন্তে নিশ্চিতভাৱে এই মাহত আপোনাৰ পিতৃ-মাতৃ আৰু গুৰুসকলক সন্মান কৰক ।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

Leave a Comment